--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ অন্তিম দিনটোত প্রধান বিৰোধী দল কংগ্ৰেছে মূৰত ক'লা ৰঙৰ বন্ধ টোপোলা লৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰে হাতত জেওৰা-জপনা লৈ এ আই ইউ ডি এফে আৰু কংগ্ৰেছে ক'লা পোছাক পৰিধান কৰি প্ৰতীকী প্রতিবাদ সাব্যস্ত কৰাৰ পাছত আজি বিৰোধী দলটোৰ এই ব্যতিক্রমী প্রতিবাদে সকলোৰে দৃষ্টি আকর্ষণ কৰে।

ৰাজ্য চৰকাৰখনে মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ অসমবাসীক কোঙা কৰাৰ অভিযোগেৰে কংগ্রেছে এই প্রতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰে লোৱা ঋণক বোজা আকাৰে দাঙি ধৰিয়েই কংগ্ৰেছৰ বিধায়কসকলে প্রতীকী ৰূপত তাক টোপোলাৰূপে মূৰৰ ওপৰত লৈ সদনৰ ভিতৰত প্ৰৱেশৰ বাবেও চেষ্টা চলায়।

অৱশ্যে নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰাত বিধায়কসকলে টোপোলা লৈ বিধানসভাত প্ৰৱেশ কৰিব নোৱাৰিলে। আনহাতে এই প্রতীকী প্রতিবাদৰ নেতৃত্ব দিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, '১০ বছৰৰ পূৰ্বে ৰাজ্যখনৰ জনমূৰি ঋণ আছিল ১০,৭৬০ টকা। কিন্তু বিজেপিৰ বিগত ৯ বছৰীয়া কাৰ্যকালত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ ৪৭,৩২৪ টকা হৈছে। সেয়েহে চৰকাৰখনে ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি আমি মূৰত ঋণৰ টোপোলা লৈ প্রতিবাদ কৰিছোঁ।'

উল্লেখযোগ্য যে ঋণ লোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰখনে অভিলেখ সৃষ্টি কৰিছে। যোৱা বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ আছিল ১,৫০,৯০০ কোটি টকা। আনহাতে চলিত বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ ১,৭০,০০০ কোটি টকালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

আনহাতে আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰখনে ৩৬,১৮৫ কোটি টকাৰ ঋণ লোৱাৰ বাবে বাজেটত প্ৰস্তাৱ দাখিল কৰিছে। তথ্য অনুসৰি ২০১৬ চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ৪৭,৭৪৫ কোটি টকাৰ ঋণ লয়। কিন্তু ড° হিমন্ত বিশ্ব শর্মাই মুখমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত যোৱা তিনি বছৰৰ ভিতৰত লোৱা ঋণৰ পৰিমাণ হৈছে ৬১,১৯১ কোটি টকা। আনহাতে চৰকাৰখনে লোৱা এই ঋণৰ ধন হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰা হৈছে বুলি বিৰোধী পক্ষই দাবী কৰি আহিছে। যাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত এতিয়া দিনৌবৃদ্ধি পাইছে ঋণৰ বোজা।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ