--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিতা কেৰেলা খায় ভাল পায়নে?... বহুতৰে বাবে তিতা কেৰেলা অতি প্ৰিয় আৰু কিছুমানে তিতা কেৰেলা খায় বেয়া পায় ইয়াৰ তিতা গুণটোৰ বাবে। যাৰ নামেই তিতা কেৰেলা তাৰ সোৱাদ তিতা হোৱাটোৱেই স্বাভাৱিক। তিতা কেৰেলা সৰহকৈ পিঁয়াজ দি ভাজি খাবলৈ বৰ ভাল। বহুতে তিতা কেৰেলা বইল কৰি বইল নহৰু, বইল আলুৰ সৈতে পিটিকা কৰি তিতা কেৰেলাৰ সোৱাদ লয়। তিতা কেৰেলাৰ ইমান ঔষধী গুণ আছে যে শুনিলে আপুনি আচৰিত হৈ পৰিব।শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে তিতা কেৰেলা খাব লাগে। 

ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদৰ পুথিতো কেৰেলাৰ উল্লেখ আছে। এছিয়াত তিতা কেৰেলাৰ ব্যৱহাৰ বহু পুৰণি। আনহাতে এছিয়াৰ ভিতৰতে চীনত সৰ্বাধিক তিতা কেৰেলাৰ ব্যৱহাৰ হয়। তিতা কেৰেলা হ’ল এনে এবিধ সেউজ পাচলি য’ত কেলৰি কম অথচ ভিটামিন (বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে) আৰু খনিজ (মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ), ফাইটো নিউট্ৰিয়েণ্ট (বিটা-কেৰটিন, আলফা- কেৰটিন আৰু লিউচিন-জিয়াঝেনথিন) ইলেকট্ৰলাইট (প’টেচিয়াম আৰু চ’ডিয়াম) অঘোলনশীল ডায়টেৰী ফাইবাৰ থাকে৷ 

আহকচোন জানো তিতাকেৰেলাৰ উপকাৰিতাৰ বিষয়ে

১)তিতা কেৰেলা পাচনতন্ত্ৰ, ভোক নলগা, জ্বৰ আৰু চকুৰ ৰোগৰ বাবে উপকাৰী

২)কেৰেলা খালে কফ, জ্বলন, শ্বাসসম্বন্ধীয় সমস্যা আৰোগ্য হয়।

৩)মধুমেহ বা ডায়েবেটিজ ৰোগীৰ বাবে ই অতি উত্তম পথ্য। 

৪)তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটে শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷

৫)তেজৰ অপকাৰী কলেষ্টৰল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷

৬)তিতা কেৰেলাত থকা MAP-30 নামৰ এণ্টিভাইৰেল প্ৰটিনে এইচ আই ভিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷

৭)চৰ্মৰোগ চ’ৰিয়াচিচ আৰু একজিমাত তিতা কেৰেলা পিচি লগালে উপকৃত হয়৷

৮)সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয়৷

৯)ভিটামিন-কে থকা বাবে তেজ গোট মৰা সঠিকভাবে হয় আৰু হাঁড় মজবুট হয়৷

১০)চুলি অকালতে পকা ৰোধ কৰে৷ তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলি সৰা বন্ধ হয়৷

১১)মস্তিস্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷ নিদ্ৰা আৰু দৃষ্টি শক্তিৰ উন্নতি কৰে৷

১২)দূষিত তেজ আতৰাই বাত বিষৰ উপশম ঘটায়৷

১৩)হজমি শক্তি বঢ়ায় আৰু শৌচ খোলোচা কৰে৷

১৪)কৃমি পেলুৰ বিনাশ কৰে৷


১৫)এলাৰ্জি আৰু সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে৷

১৬)চকুৰ চৌদিশৰ ক’লা দাগ আতৰোৱাত সহায়ক৷

১৭)ঘাঁ শুকোৱাত সহায়ক৷

১৮)ছাল উজ্জ্বল আৰু মিহি কৰে৷

১৯)প্ৰস্ৰাৱ নিয়মীয়া কৰে৷

২০)মেদবহুলতা কমাবলৈ তিতা কেৰেলা সহায়ক৷

২১) কিডনিৰ পাথৰ নিষ্কাষনত উপযোগী তিতাকেৰেলা ৷

২২)তিতা কেৰেলা খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ দিশে আগবাঢ়ে৷

২৩)তিতা কেৰেলাই লিভাৰৰ টনিকৰ দৰে কাম কৰে৷ আভোক আাতৰায়৷

২৪)তিতা কেৰেলাই ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷

২৫)কাণৰ বিষ হলে তিনি দিন মান তিতা কেৰেলাৰ ৰস দিলে আৰোগ্য হয়৷

গতিকে তিতা কেৰেলাৰ সোৱাদ লওক আৰু নিজকে সুস্বাস্থ্যৱান হিচাপে গঢ়ি তোলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ