--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নেমু এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। তদুপৰি নেমুৰ ৰসত থকা অন্যান্য উপাদানসমূহ হ’ল কাৰ্বহাইড্ৰেট ১০.৮ গ্ৰাম, কেলচিয়াম ৮৮ মি:গ্ৰা:, পটাছিয়াম ১.৭৫ মি:গ্ৰা:, ক’পাৰ ০.৪৯ মি:গ্ৰা:, থায়মিন ০.১ মি:গ্ৰা: লগতে চাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগাই আহিছে।

বৰ্তমান সময়ত নেমু দিয়া চাহ বা ‘লেমন টী’য়ে যুৱপ্ৰজন্মৰ মাজত বাৰুকৈ জনপ্ৰিয়তা লাভ কৰিছে৷ চাহ, কফি নোখোৱা মানুহ খুব কমেই পোৱা যায়। আড্ডা দিবলৈ, ক্লান্তি দূৰ কৰিবলৈ, কামৰ আজৰিত চাহ-কফি খোৱাৰ তুলনা নাই। যিসকল স্বাস্থ্য সচেতন, তেওঁলোকে ‘গ্ৰীণ টি’ বেছি পছন্দ কৰে। বহুতে আকৌ আদা চাহ, নেমু চাহতেই মন। বহুতে পুৱা নেমু চাহ খায়। নেমু চাহ খালে, বমি বমি ভাব, মূৰৰ বিষ, ঠাণ্ডা লগা ইত্যাদি বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱা যায়। ইয়াৰ উপৰি এই চাহৰ আৰু উপকাৰিতা আছে।

যেনে- শাৰীৰিক দুর্বলতা, গর্ভাৱস্থা, কেমোথেৰাপি বা চিকিৎসাৰ পার্শ্ব প্রতিক্রিয়াৰ কাৰণে বহু সময়ত বমি বমি ভাব আহে। এই ক্ষেত্রত, নেমু চাহে মেজিকৰ দৰে কাম কৰে। নেমু চাহে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে। আদাই ৰক্ত সৰবৰাহ বৃদ্ধিত ভূমিকা ৰাখে। নেমুই শৰীৰৰ পৰা বিষাক্ত পদার্থ বাহিৰ কৰাত ভূমিকা ৰাখে। ইয়াৰ ফলত কিডনি, লিভাৰ আৰু অন্ত্রৰ নানা সমস্যা কমে। প্রতিদিনে পুৱা এই চাহ খালে শৰীৰত সজীৱতা অক্ষুণ্ণ থাকে। নেমুই শৰীৰৰ পৰা টক্সিন অৰ্থাৎ বিষাক্ত বৰ্জ্য পদাৰ্থসমূহ বাহিৰ কৰাত সহায় কৰে বাবে পাচনক্ৰিয়া উন্নত হয় আৰু শৰীৰ সুস্থ হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ