--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি বিধানসভাত বিধায়কৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। বিধায়ক শ্বেৰমান আলীলৈ চোঁচা ল’লে ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাত ভাষণৰ মাজতে সংঘটিত হয় এই ঘটনা। বিধানসভাত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে ৰূপজ্যোতি কুৰ্মীক বুজনি দিয়াৰ চেষ্টা নোমল মোমিনৰ। ইফালে এই হুলস্থূলীয়া পৰিৱেশৰ মাজতে ক্ষমা খুজিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অখিল গগৈৰ।

এই উত্তপ্ত পৰিস্থিতিৰ পাছত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলীয়ে কয়, “অসম বিধানসভাত আজি এয়া নজিৰবিহীন ঘটনা হ’ল। আজিলৈ এনে ঘটনা হোৱা নাই। অধ্যক্ষই যি শাস্তি দিব লাগিছিল নিদিলে। একেবাৰে লঘু শাস্তি দিলে। ৰূপজ্যোতি কুৰ্মীক গোটেই বছৰৰ বাবে নিলম্বন কৰিব লাগে।”

আনহাতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচৰাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে কয়, “মোৰ বিধানসভাত ২০ বছৰীয়া অভিজ্ঞতা হৈছে। চাহ জনগোষ্ঠীক লৈ নিজকে ৰজাঘৰীয়া বুলি ভবা অখিল গগৈ, দেৱব্ৰত শইকীয়াই ব্ৰিটিছৰ দৰেই নীতি লৈ অপমান কৰি আহিছিল। ধোদৰ আলিক লৈ মই বক্তব্য ৰাখিছিলোঁ। সেই সময়ত মাত মতাত মই খঙত যি কৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ