--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বাস কৰা হয় যে ধনতেৰছৰ দিনা ধনীয়া বীজ কিনি পূজা কৰিলে ঘৰত দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰৰ আশীৰ্বাদ সদায় বৰ্তি থাকে।

ডিজিটেল ডেস্ক: ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত ধনতেৰছ পৰ্বৰ বিশেষ মহত্ব আছে। দীপাৱলীৰ প্ৰাকক্ষণত পালন কৰা এই পৱিত্ৰ দিনটোত সোণ-ৰূপ, বাচন-বৰ্তন আৰু নতুন সামগ্ৰী ক্ৰয় কৰাৰ এক পুৰণি পৰম্পৰা চলি আহিছে। কিন্তু ইয়াৰ লগতে শেহতীয়াভাৱে ধনতেৰছত ধনীয়া বীজ ক্ৰয় কৰাৰ প্ৰচলনো অতি জনপ্রিয় হৈ পৰিছে।


বজাৰত সোণ বা আন দামী বস্তু কিনিব নোৱাৰা লোকসকলৰ বাবে ধনীয়া বীজ ক্ৰয় কৰাটো এক অতি শুভ আৰু সহজ বিকল্প হিচাপে বিবেচিত হৈছে। অসমীয়া তথা ভাৰতীয় শাস্ত্ৰ আৰু লোকবিশ্বাস অনুসৰি ধনতেৰছত ধনীয়া বীজ কিনি ঘৰলৈ অনাৰ কেইবাটাও বিশেষ তাৎপৰ্য আছে। 


ধনীয়া বীজ কিনিলে কি হয়? 


১) মা লক্ষ্মী আৰু কুবুৰ দেৱতাৰ কৃপা: বিশ্বাস কৰা হয় যে ধনতেৰছৰ দিনা ধনীয়া বীজ কিনি পূজা কৰিলে ঘৰত দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰৰ আশীৰ্বাদ সদায় বৰ্তি থাকে। ই ঘৰলৈ সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলি জনবিশ্বাস আছে।


২) সমৃদ্ধিৰ প্রতীক: ধনীয়া শব্দটো সংস্কৃতৰ 'ধন' শব্দৰ সৈতে জড়িত। বীজৰ অৰ্থ হৈছে বৃদ্ধি বা প্ৰসাৰণ। বিশ্বাস কৰা হয় যে যিদৰে মাটিত ধনীয়া বীজ সিঁচিলে সি অংকুৰিত হৈ বাঢ়ি আহে, ঠিক তেনেদৰেই ঘৰত ধনীয়া আনিলে পৰিয়ালৰ সুখ-সমৃদ্ধি আৰু ধন-সম্পত্তিও ক্ৰমে বৃদ্ধি পাবলৈ ধৰে।


৩) ঋণ মুক্তি আৰু স্থিৰতা: বহুতে বিশ্বাস কৰে যে নিয়মীয়াভাৱে এই নিয়ম পালন কৰিলে আৰ্থিক সংকট দূৰ হয় আৰু ব্যৱসায়-বাণিজ্যত উন্নতি লাভ কৰিব পাৰি।


এই নিয়ম কেনেকৈ পালন কৰা হয়?


১. ক্ৰয়: ধনতেৰছৰ দিনা বজাৰৰ পৰা অলপ শুকান ধনীয়া বীজ কিনি অনা হয়।

২. পূজা অৰ্চনা: দীপাৱলীৰ দিনা লক্ষ্মী-গণেশ পূজাৰ সময়ত এই ধনীয়া বীজখিনি দেৱীৰ চৰণত অৰ্পণ কৰি পূজা কৰা হয়।

৩. সংৰক্ষণ আৰু ৰোপণ: পূজাৰ পিছত অলপ ধনীয়া বীজ সেউজীয়া কাপোৰত বান্ধি আলমিৰাত (ধন ৰখা ঠাইত) মা লক্ষ্মীৰ আশীৰ্বাদ হিচাপে সংৰক্ষণ কৰা হয়। ইয়াৰে কিছু অংশ ঘৰৰ চোতালত বা অন্য পাত্ৰত সিঁচি দিয়া হয়, যাতে গছ গজি উঠে। গছজোপা ডাঙৰ হৈ অহাটো সমৃদ্ধিৰ শুভ লক্ষণ বুলি ধৰা হয়।


ধনতেৰছত সোণ-ৰূপ কিনাটো বাধ্যতামূলক নহয়। বিশ্বাস আৰু শ্ৰদ্ধাৰে ঘৰলৈ ধনীয়া বীজ আনি পূজা কৰিলে ঘৰত বিত্তীয় স্থিৰতা আৰু মংগল হয় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র