--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটলে ডেস্ক : নিভাজ সৌন্দৰ্যৰ বাবে প্ৰকৃতিৰ ওপৰত আমি সকলোৱে নিৰ্ভৰশীল৷ মাটিয়ে এতিয়া বৃদ্ধি কৰিব পাৰে আপোনাৰ সৌন্দৰ্য ৷সৌন্দৰ্যৰ ৰহস্য বহু যুগ ধৰি মাটিত লুকুৱাই আছে। আৰু এই মাটি বেলেগ নহয় সেইটো হৈছে 'মুলতানি মিট্টি' ৷ বৰ্তমানৰ সময়ত মুলতান মাটিৰ গুণাগুণ দীৰ্ঘদিন ধৰি প্ৰশংসিত হৈ আহিছে৷


মুলতানি মাটিৰ আছে বহু লাভালাভ৷ তাৰভিতৰত মুলতানি মাটিৰ নিয়মীয়া ব্যৱহাৰৰ দ্বাৰা শালমইনা হ্ৰাস হয়৷ ছালৰ পৰা অতিৰিক্ত তেল আঁতৰ কৰে৷ লেতেৰা, ঘাম আৰু প্ৰদূষণৰ প্ৰভাৱ দূৰ কৰি ছালৰ গভীৰ পৰিষ্কাৰ কৰে। ছালৰ ৰং সমানে উজ্জ্বল কৰে ৷ টেনিং আৰু ৰঞ্জকতাৰ সমস্যা হ্ৰাস কৰে ৷ চানবাৰ্ণৰ লগতে ছালৰ ৰুক্ষভাৱ আতঁৰ কৰাত মুলতানি মাটিৰ গুণাগুণ অতুলনীয়৷


মুলতানি মাটিক এনেধৰণেৰে ব্যৱহাৰ কৰিব পাৰি- এই মাটিত কমলা বাকলিৰ গুৰি আৰু গোলাপ পানীৰ সৈতে মুলতানি মিহলি কৰক৷ এই মিশ্ৰণটো আপোনাৰ মুখত আধা ঘণ্টাৰ বাবে মিহলি কৰক৷ তাৰপাছত পানীৰে ভালদৰে ধুব৷ অতিৰিক্ত তেল, ধুলি, লেতেৰা আঁতৰাওক আৰু তেলেতীয়া ছাল পৰিষ্কাৰ ৰাখক৷ মাহত কমেও দুবাৰ ফেচপেক ব্যৱহাৰ কৰক৷

তাৰউপৰিও আপুনি এনেধৰণেও মুলতানি মিট্টি ব্যৱহাৰ কৰিব পাৰে- এক চামুচ মুলতানি মাটিত আলুৰ ৰস লওক। লগত গাখীৰ আৰু নেমুৰ ৰস মিহলাই দিয়ক। এই মিশ্ৰণটো চকুৰ চাৰিওফালে প্ৰয়োগ কৰক। ইয়াক আধা ঘণ্টাৰ বাবে এৰি দিয়ক আৰু পানীত ধুই দিয়ক। চকুৰ চাৰিওফালে থকা ডাৰ্ক-চাৰ্কোল আঁতৰ কৰা ই বিশেষ উপযোগী। কমলাৰ বাকলিৰ শুকান গুৰি, চন্দন কাঠৰ গুৰি, বেচন আৰু পুদিনা ৰস মুলতানি মাটিৰে লওক। এই ফেচপেকে আপোনাৰ ছাল গভীৰভাৱে পৰিষ্কাৰ কৰিব। সৰ্বশ্ৰেষ্ঠ ফলাফল পাবলৈ এই পেকটো সপ্তাহত দুবাৰ স্ক্ৰাবাৰ হিচাপে ব্যৱহাৰ কৰক।

চুলিৰ বাবে মুলতানি মিট্টি বিশেষ উপযোগী৷ চুলিৰ যত্নৰ বাবে মুলতানি মাটি ব্যৱহাৰ কৰক। সম্ভৱ হ'লে কণী, আমলখিৰ ৰস, নেমুৰ ৰস আৰু সম্ভৱ হ'লে ১ চামুচ বিয়েৰৰ সৈতে মুলতানি মাটি মিহলাই লওক। এই পেকটো আপোনাৰ চুলিত প্ৰয়োগ কৰক আৰু ইয়াক ২০ মিনিটৰ বাবে এৰি দিয়ক আৰু মৃদু চেম্পুৰে আপোনাৰ চুলি ধুওক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ