--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • তামুলপুৰ জিলাৰ খণ্ডিকাৰৰ সমীপত সংঘটিত এক মুখামুখি সংঘৰ্ষত একেটা পৰিয়ালৰ তিনিজন যুৱকৰ মৃত্যু হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

তামুলপুৰ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন যুৱকৰ কৰুণ মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে নিশা খণ্ডিকাৰৰ সমীপত ৰঙিয়া–নাগ্ৰীজুলি পথত এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়।

নিহত যুৱককেইজনক চিৰাখুন্দি গাঁৱৰ জুবেৰ হুছেইন (১৪), মাজৰুল চুলতান (১৮) আৰু চুলতান আলী (২১) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে জুবেৰ আৰু মাজৰুল ক্ৰমে ভাতৃ আছিল, আনহাতে চুলতান আলী আছিল তেওঁলোকৰ পেহীয়েকৰ পুতেক অৰ্থাৎ সম্বন্ধীয় ভায়েক। এই ঘটনাই পৰিয়ালটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত কাওৰবাহা আৰক্ষী টহলদাৰী চকীৰ অন্তৰ্গত খণ্ডিকাৰ ৰেলপথৰ ওচৰত সংঘটিত হৈছিল। ৰঙিয়া অভিমুখে গৈ থকা AS01GU3702 নম্বৰৰ এখন মটৰচাইকেলৰ বিপৰীত দিশৰ পৰা নাগ্ৰীজুলি অভিমুখে আহি থকা AS01RC1884 নম্বৰৰ এখন বলেৰো পিকআপ ভেনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

সংঘৰ্ষৰ ফলত মটৰচাইকেলখনৰ চালক আৰু দুজন আৰোহী পথৰ ওপৰত পৰি গুৰুতৰভাৱে আহত হয়। স্থানীয় লোক আৰু আৰক্ষীয়ে ততাতৈয়াকৈ তিনিওজনক কাওৰবাহা বিপিচিএইচ আৰু স্বস্তি চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁলোকক চিকিৎসালয়লৈ অনাৰ পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰে। এই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী