--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষত সম্প্ৰতি সাম্প্ৰদায়িকতাবাদৰ উজান উঠিছে। ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক উপলুঙা কৰি প্ৰত্যক্ষ ৰূপত শাসকীয় পক্ষৰ ছত্ৰছায়াত একাংশ হিন্দুত্ববাদী দল-সংগঠন তথা নেতাই দেশৰ পৰিস্থিতি ক্ৰমাৎ সাম্প্ৰদায়িক বিভাজনমুখী কৰি তুলিছে। মুছলমানসকলৰ প্ৰতি স্পষ্ট ৰূপত ভাবুকিৰ সৃষ্টি কৰি দেশত সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প ছটিয়াই আহিছে এই দল সংগঠনসমূহে। শাসনাধিষ্ঠ বিজেপি দলৰ মুকলি সমৰ্থন তথা আশীৰ্বাদপুষ্ট হৈ এই হিন্দুত্ববাদী সকলে নিতৌ সৃষ্টি কৰিছে এক অস্থিৰ পৰিস্থিতিৰ। 

শেহতীয়াকৈ এনে হিন্দুত্ববাদী একাংশ দল-সংগঠন তথা নেতা-নেত্ৰীয়ে মুকলিকৈ দিছে মুছলমানসকলক হত্যা আৰু ধৰ্ষণৰ ভাবুকি। মুছলমানসকলৰ বিৰুদ্ধে বৃদ্ধি পাই অহা এনে পৰিস্থিতিৰ প্ৰতিক্ৰিয়া স্বৰূপে পৰস্পৰ পৰিপূৰক ৰূপত স্বাভাৱিকতেই বৃদ্ধি পাইছে মুছলমান মৌলবাদো। দেশৰ সকলো মৌলিক সমস্যাৰ ঠাই লৈছে এতিয়া হিন্দু-মুচলিম, মন্দিৰ-মছজিদ বিতৰ্ক। ইয়াত প্ৰত্যক্ষভাৱে ইন্ধন যোগাইছে বিজেপি চৰকাৰে।

দেশত ভয়াৱহভাৱে বৃদ্ধি পাই অহা এনে সাম্প্ৰদায়িক আৱহাৱাৰ মাজতে উত্তৰ প্ৰদেশত এগৰাকী হিন্দুত্ববাদী নেত্ৰীৰ বিৰুদ্ধে মুছলমানসকলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে। আলিগড় আৰক্ষীয়ে ধৰ্মীয় শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত অখিল ভাৰত হিন্দী মহাসভাৰ ৰাষ্ট্ৰীয় সম্পাদক সাধ্বী অন্নপূৰ্ণা ওৰফে পূজা শকুন পাণ্ডেৰ বিৰুদ্ধে এই গোচৰ পঞ্জীয়ন কৰিছে।

আলিগড়ৰ আৰক্ষী অধীক্ষক কলানিধি নাইথানিয়ে জানিবলৈ দিয়া মতে পূজা শকুন পাণ্ডেৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত আইপিচিৰ ১৫৩এ/১৫৩বি/২৯৫এ/২৯৮/৫০৫ ধাৰাৰ অধীনত গান্ধীপাৰ্ক আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও পাণ্ডেৰ বিতৰ্কিত সাম্প্ৰদায়িক কাৰ্য আৰু মন্তব্যৰ বাবে আলিগড় আৰক্ষীয়ে যোৱা দুবছৰত দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছে যদিও দুয়োটা গোচৰতে জামিন লাভ কৰিছে। যোৱা বৰ্ষৰ শেষৰফালে উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত "ধৰম সংসদ" নামৰ এক অনুষ্ঠানত ঘৃণামূলক ভাষণৰ বাবে পাণ্ডেৰ লগতে আন একাংশ হিন্দুত্ববাদী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

দিল্লী আৰক্ষীয়েও দিল্লীত অনুষ্ঠিত "ধৰম সংসদ" সন্দৰ্ভত পাণ্ডেৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰিছিল। হৰিদ্বাৰ আৰু দিল্লীত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠানকেইটাত মুছলমান হত্যাৰ বাবে হিন্দু ধৰ্মাৱলম্বী লোকক মুকলিকৈ উচতনি যোগোৱাৰ লগতে মহাত্মা গান্ধীৰ বিৰুদ্ধেও নিন্দাসূচক ঘৃণনীয় মন্তব্য কৰা হৈছিল।

উল্লেখ্য যে পূজা শকুন নামৰ এই হিন্দুত্ববাদী নেত্ৰীগৰাকী  ২০১৯ চনত মহাত্মা গান্ধীক প্ৰতীকী ৰূপত হত্যাৰ ছবি প্ৰকাশ কৰি বিতৰ্কিত হৈ পৰিছিল। পূজাই মহাত্মা গান্ধীৰ পুত্তলিকাত গুলী চালনা কৰা ভংগীৰে ফটো তুলি সুযোগ পোৱা হ’লে গান্ধীক হত্যা কৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল। 

লগতে আলিগড়ত এক অনুষ্ঠানত গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ সমৰ্থনত শ্ল'গান দি হিন্দুত্ববাদী লোকসকলক উদ্বুদ্ধ কৰি তুলিছিল এইগৰাকী স্বয়ম্ভু নেত্ৰীয়ে। বাৰে বাৰে দেশৰ সংবিধান উলংঘা কৰি স্পষ্ট ৰূপত সাম্প্ৰদায়িকতাবাদৰ পোষকতা কৰা এইগৰাকী নেত্ৰী ইয়াৰ পিছতো কাৰ অনুগ্ৰহত এতিয়াও মুকলি আকাশৰ তলত সেয়া সহজেই অনুমেয়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ