--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰীৰত পানীৰ অভাৱে ৰক্তসঞ্চালন, যকৃৎ আৰু বৃক্কত বহুতো প্ৰভাৱ পেলাব পাৰে। পানীৰ অভাৱত বহু অংগৰো ক্ষতিসাধন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি প্ৰতিদিনে আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ শৰীৰত পানীৰ অভাৱ হৈছে। যেনে-ছাল শুকান, কোষ্ঠকাঠিন্যৰ সমস্যা, মূৰৰ বিষ আৰু ভৰিৰ বিষ আৰু জঠৰতা। আজি আমি এই ৰোগৰ বিষয়ে জানো আহক।

পানীৰ অভাৱত হোৱা ৰোগ-
১. ইউটিআই সংক্ৰমণঃ-পানীৰ অভাৱত প্ৰথমে ইউটিআই সংক্ৰমণ হ’ব। দৰাচলতে পানীয়েই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখে। পি এইচ বেলেন্স বজাই ৰখাৰ লগতে শৰীৰৰ পৰা বিপজ্জনক বেক্টেৰিয়াও আঁতৰাই পেলায়। কিন্তু শৰীৰত পানীৰ অভাৱ হ’লে ই তিনিটা অংগক আটাইতকৈ বেছি প্ৰভাৱ পেলায়। অৰ্থাৎ ই মূত্ৰাশয়ৰ পৰা বেক্টেৰিয়া বাহিৰ কৰে। যাৰ বাবে আপোনাৰ জৰায়ুত সংক্ৰমণৰ কোনো আশংকা নাথাকে।

২. বৃক্কৰ পাথৰৰ সমস্যাঃ-পানীৰ অভাৱত বৃক্কৰ পাথৰৰ সমস্যাৰ সৃষ্টি হয়। আচলতে শৰীৰত পানীৰ অভাৱ হ’লে ই বৃক্কৰ কাৰ্যত যথেষ্ট প্ৰভাৱ পেলায়। বৃক্কত পোৱা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ নহ’লে পাথৰৰ ৰূপ লয়।

৩. কঁপনিঃ-শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱত কঁপনি হ’ব পাৰে। কম পানী খালে শৰীৰৰ বৈদ্যুতিক কাৰ্যত যথেষ্ট প্ৰভান্বিত কৰে। কাৰণ ইয়াৰ দ্বাৰা তেজৰ মাজেৰে খনিজ পদাৰ্থৰ পৰিবহণত যথেষ্ট প্ৰভাৱ পৰে। যাৰ বাবে ছ’ডিয়াম আৰু পটাছিয়াম মগজুত সঠিকভাৱে উপনীত নহয় আৰু মগজুৰ পৰা শৰীৰৰ মাজৰে সমন্বয় কাৰ্যত বিঘ্নিত হয়।

৫. নিম্ন ৰক্তচাপৰ সমস্যাঃ-BP কম হোৱাৰ সমস্যাই আপোনাক বহু সমস্যাত পেলাব পাৰে।যেতিয়া আপুনি পানী কমকৈ খায় তেতিয়া আপোনাৰ ৰক্ত সঞ্চালনত বহু পৰিমাণে প্ৰভাৱ পৰিব পাৰে। যাৰ ফলত তেজৰ গতি লেহেমীয়া হয়। 

৬. গাঁঠিৰ বিষৰ সমস্যাঃ-গাঁঠিৰ হাড়ৰ ঘঁহিনিৰ ফলত তাৰ মাজৰ আৰ্দ্ৰতা ক্ৰমান্বয়ে নোহোৱা হয়। যিটো শৰীৰত পানীৰ অভাৱৰ বাবে হয়। গতিকে পানীৰ নাটনি পৰিহাৰ কৰি দিনটোত ৮ গিলাচ পানী খোৱা উচিত। যাৰ গাঁঠি সুস্থ কৰি ৰখাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ