--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত ৭৩ বছৰীয়া সুশীলা কাৰ্কীক শপতনামা পাঠ কৰোৱায়। পৰৱৰ্তী নিৰ্বাচনলৈকে অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব সুশিলা কাৰ্কীয়ে।

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। 


ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত ৭৩ বছৰীয়া সুশীলা কাৰ্কীক শপতনামা পাঠ কৰোৱায়। পৰৱৰ্তী নিৰ্বাচনলৈকে অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব সুশিলা কাৰ্কীয়ে। অৱশ্যে সুশীলা কাৰ্কিৰ ভাবমূর্তি হয়তো পৰিষ্কাৰ আছিল যদিও স্বামীৰ অতীত আছিল বিতর্কিত বিষয় ৷


সুশিলা কাৰ্কীৰ স্বামীৰ নাম নেতা দুৰ্গা প্ৰসাদ সুবেদী। উত্তৰ প্ৰদেশৰ বাৰাণসীস্থিত বানাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ)ত অধ্যয়ন কৰি থকা অৱস্থাত সুশিলা কাৰ্কীয়ে তেওঁক লগ পাইছিল। 


বিশেষ কথাটো হ’ল, ৫২ বছৰ পূৰ্বে নেপালৰ প্ৰথমটো বিমান হাইজেকৰ লগত জড়িত আছিল সুবেদী। সুশীলা কাৰ্কীৰ স্বামীয়ে হাইজেক কৰা বুলি অভিযোগ উত্থাপন কৰা বিমানখনত আছিল এগৰাকী সুন্দৰী বলীউডৰ অভিনেত্ৰী। হয়, পিয়াছা আৰু গীতৰ দৰে ছবিত অভিনয় কৰা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মালা সিনহাও আছিল হাইজেক কৰা বিমানখনত ।


হাইজেকৰ ঘটনা


কাহিনীটো ৫২ বছৰ আগৰ। নেপালৰ বিৰাটনগৰৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল এখন বিমান। সেই বিমানখন ১৯৭৩ চনৰ ১০ জুনত হাইজেক কৰা হৈছিল।সেই বিমানত চৰকাৰৰ ৩০ লাখ টকা আছিল। কানাডাত নিৰ্মিত ১৯ জনীয়া টুইন অটাৰ বিমানখন হাইজেক কৰে নেপালী কংগ্ৰেছৰ তিনিজন সদস্যই। বিমানখনত থকা যাত্ৰীসকলৰ ভিতৰত নেপালৰ অভিনেতা দম্পতী চি পি লোহানী আৰু ভাৰতৰ মালা সিনহাও আছিল। 


নগেন্দ্ৰ ধুংগেল আৰু বসন্ত ভট্টৰাইৰ সৈতে ৰয়েল নেপাল এয়াৰলাইন্সৰ বিমান হাইজেকত জড়িত আছিল সুশিলা কাৰ্কিৰ স্বামী সুবেদী। এই ষড়যন্ত্ৰ ৰচনা কৰিছিল গিৰিজা প্ৰসাদ কইৰালা, যি পিছলৈ নেপালৰ প্ৰধানমন্ত্ৰী হৈছিল। বিশেষ কথাটো হ'ল এয়া আছিল নেপালৰ প্ৰথম হাইজেক।


সুশীলা কাৰ্কিৰ স্বামীৰ কেলেংকাৰী


শেহতীয়াকৈ সেই সময়ত জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল সুশীলা কাৰ্কিৰ স্বামী সুবেদীক। তেওঁ কইৰালাৰ অন্যতম ঘনিষ্ঠ সহযোগী আছিল। নেপালৰ ৰজা মহেন্দ্ৰৰ অধীনত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ বাবে ধন সংগ্ৰহৰ বাবে এই হাইজেক কৰা হৈছিল। হাইজেক কৰা বিমানখনত আছিল ৩০ লাখ টকাৰ চৰকাৰী ধন। বিহাৰৰ ফৰ্বছগঞ্জৰ এটা ঘাঁহনিত অৱতৰণ কৰিবলৈ বাধ্য কৰে হাইজেকাৰে। ইতিমধ্যে তাত আন পাঁচজন ষড়যন্ত্ৰকাৰীয়ে অপেক্ষা কৰি আছিল। সুশীল কইৰালা ফৰ্বছগঞ্জত আছিল আৰু ঘেৰাওৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল।


হাইজেকৰ উদ্দেশ্য


বিমানখনৰ পৰা নগদ ধনেৰে ভৰা তিনিটা বাকচহে আঁতৰাই যাত্ৰীসকলক একো ক্ষতি নকৰিলে হাইজেকাৰে। ইয়াৰ পিছতে আন যাত্ৰীসহ বিমানখনে পুনৰ উৰা মাৰিলে। পথেৰে পশ্চিম বংগৰ দাৰ্জিলিংলৈ লৈ যোৱা হয় এই নগদ ধন। এবছৰৰ ভিতৰতে ধুংগেলৰ বাহিৰে গোটটোৰ সকলো সদস্যকে ভাৰতৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে। সুবেদী আৰু বাকীকেইজনক দুবছৰৰ কাৰাদণ্ড বিহে। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁলোকক মুকলি কৰি দিয়া হয়। 




ইথানল মিশ্ৰণ বিফল হোৱাৰ পিছত ডিজেলৰ সৈতে আইছ’বিউটানল মিহলোৱাৰ কাম কৰা: গাডকাৰী










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ