--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • তামুলপুৰ জিলাৰ খণ্ডিকাৰৰ সমীপত সংঘটিত এক মুখামুখি সংঘৰ্ষত একেটা পৰিয়ালৰ তিনিজন যুৱকৰ মৃত্যু হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

তামুলপুৰ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন যুৱকৰ কৰুণ মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে নিশা খণ্ডিকাৰৰ সমীপত ৰঙিয়া–নাগ্ৰীজুলি পথত এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়।

নিহত যুৱককেইজনক চিৰাখুন্দি গাঁৱৰ জুবেৰ হুছেইন (১৪), মাজৰুল চুলতান (১৮) আৰু চুলতান আলী (২১) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে জুবেৰ আৰু মাজৰুল ক্ৰমে ভাতৃ আছিল, আনহাতে চুলতান আলী আছিল তেওঁলোকৰ পেহীয়েকৰ পুতেক অৰ্থাৎ সম্বন্ধীয় ভায়েক। এই ঘটনাই পৰিয়ালটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত কাওৰবাহা আৰক্ষী টহলদাৰী চকীৰ অন্তৰ্গত খণ্ডিকাৰ ৰেলপথৰ ওচৰত সংঘটিত হৈছিল। ৰঙিয়া অভিমুখে গৈ থকা AS01GU3702 নম্বৰৰ এখন মটৰচাইকেলৰ বিপৰীত দিশৰ পৰা নাগ্ৰীজুলি অভিমুখে আহি থকা AS01RC1884 নম্বৰৰ এখন বলেৰো পিকআপ ভেনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

সংঘৰ্ষৰ ফলত মটৰচাইকেলখনৰ চালক আৰু দুজন আৰোহী পথৰ ওপৰত পৰি গুৰুতৰভাৱে আহত হয়। স্থানীয় লোক আৰু আৰক্ষীয়ে ততাতৈয়াকৈ তিনিওজনক কাওৰবাহা বিপিচিএইচ আৰু স্বস্তি চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁলোকক চিকিৎসালয়লৈ অনাৰ পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰে। এই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান