--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ম্যানমাৰৰ সামৰিক শাসকে অভ্যুত্থানৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰা নিৰস্ত্ৰ জনগণৰ ওপৰত যুদ্ধত ব্যৱহাৰ হোৱা অস্ত্ৰ প্ৰয়োগ কৰিছে। সামৰিক দমনৰ নৃশংসতাৰ এই তথ্য প্ৰকাশ কৰিছে এমনেষ্টি ইণ্টাৰনেচনেলে। ইয়াৰ জৰিয়তে পদ্ধতিগত আৰু পৰিকল্পিতভাৱে হত্যালীলা চলাই আছে দেশখনৰ সামৰিক জুণ্টা চৰকাৰে। ১ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ সময়ৰে পৰা দেশখনত এই অস্থিৰ অৱস্থা অব্যাহত আছে আৰু সেনাই প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতা অব্যাহত ৰাখিছে।

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত জেএনইউৰ হিংসাৰ বলি ঐশী ঘোষ

পাঁচ দশক ধৰি সামৰিক শাসনৰ তলত থকা দেশখনৰ গণতন্ত্ৰ অভিমুখী যাত্ৰা বাধাগ্ৰস্ত কৰি সেনাৰ এই অভ্যুত্থানে দেশখনত মানৱীয় সংকট সৃষ্টি কৰা বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। এমনেষ্টি ইণ্টাৰনেচনেলে আজি প্ৰকাশ কৰে যে, ‘সামৰিক বাহিনীয়ে ঘাতক কৌশল আৰু অস্ত্ৰ ব্যৱহাৰ কৰিছে যিবোৰ সাধাৰণতে যুদ্ধক্ষেত্ৰতহে ব্যৱহাৰ হোৱা দেখা যায়।

দেশৰ জনগণে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ সময়তে এই আক্ৰমণ চলোৱা হৈছে।’ সংস্থাটোৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত লগতে উল্লেখ কৰিছে যে, ‘এই সামৰিক দমনৰ ৫০টাৰো অধিক ভিডিঅ’ নিৰীক্ষণ কৰাৰ পাছত এমনেষ্টি ইণ্টাৰনেচনেলৰ ক্ৰাইছিছ এভিডেঞ্চ লেব নিশ্চিত হৈছে যে, সামৰিক বাহিনীয়ে পূৰ্ব পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অৱতীৰ্ণ হৈছে। প্ৰণালীবদ্ধ পৰিকল্পনাৰে ঘাতক বাহিনীক অধিক হাৰত ব্যৱহাৰ কৰিছে।’

আৰু পঢ়িব পাৰিব : মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

এনে বৰ্বৰতাৰ বাবেই ৬০ জনৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছে বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে। ইফালে, দেশজুৰি এনে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে জুণ্টা চৰকাৰৰ প্ৰত্যাহ্বান জনাইছে দেশখনৰ নৃগোষ্ঠীয় গৰিলা বাহিনীয়ে। দেশখনৰ উত্তৰপ্ৰান্তীয় ৰাজ্য কাছিনৰ নৃগোষ্ঠীয় গৰিলা বাহিনীয়ে এক চৰকাৰী প্ৰতিষ্ঠানত আক্ৰমণ চলায়। কাছিন পলিটিকেল মুভমেণ্টৰ সশস্ত্ৰ গোট কাছিন ইণ্ডিপেণ্ডেণ্ট আৰ্মীয়ে এই আক্ৰমণ চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ