--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰাক্তন প্রধানমন্ত্রী হাছিনাই পদত্যাগ কৰাৰ পূৰ্বেই ছাত্ৰ প্ৰতিনিধিৰ হৈ সাংবাদিক শিশিৰে মহম্মদ ইউনুছক দেশখনৰ অন্তৰ্ৱতী চৰকাৰৰ মুৰব্বী পদৰ প্রস্তাৱ আগবঢ়াইছিল। শিশিৰৰ এই মন্তব্যই হাছিনা চৰকাৰক ওফৰাবই চলা ষড়যন্ত্রও উন্মোচন কৰিলে।

ডিজিটেল ডেস্ক: বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰখনক উৎখাত কৰাৰ বাবে ৰচনা কৰা হৈছিল গভীৰ ষড়যন্ত্র। আৱামী লীগৰ মুৰব্বী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত মহম্মদ ইউনুছ হঠাতে দেশখনৰ অন্তৰ্ৱতী চৰকাৰৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাটো আছিল সম্পূর্ণ পূর্ব পৰিকল্পিত। দেশখনৰ প্ৰাক্তন মুখ্য উপদেষ্টা ইউনুছৰ প্ৰাক্তন প্রেছ সচিব ছফিকুল আলমে এই বিস্ফোৰক তথ্য প্রকাশ কৰিছে। সামাজিক মাধ্যম 'ফে'চবুক'ত এটা প'ষ্টত আলমে কয় যে প্রাক্তন প্রধানমন্ত্রী হাছিনাই ঢাকা এৰি যোৱাৰ পূৰ্বেই ইউনুছ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হৈছিল।


এজেঞ্চি ফ্রেন্স প্ৰেছৰ ঢাকাস্থিত সাংবাদিক কুৱাদাৰুদ্দিন শিশিৰৰ জৰিয়তে দেশখনৰ প্ৰতিবাদী ছাত্র সমাজৰ নেতৃত্বই মহম্মদ ইউনুছৰ লগত যোগাযোগ কৰিছিল। দেশখনৰ শাসন ব্যৱস্থা সলনিৰ বাবে সাংবাদিক শিশিৰৰ জৰিয়তে ছাত্র নেতৃত্ব আৰু ইউনুছে অতি গোপনে আলোচনা অব্যাহত ৰাখিছিল। মাত্ৰ কেইজনমান অতি বিশ্বাসী লোকেহে ভিতৰুৱাকৈ কি ঘটি আছে সেয়া জানিব পাৰিছিল। 


প্ৰাক্তন প্রধানমন্ত্রী হাছিনাই পদত্যাগ কৰাৰ পূৰ্বেই ছাত্ৰ প্ৰতিনিধিৰ হৈ সাংবাদিক শিশিৰে মহম্মদ ইউনুছক দেশখনৰ অন্তৰ্ৱতী চৰকাৰৰ মুৰব্বী পদৰ প্রস্তাৱ আগবঢ়াইছিল। শিশিৰৰ এই মন্তব্যই হাছিনা চৰকাৰক ওফৰাবই চলা ষড়যন্ত্রও উন্মোচন কৰিলে। কাৰণ ইয়াৰ পাছতেই দেশখনত ছাত্র আন্দোলনে ভয়াবহ ৰূপ লয় আৰু প্রধানমন্ত্রী হাছিনাই পদত্যাগ কৰাৰ লগতে ভাৰতলৈ পলাই আহিবলৈ বাধ্য হয়। 


ইফালে, শেহতীয়াকৈ প্রাক্তন প্রধানমন্ত্রী হাছিনাৰে সু-সম্পর্ক থকা বাংলাদেশৰ বায়ু সেনাৰ এজন প্ৰাক্তন বিষয়াৰ মৃতদেহ উদ্ধাৰ হোৱাটোৱেও তাৎপর্য বহন কৰিছে। দেশখনৰ বায়ু সেনাৰ প্রাক্তন বিষয়া টাহছিফ ছৌৰিৰ মৃতদেহ ঢাকাৰ তুৰাগ নদীত উদ্ধাৰ হৈছে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু