--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱে ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান প্রিমিয়াৰ লীগত (আই পি এল) দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰে পঞ্চমগৰাকী ভাৰতীয় বেটাৰ হিচাপে টি-২০ ক্রিকেটত ৮০০০ ৰানৰ ক্লাবত প্ৰৱেশ কৰিছে।

চলিত আই পি এলত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ ৮ উইকেটত জয়ী হোৱা খেলখনত সূর্যকুমাৰে সেই কৃতিত্ব অর্জন কৰে। 

অষ্টাদশ সংস্কৰণৰ আই পি এলত প্রথম জয়ৰ সোৱাদ পোৱা মুম্বাইৰ ইনিংছত ২৭ ৰানৰ অবিজিত অৱদান যোগায় সূর্যকুমাৰে। তেওঁৰ বেটৰ পৰা অহা ছিক্সাৰৰ জৰিয়তেই মুম্বায়ে জয়েৰে খেল সামৰে। 

সূৰ্যকুমাৰে ৯টা বল খেলি তিনিটা চাৰি আৰু ২টা ছয়েৰে নিজৰ অবিজিত ইনিংছটো সজাইছিল। সূৰ্যকুমাৰৰ আগেয়ে টি-২০ ক্রিকেটত বিৰাট কোহলীয়ে ১২,৯৭৬, ৰোহিত শর্মাই ১১,৮৫১, শিখৰ ধাৱানে ৯,৭৯৭ আৰু সুৰেশ ৰাইনাই কৰিছিল ৮,৬৫৪ ৰান।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি