--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোৱা হয় ক্ষুধাই গদ্যময় কৰি তোলে পৃথিৱী। পেটট ভোক লৈ শিল্পসৃষ্টি, কাব্য ৰচনা একোৱেই সম্ভৱ নহয়৷ ভোকৰ জুইকুৰা নুমাবৰ বাবেই অহৰহ সংগ্ৰামত লিপ্তহ’বলগীয়া হয় একাংশ লোক। ভোকৰ এমুঠি ভাতৰ বাবে মানুহে কৰা সংগ্ৰামৰ কাহিনী বিষয়ে আপুনি বহুত শুনিছে বা পঢ়িছে৷ কিন্তু এই সংগ্ৰাম যদি এগৰাকী শতবছৰ গৰকা আইতাই কৰিছে বুলি কওঁ, তেনেহ’লে আপুনি নিশ্চয় আচৰিত হ’ব, আপোনাৰো চকু সেমেকিব৷ আজি আমাৰ ‘লাইফ ইন এ মেট্ৰ’ত শতবছৰ গৰকা তেনেকুৱা এগৰাকী বৃদ্ধাক আপোনালোকলৈ মাজলৈ উলিয়াই আনিম, যাৰ সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰ হয়তো চকুলো ওলাব৷ চুবুৰীয়া মানুহঘৰৰো খবৰ ল’বলৈ আহৰি নোহাৱা এইখন যান্ত্ৰিক মহানগৰীতে আইতাগৰাকীয়ে চলাই গৈছে জীৱন সংগ্ৰাম৷ জীৱন সংগ্ৰামৰ অক্লান্ত সৈনিক আইতা৷ কেৱল জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ তেওঁৰ৷ জীয়াই থাকিবলৈ তেওঁ কৰি গৈছে কেৱল সংগ্ৰাম আৰু সংগ্ৰাম ৷ যেন বয়স তেওঁৰ বাবে কেৱল এটা সংখ্যাহে আৰু জীৱনত অহা বাধাবোৰ তেওঁৰ বাবে যেন একোৱেই হেঙাৰ হ’ব নোৱাৰে৷


তেওঁৰ নাম পদুমী দাস৷ নগাঁৱৰ আহতগুৰিৰ জীয়ৰি আছিল পদুমী দাস আৰু বিবাহসূত্ৰে তেওঁ আহিছিল সভ্ৰান্ত গুৱাহাটী মহানগৰীলৈ৷ বিয়াৰ পাছত স্বামীৰ সৈতে সুখৰ জীৱন কটাইছিল তেওঁ৷ ফুৰি ভালপোৱা পদুমী দাসে স্বামীৰ সৈতে গুৱাহাটী প্ৰায় সকলো ঠাই ফুৰিছিল৷ তেওঁৰ স্বামী ড্ৰাইভাৰ পেচাৰ সৈতে জড়িত আছিল আৰু সন্ধিয়া আহি ঘৰ সোমোৱা স্বামীৰ সৈতে তেওঁ নিশা হলেই ওলাই যায় গুৱাহাটীখন ফুৰিবলৈ৷ বিয়াৰ ৩ বছৰ পাছত তেওঁলোকৰ জীৱনলৈ আহিছিল এটা পুত্ৰ সন্তান৷ মুঠতে এখন সুখৰ ঘৰ, যেন ঘৰখনত একোৱেই অভাৱ নাই৷

কিন্তু তেওঁলোকৰ সুখৰ সংসাৰখনলৈ হঠাৎ নামি আহিল কাল অমানিশা৷ বিয়াৰ ২০ বছৰৰ পিছত তেওঁৰ স্বামী এক জটিল ৰোগত আক্ৰান্ত হ’য় আৰু তেওঁৰ স্বামীৰ মৃত্যু হয়৷ স্বামীৰ মৃত্যুৰ ২ বছৰ পিছত তেওঁলোকৰ পুত্ৰও এক ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’য়৷ তেতিয়াই পদুমী দাসৰ ওপৰত যেন একেবাৰে সৰগখন ভাঙি পৰিল৷ স্বামীৰ মৃত্যুৰ পাছত তেওঁলোকৰ ঘৰখনৰো উপাৰ্জনৰ সকলো পথ একেবাৰে বন্ধ পৰিছিল৷

দিশহাৰা নহৈ পদুমী দাসে ঘৰখনৰ আৰ্থিক অভাৱ পূৰণ কৰিবলৈ তেওঁ ঠিকাদাৰৰ সৈতে হাজিৰা কামত জড়িত হৈ পৰিছিল৷ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল তেওঁ৷ পুৱা ৪ বজাতে তেওঁ কামলৈ বুলি ওলাই যায় আৰু সন্ধিয়া আহি ঘৰ সোমাই তেওঁ৷ দিনজোৰা কৰা কামৰ অন্তত তেওঁ মাথোঁ লাভ ৩০ টকা দিন হাজিৰা৷ এনেকৈয়ে প্ৰায় ৩ বছৰ অতিক্ৰম কৰিলে৷

ইফালে তেওঁৰ বয়সো বাঢ়ি আহিছিল আৰু এদিন হঠাৎ তেওঁ হাজিৰা কাম কৰি থাকোতে প্ৰথম মহলাৰ পৰা বালিৰ সৈতে বাগৰি পৰিছিল আৰু তেতিয়াই তেওঁৰ কঁকালখন ভাঙি পৰাত একো কাম কৰিব নোৱাৰা হ’ল৷ ইমানতো তেওঁ হাৰ মনা নাছিল, তেওঁ ভাবিছিল যিহেতু মই জীয়াই থাকিবই লাগিব আৰু তাৰ কাৰণে যদি মই নিজে কিবা এটা নকৰোঁ তেনেহলে নহ’ব৷ সেই কথা ভাবিয়েই তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে, ঘৰৰ সন্মুখতে তেওঁ এখন তামোল-পানৰ দোকান খুলিব আৰু তাৰ পৰা যি দুই-চাৰি টকা উপাৰ্জন হ’ব তাৰ দ্বাৰাই তেওঁ খাই-বৈ জীয়াই থাকিব৷ বৰ্তমান গুৱাহাটী ক্লাবৰ সমীপতে আইতাগৰাকীৰ সৰু গুমটিখন আছে। পুৱাৰ পৰা নিশালৈ দৈনিক ১০০ৰ পৰা ১৫০ টকা বিক্ৰী কৰে আইতাই৷


তেওঁৰ এতিয়া বয়স প্ৰায় ১০১ বছৰ৷ কঁকাল সম্পূৰ্ণ পৰি যোৱাৰ পাছতো তেওঁ পুৱা হলেই দোকানখনলৈ ঢপলিয়াই আহে৷ লকডাউনৰ সময়তো আইতাই একেবাৰে দিশ হেৰুৱাই পেলাইছিল আৰু তেতিয়াই তেওঁ এখন বৃদ্ধাশ্ৰমত আছিল৷ কিন্তু আইতাগৰাকীৰ অভিযোগ যে আশ্ৰমত তেওঁক ভালদৰে শুশ্ৰুষা নকৰিলে যাৰ কাৰণে তেওঁ তাৰ পৰা ওলাই আহিল৷ এটা সৰু জুপুৰিৰ তলত তেওঁ নিশাটো কটায়। যিটো জোপুৰি দেখিলে আপোনাৰ হয়তো বুকু শিয়ৰি উঠিব৷ বৰ্তমান তেওঁক বিভিন্ন ৰোগেও জুৰুলা কৰিছে, হাপানি আৰু কঁকালৰ বিহে তেওঁক ইমানেই ব্যতিব্যস্ত কৰাৰ পাছতো উপযুক্ত চিকিৎসাৰ বাবে তেওঁৰ ওচৰত ফুটা-কড়ি এটাও নাই৷ আইতাই আমাৰ জৰিয়তে আহ্বান জনাইছে, ‘হয়তো আপুনিও এইফালেদি দিনটোত বহুবাৰ অহা-যোৱা কৰে। আন সহায় নকৰিলেও তামোল এখনকে খাই যাব চোন মোৰ ইয়াত, ৰাতিৰ ভাত সাজকে খাব পাৰিম মই৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement