--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ অন্তিম দিনটোত প্রধান বিৰোধী দল কংগ্ৰেছে মূৰত ক'লা ৰঙৰ বন্ধ টোপোলা লৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰে হাতত জেওৰা-জপনা লৈ এ আই ইউ ডি এফে আৰু কংগ্ৰেছে ক'লা পোছাক পৰিধান কৰি প্ৰতীকী প্রতিবাদ সাব্যস্ত কৰাৰ পাছত আজি বিৰোধী দলটোৰ এই ব্যতিক্রমী প্রতিবাদে সকলোৰে দৃষ্টি আকর্ষণ কৰে।

ৰাজ্য চৰকাৰখনে মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ অসমবাসীক কোঙা কৰাৰ অভিযোগেৰে কংগ্রেছে এই প্রতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰে লোৱা ঋণক বোজা আকাৰে দাঙি ধৰিয়েই কংগ্ৰেছৰ বিধায়কসকলে প্রতীকী ৰূপত তাক টোপোলাৰূপে মূৰৰ ওপৰত লৈ সদনৰ ভিতৰত প্ৰৱেশৰ বাবেও চেষ্টা চলায়।

অৱশ্যে নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰাত বিধায়কসকলে টোপোলা লৈ বিধানসভাত প্ৰৱেশ কৰিব নোৱাৰিলে। আনহাতে এই প্রতীকী প্রতিবাদৰ নেতৃত্ব দিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, '১০ বছৰৰ পূৰ্বে ৰাজ্যখনৰ জনমূৰি ঋণ আছিল ১০,৭৬০ টকা। কিন্তু বিজেপিৰ বিগত ৯ বছৰীয়া কাৰ্যকালত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ ৪৭,৩২৪ টকা হৈছে। সেয়েহে চৰকাৰখনে ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি আমি মূৰত ঋণৰ টোপোলা লৈ প্রতিবাদ কৰিছোঁ।'

উল্লেখযোগ্য যে ঋণ লোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰখনে অভিলেখ সৃষ্টি কৰিছে। যোৱা বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ আছিল ১,৫০,৯০০ কোটি টকা। আনহাতে চলিত বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ ১,৭০,০০০ কোটি টকালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

আনহাতে আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰখনে ৩৬,১৮৫ কোটি টকাৰ ঋণ লোৱাৰ বাবে বাজেটত প্ৰস্তাৱ দাখিল কৰিছে। তথ্য অনুসৰি ২০১৬ চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ৪৭,৭৪৫ কোটি টকাৰ ঋণ লয়। কিন্তু ড° হিমন্ত বিশ্ব শর্মাই মুখমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত যোৱা তিনি বছৰৰ ভিতৰত লোৱা ঋণৰ পৰিমাণ হৈছে ৬১,১৯১ কোটি টকা। আনহাতে চৰকাৰখনে লোৱা এই ঋণৰ ধন হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰা হৈছে বুলি বিৰোধী পক্ষই দাবী কৰি আহিছে। যাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত এতিয়া দিনৌবৃদ্ধি পাইছে ঋণৰ বোজা।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement