--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নেমু এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। তদুপৰি নেমুৰ ৰসত থকা অন্যান্য উপাদানসমূহ হ’ল কাৰ্বহাইড্ৰেট ১০.৮ গ্ৰাম, কেলচিয়াম ৮৮ মি:গ্ৰা:, পটাছিয়াম ১.৭৫ মি:গ্ৰা:, ক’পাৰ ০.৪৯ মি:গ্ৰা:, থায়মিন ০.১ মি:গ্ৰা: লগতে চাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগাই আহিছে।


বৰ্তমান সময়ত নেমু দিয়া চাহ বা ‘লেমন টী’য়ে যুৱপ্ৰজন্মৰ মাজত বাৰুকৈ জনপ্ৰিয়তা লাভ কৰিছে৷ চাহ, কফি নোখোৱা মানুহ খুব কমেই পোৱা যায়। আড্ডা দিবলৈ, ক্লান্তি দূৰ কৰিবলৈ, কামৰ আজৰিত চাহ-কফি খোৱাৰ তুলনা নাই। যিসকল স্বাস্থ্য সচেতন, তেওঁলোকে ‘গ্ৰীণ টি’ বেছি পছন্দ কৰে। বহুতে আকৌ আদা চাহ, নেমু চাহতেই মন। বহুতে পুৱা নেমু চাহ খায়। নেমু চাহ খালে, বমি বমি ভাব, মূৰৰ বিষ, ঠাণ্ডা লগা ইত্যাদি বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱা যায়। ইয়াৰ উপৰি এই চাহৰ আৰু উপকাৰিতা আছে।

যেনে- শাৰীৰিক দুর্বলতা, গর্ভাৱস্থা, কেমোথেৰাপি বা চিকিৎসাৰ পার্শ্ব প্রতিক্রিয়াৰ কাৰণে বহু সময়ত বমি বমি ভাব আহে। এই ক্ষেত্রত, নেমু চাহে মেজিকৰ দৰে কাম কৰে। নেমু চাহে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে। আদাই ৰক্ত সৰবৰাহ বৃদ্ধিত ভূমিকা ৰাখে। নেমুই শৰীৰৰ পৰা বিষাক্ত পদার্থ বাহিৰ কৰাত ভূমিকা ৰাখে। ইয়াৰ ফলত কিডনি, লিভাৰ আৰু অন্ত্রৰ নানা সমস্যা কমে। প্রতিদিনে পুৱা এই চাহ খালে শৰীৰত সজীৱতা অক্ষুণ্ণ থাকে। নেমুই শৰীৰৰ পৰা টক্সিন অৰ্থাৎ বিষাক্ত বৰ্জ্য পদাৰ্থসমূহ বাহিৰ কৰাত সহায় কৰে বাবে পাচনক্ৰিয়া উন্নত হয় আৰু শৰীৰ সুস্থ হৈ থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ