--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক যেন বিপদে ঘেৰি ধৰিছে। শেহতীয়াকৈ তেওঁ কথমপিহে মৃত্যুৰ পৰা হাত সাৰিছে। অৱশ্যে এতিয়াও যে বিপদ শেষ হোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে। ট্ৰাম্পৰ দলটোৱে ৰিপাব্লিকান পাৰ্টিৰ ৰেলীত প্ৰৱেশ কৰাৰ পূৰ্বেই এ কে ৪৭ ৰাইফল লগত  লৈ এজন আক্ৰমণকাৰীয়ে সভাস্থলীত প্ৰৱেশ কৰিছিল। ড’নাল্ড ট্ৰাম্পে  কাণত বেণ্ডেজ লগাই এই সমাৱেশত অংশ লৈছিল। ট্ৰাম্পৰ সভাত  এ কে ৪৭ ৰাইফল লগত লৈ প্ৰৱেশ কৰা যুৱকজনক অৱশ্যে লগে লগে গ্ৰেপ্তাৰ কৰা হয়।  কেৱল সেয়াই নহয়,  আন এজন যুৱকে ছুৰী লৈ অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। আৰক্ষীয়ে লগে লগে তেওঁক গুলীয়াই হত্যা কৰে ।

আমেৰিকাৰ মিলৱাকিত অনুষ্ঠিত হৈছিল ৰিপাব্লিকান পাৰ্টিৰ নেচনেল কনভেনচন। য’ত উপস্থিত আছিল ড’নাল্ড ট্ৰাম্পৰ দলৰ সকলো শীৰ্ষ নেতৃত্ব। শেহতীয়াকৈ আক্ৰমণৰ বলি হোৱা ড’নাল্ড ট্ৰাম্পৰ বাবে এই অনুষ্ঠানত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। তাত স্কি মাস্ক পিন্ধি এজন যুৱকে যোগদান কৰিবলৈ আহিছিল। তেওঁক দেখাৰ পিছতে সন্দেহ  উপজিছিল আৰক্ষীৰ। আৰক্ষীয়ে তেওঁক কনভেনচন চেণ্টাৰত প্ৰৱেশ কৰাত বাধা দিয়ে। তেওঁৰ বেগত তালাচী চলোৱাত  এটা এ কে ৪৭ ৰাইফল আৰু অসংখ্য গুলী উদ্ধাৰ হয়। লগে লগে তেওঁক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মিলৱাকিৰ ৰিপাব্লিকান নেচনেল কনভেনচনৰ সমীপতো আৰক্ষীয়ে আন এজন সন্দেহযুক্ত লোকক গুলীয়াই হত্যা কৰে। অনুমান কৰা হৈছে যে যুৱকজনে ট্ৰাম্পক আক্ৰমণ কৰাৰ উদ্দেশ্যেৰে তাত উপস্থিত হৈছিল। ২১ বছৰীয়া যুৱকজনে চোকা দা হাতত লৈ অধিৱেশনস্থলীৰ চৌহদত ঘূৰি ফুৰিছিল। আৰক্ষীয়ে বাৰে বাৰে তেওঁক দাখন পেলাই দিবলৈ কৈছিল। অৱশ্যে আৰক্ষীৰ নিৰ্দেশ তেওঁ আওকাণ কৰিলে। ইয়াৰ পিছতে তেওঁক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। থিতাতে মৃত্যু হয় যুৱকজনৰ। ঘটনাটোৰ এটা ভিডিঅ’ও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে যোৱা শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পে (ড’নাল্ড ট্ৰাম্প) প্ৰচাৰ চলাইছিল। তাতেই তেওঁক আক্ৰমণ কৰা হৈছিল। ট্ৰাম্পৰ  কাণৰ কাষেৰে গুলী ওলাই গৈছিল। কথমপিহে প্ৰাণৰক্ষা পৰিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ