--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক বুধবাৰে দিল্লীৰ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে মালিকক ১০ লাখ টকাৰ জৰিমনা বিহিছে ন্যায়ালয়ে। তিহাৰ কাৰাগাৰত য়াছিন মালিকক কটকটীয়া নিৰাপত্তাৰ অধীনত ৰখাৰ ব্যৱস্থা কৰিছে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই। ইয়াছিন মালিকক তিহাৰ কাৰাগাৰৰ ৭ নম্বৰ বেৰেকত ৰখা হৈছিল আৰু এতিয়া তেওঁ তাতেই থাকিব। সমগ্ৰ দেশজুৰি য়াছিন মালিক চৰ্চিত হৈ পৰাৰ সময়তে তেওঁৰ প্ৰেম কাহিনীও পোহৰলৈ আহিছে।
২০০৫ চন।বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক তেতিয়া পাকিস্তানলৈ গৈছিল। তেওঁ কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰাৰ সমৰ্থন বিচাৰি পাকিস্তানলৈ গৈছিল। সেই সময়তে এটা অনুষ্ঠানৰ সময়ত মুছাল হুছেইন নামৰ যুৱতীগৰাকীয়ে প্ৰথমবাৰৰ বাবে য়াছিন মালিকৰ ভাষণ শুনিছিল। মুছাল মাকৰ লগত সেই অনুষ্ঠানলৈ গৈছিল। অনুষ্ঠানটোৰ শেষত তেওঁ য়াছিন মালিকৰ ওচৰলৈ গৈ কৈছিল ''আপোনাৰ ভাষণ শুনি মোৰ ভাল লাগিল''।তাৰ পিছত তেওঁলোকে হাত মিলাইছিল আৰু য়াচিনে মুছালক তেওঁৰ অটোগ্ৰাফ দিছিল। 

ইয়াৰপাছতে য়াছিনে কাশ্মীৰী আন্দোলনৰ সমৰ্থনত স্বাক্ষৰ অভিযানৰ বাবে বন্ধুৰ সৈতে যাবলৈ মুছালক কৈছিল। পাকিস্তানৰ পৰা উভতি অহাৰ এদিন আগতে য়াছিনে মুছালৰ মাকক ফোন কৰিলে। মুছালৰ মাতৃয়ে তেওঁক কৈছিল যে আমাৰ প্ৰাৰ্থনা আপোনাৰ লগত আছে। মাতৃৰ সৈতে কথা পতাৰ য়াছিনে ফোনটো মুছালক দিবলৈ ক’লে। য়াছিনে প্ৰথমে ইংৰাজীত, তাৰ পিছত উৰ্দু ভাষাত মুছালৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিছিল। 

মুছালে কৈছিল যে ''আৰম্ভণিতে মোৰ কিছু হাঁহি উঠিছিল। ইয়াৰ পিছত য়াছিনে মোক ইংৰাজীত 'আই লাভ ইউ' বুলি ক'লে। উত্তৰত মই তেওঁক সুধিলোঁ যে তেওঁ পাকিস্তান ভাল পায় নেকি? য়াচিনে কৈছিল ‘হয় পাওঁ, বিশেষকৈ তোমাক’। ওচৰত মা থকা বাবে মই অলপ নাৰ্ভাছ হৈছিলো। ইয়াৰ পিছত মই বেয়া নেটৱৰ্কৰ অভিনয় কৰি খিৰিকীৰ ওচৰলৈ আহিছিলো। তাৰ পিছত য়াছিনে পুনৰ নিজৰ প্ৰেমৰ কথা ক'লে। ইয়াৰপাছতেই মুছালে ফোনটো চুইচ অফ কৰি দিলে। তেওঁ কৈছিল- ''মই বাকৰুদ্ধ হৈ পৰিছিলো আৰু মোৰ মগজুৱে কাম কৰা নাছিল।'' 

আনহাতে য়াছিনে মুছালৰ সৈতে প্ৰথম সাক্ষাৎৰ কথা কয় যে– ''সেয়া আছিল প্ৰথম দেখাতেই প্ৰেম। মই তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে কেতিয়াবা বিয়া মই বিয়া পাতিলে এওঁকেই পাতিম।'' য়াছিন ভাৰতলৈ উভতি অহাৰ পিছত মুশালে তেওঁৰ সৈতে ফোন, মেছেজত কথা পাতিছিল। দুয়োৰে মাজত প্ৰেম বাঢ়ি আহিল। তাৰ পিছত পৰিয়ালটোক এই বিষয়ে অৱগত কৰাৰ পাল আহিল। 

মুছালৰ মাতৃয়ে যেতিয়া দুয়োৰে প্ৰেমৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁ কৈছিল যে তেওঁ ইয়াছিনৰ সংগ্ৰামক সন্মান কৰে, কিন্তু তেওঁ ভয় খাইছিল যে য়াছিন পুনৰ কাৰাগাৰত ভৰ্তি হ’ব পাৰে। পাছত হজৰ সময়ত য়াছিনৰ মাতৃয়ে মুছালৰ মাতৃক সাক্ষাৎ কৰে আৰু দুয়োৰে বিবাহ নিশ্চিত হয়। ২০০৯ চনৰ ২২ ফেব্ৰুৱাৰীত পাকিস্তানত দুয়োৰে বিবাহ হৈছিল।
 বিয়াৰ পিছত মুছালো কাশ্মীৰলৈ আহিছিল। বৰ্তমান তেওঁ কন্যা সন্তানৰ সৈতে পাকিস্তানত থাকে। উল্লেখ্য যে পাকিস্তানৰ এটা অতি আঢ্যৱন্ত পৰিয়ালৰ কন্যা মুছাল আনহাতে য়াচিন এটা অতি সাধাৰণ পৰিয়ালৰ সন্তান। দুয়োৰে মাজত আছে বয়সৰ বৃহৎ ব্যৱধান। য়াচিনতকৈ মুছাল ২০ বছৰৰ সৰু। য়াচিনৰ শাস্তি সম্পৰ্কত মুছালে কয় যে ''আমাৰ প্ৰতিজন কাশ্মীৰীৰ সিংহস্বৰূপ নেতা য়াচিন মালিকৰ বাবে আমি প্ৰাৰ্থনা কৰি যাম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনোৱাসকলৰ ভিতৰত সকলোতকৈ সাহসী য়াচিন মালিক।আমাৰ নেতাই কেতিয়াও আত্মসমৰ্পণ নকৰে।'' 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ