--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ম্যানমাৰৰ সামৰিক শাসকে অভ্যুত্থানৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰা নিৰস্ত্ৰ জনগণৰ ওপৰত যুদ্ধত ব্যৱহাৰ হোৱা অস্ত্ৰ প্ৰয়োগ কৰিছে। সামৰিক দমনৰ নৃশংসতাৰ এই তথ্য প্ৰকাশ কৰিছে এমনেষ্টি ইণ্টাৰনেচনেলে। ইয়াৰ জৰিয়তে পদ্ধতিগত আৰু পৰিকল্পিতভাৱে হত্যালীলা চলাই আছে দেশখনৰ সামৰিক জুণ্টা চৰকাৰে। ১ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ সময়ৰে পৰা দেশখনত এই অস্থিৰ অৱস্থা অব্যাহত আছে আৰু সেনাই প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতা অব্যাহত ৰাখিছে।

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত জেএনইউৰ হিংসাৰ বলি ঐশী ঘোষ

পাঁচ দশক ধৰি সামৰিক শাসনৰ তলত থকা দেশখনৰ গণতন্ত্ৰ অভিমুখী যাত্ৰা বাধাগ্ৰস্ত কৰি সেনাৰ এই অভ্যুত্থানে দেশখনত মানৱীয় সংকট সৃষ্টি কৰা বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। এমনেষ্টি ইণ্টাৰনেচনেলে আজি প্ৰকাশ কৰে যে, ‘সামৰিক বাহিনীয়ে ঘাতক কৌশল আৰু অস্ত্ৰ ব্যৱহাৰ কৰিছে যিবোৰ সাধাৰণতে যুদ্ধক্ষেত্ৰতহে ব্যৱহাৰ হোৱা দেখা যায়।

দেশৰ জনগণে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ সময়তে এই আক্ৰমণ চলোৱা হৈছে।’ সংস্থাটোৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত লগতে উল্লেখ কৰিছে যে, ‘এই সামৰিক দমনৰ ৫০টাৰো অধিক ভিডিঅ’ নিৰীক্ষণ কৰাৰ পাছত এমনেষ্টি ইণ্টাৰনেচনেলৰ ক্ৰাইছিছ এভিডেঞ্চ লেব নিশ্চিত হৈছে যে, সামৰিক বাহিনীয়ে পূৰ্ব পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অৱতীৰ্ণ হৈছে। প্ৰণালীবদ্ধ পৰিকল্পনাৰে ঘাতক বাহিনীক অধিক হাৰত ব্যৱহাৰ কৰিছে।’

আৰু পঢ়িব পাৰিব : মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

এনে বৰ্বৰতাৰ বাবেই ৬০ জনৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছে বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে। ইফালে, দেশজুৰি এনে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে জুণ্টা চৰকাৰৰ প্ৰত্যাহ্বান জনাইছে দেশখনৰ নৃগোষ্ঠীয় গৰিলা বাহিনীয়ে। দেশখনৰ উত্তৰপ্ৰান্তীয় ৰাজ্য কাছিনৰ নৃগোষ্ঠীয় গৰিলা বাহিনীয়ে এক চৰকাৰী প্ৰতিষ্ঠানত আক্ৰমণ চলায়। কাছিন পলিটিকেল মুভমেণ্টৰ সশস্ত্ৰ গোট কাছিন ইণ্ডিপেণ্ডেণ্ট আৰ্মীয়ে এই আক্ৰমণ চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ