--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক যেন বিপদে ঘেৰি ধৰিছে। শেহতীয়াকৈ তেওঁ কথমপিহে মৃত্যুৰ পৰা হাত সাৰিছে। অৱশ্যে এতিয়াও যে বিপদ শেষ হোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে। ট্ৰাম্পৰ দলটোৱে ৰিপাব্লিকান পাৰ্টিৰ ৰেলীত প্ৰৱেশ কৰাৰ পূৰ্বেই এ কে ৪৭ ৰাইফল লগত  লৈ এজন আক্ৰমণকাৰীয়ে সভাস্থলীত প্ৰৱেশ কৰিছিল। ড’নাল্ড ট্ৰাম্পে  কাণত বেণ্ডেজ লগাই এই সমাৱেশত অংশ লৈছিল। ট্ৰাম্পৰ সভাত  এ কে ৪৭ ৰাইফল লগত লৈ প্ৰৱেশ কৰা যুৱকজনক অৱশ্যে লগে লগে গ্ৰেপ্তাৰ কৰা হয়।  কেৱল সেয়াই নহয়,  আন এজন যুৱকে ছুৰী লৈ অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। আৰক্ষীয়ে লগে লগে তেওঁক গুলীয়াই হত্যা কৰে ।

আমেৰিকাৰ মিলৱাকিত অনুষ্ঠিত হৈছিল ৰিপাব্লিকান পাৰ্টিৰ নেচনেল কনভেনচন। য’ত উপস্থিত আছিল ড’নাল্ড ট্ৰাম্পৰ দলৰ সকলো শীৰ্ষ নেতৃত্ব। শেহতীয়াকৈ আক্ৰমণৰ বলি হোৱা ড’নাল্ড ট্ৰাম্পৰ বাবে এই অনুষ্ঠানত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। তাত স্কি মাস্ক পিন্ধি এজন যুৱকে যোগদান কৰিবলৈ আহিছিল। তেওঁক দেখাৰ পিছতে সন্দেহ  উপজিছিল আৰক্ষীৰ। আৰক্ষীয়ে তেওঁক কনভেনচন চেণ্টাৰত প্ৰৱেশ কৰাত বাধা দিয়ে। তেওঁৰ বেগত তালাচী চলোৱাত  এটা এ কে ৪৭ ৰাইফল আৰু অসংখ্য গুলী উদ্ধাৰ হয়। লগে লগে তেওঁক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মিলৱাকিৰ ৰিপাব্লিকান নেচনেল কনভেনচনৰ সমীপতো আৰক্ষীয়ে আন এজন সন্দেহযুক্ত লোকক গুলীয়াই হত্যা কৰে। অনুমান কৰা হৈছে যে যুৱকজনে ট্ৰাম্পক আক্ৰমণ কৰাৰ উদ্দেশ্যেৰে তাত উপস্থিত হৈছিল। ২১ বছৰীয়া যুৱকজনে চোকা দা হাতত লৈ অধিৱেশনস্থলীৰ চৌহদত ঘূৰি ফুৰিছিল। আৰক্ষীয়ে বাৰে বাৰে তেওঁক দাখন পেলাই দিবলৈ কৈছিল। অৱশ্যে আৰক্ষীৰ নিৰ্দেশ তেওঁ আওকাণ কৰিলে। ইয়াৰ পিছতে তেওঁক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। থিতাতে মৃত্যু হয় যুৱকজনৰ। ঘটনাটোৰ এটা ভিডিঅ’ও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে যোৱা শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পে (ড’নাল্ড ট্ৰাম্প) প্ৰচাৰ চলাইছিল। তাতেই তেওঁক আক্ৰমণ কৰা হৈছিল। ট্ৰাম্পৰ  কাণৰ কাষেৰে গুলী ওলাই গৈছিল। কথমপিহে প্ৰাণৰক্ষা পৰিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান