--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্য সমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰা অসম সন্তান ৰিয়ান পৰাগ চূড়ান্ত ৰূপে ব্যৰ্থ হৈছিল। মাত্ৰ এখন মেচত এটা অৰ্ধশতকীয় ইনিংছ খেলাৰ বাবে সমগ্ৰ চিজনটোতে অতি নিৰাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল ৰিয়ানে। কিন্তু ইয়াৰ পাছতো খেলপথাৰত ৰিয়ানে মহাতাৰকাৰ দৰে ভাৱ-ভংগী প্ৰদৰ্শন কৰা বুলি সমালোচিত হৈছিল। টুৰ্ণামেণ্টখনত পৰাগে দাঙি ধৰা মনোভাৱৰ বাবে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ দ্বাৰা যথেষ্ট ট্ৰলৰো সন্মুখীন হৈছিল। বিশেষকৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে এখন মেচত হৰ্ষল পেটেল আৰু মহম্মদ চিৰাজৰ সৈতে বিবাদত লিপ্ত হৈ পৰাগ বিতৰ্কত সোমাই পৰিছিল। ৰিয়ানৰ আচৰণক লৈ ক্ৰিকেটপ্ৰেমী সকল ক্ষুদ্ধ হোৱাৰ লগতে প্ৰাক্তন ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰ আৰু চাইমন ডুলৰ দৰে ব্যক্তিয়েও কটু সমালোচনা কৰিছিল। 

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে উক্ত মেচখনত পৰাগে খেলৰ অন্তিম অভাৰত হৰ্ষল পেটেলৰ বলত ১৮ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ৰাজস্থান ৰয়েলছৰ ইনিংছ শেষ হোৱাৰ পিছতে খেলপথাৰৰ পৰা ওলাই অহাৰ মুহূৰ্তত আৰচিবিৰ হৰ্ষল পেটেল আৰু মহম্মদ চিৰাজৰ সৈতে ৰিয়ানক বিবাদত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল। অৱশ্যে দুয়োটা দলৰ খেলুৱৈসকলে হস্তক্ষেপ কৰি এই বিবাদ ভংগ কৰে আৰু বিবাদত ভাগ লোৱা খেলুৱৈ কেইজনক আঁতৰাই পঠায়। 

এই সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ৰিয়ানে অৱশেষত প্ৰথমবাৰৰ বাবে মুখ খুলিছে। ৰিয়ানে প্ৰকাশ কৰা মতে আই পি এলৰ যোৱা বৰ্ষৰ চিজনৰ এক ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে এই বিবাদ সংঘটিত হয়। ৰিয়ানে জানিবলৈ দিয়া মতে, যোৱা বৰ্ষৰ আই পি এলৰ এখন মেচত ৰিয়ানক আউট কৰাৰ পিছত হৰ্ষল পেটেলে হাতেৰে খেলপথাৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ঈঙ্গিত দিছিল। এই দৃশ্য ৰিয়ানে সেই সময়ত দেখা পোৱা নাছিল যদিও হোটেলৰ কোঠাত খেলখনৰ ৰিপ্লে’ চোৱাৰ সময়ত দেখা পায়। সেই তেতিয়াৰ পৰাই ৰিয়ানে এই দৃশ্য মনত ৰাখিছিল।

এইবাৰৰ আই পি এলৰ মেচখনত যেতিয়া ৰিয়ানে হৰ্ষল পেটেলৰ শেষ অভাৰত ১৮ ৰান সংগ্ৰহ কৰে, তেতিয়া ৰিয়ানেও যোৱা চিজনত হৰ্ষলে কৰাৰ দৰেই একেই ভঙ্গী প্ৰদৰ্শন কৰে। অৱশ্যে ইয়াৰ বাদে তেওঁ কোনো মন্তব্য নাই কৰা বুলিও ৰিয়ানে উল্লেখ কৰে। খেলুৱৈজনে লগতে জানিবলৈ দিয়ে যে কিন্তু ফিল্ডৰ পৰা ওলাই অহাৰ সময়ত চিৰাজে তেওঁক এনে আচৰণ নকৰিবলৈ সকীয়াই দিয়ে।  

ৰিয়ানে উল্লেখ কৰা মতে, ইনিংছ শেষ হোৱাৰ পিছত চিৰাজে ৰিয়ানক ওচৰলৈ মাতে আৰু ৰিয়ানক নাবালক বুলি সোঁৱৰাই দি নাবালকৰ দৰে আচৰণ কৰিবলৈ সকীয়াই দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত ৰিয়ানে চিৰাজক উদ্দেশ্যি “ভাই, মই আপোনাক একো কোৱা নাই” বুলি মন্তব্য কৰে। ইয়াৰ পাছতে হৰ্ষলো ৰিয়ানৰ ওচৰলৈ আগবাঢ়ি আহি এনে আচৰণ নকৰিবলৈ কয়। অৱশ্যে ইয়াৰ পাছতে দুয়োটা দলৰ খেলুৱৈসকল তাত উপস্থিত হৈ তেওঁলোকক আঁতৰাই পঠায় আৰু ইমানতে বিবাদ সমাপ্ত হয় বুলি ৰিয়ানে কয়।

আনহাতে খেল সমাপ্তিৰ পিছত দুয়ো দলৰ খেলুৱৈসকলে সৌহাৰ্দ্যমূলক কৰমৰ্দন কৰাৰ সময়ত হৰ্ষল পেটেলে ৰিয়ানক কৰমৰ্দন নকৰাকৈ আঁতৰি যায়। হৰ্ষলৰ এই কৰ্মক অপৰিপক্ক আখ্যা দিয়ে ৰিয়ানে।

উল্লেখ্য যে অসমৰ ক্ৰিকেটাৰজনে ৰাজস্থান ৰয়েলছৰ হৈ আটাই কেইখন খেলতে মূল একাদশত স্থান পায় যদিও সুযোগৰ সদব্যৱহাৰ কৰাত ব্যৰ্থ হয়। গোটেই প্ৰতিযোগিতাখনত তেওঁ ১৭ খন খেলত মাত্ৰ ১৮৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ৰিয়ানৰ এই প্ৰদৰ্শনৰ পাছত তেওঁক মূল একাদশত বাৰে বাৰে স্থান দিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে ৰাজস্থানৰ খেলুৱৈৰ লগতে প্ৰশিক্ষক ছাংগাকাৰা আৰু মালিঙ্গাই ৰিয়ানৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁক এজন ভাল খেলুৱৈ বুলি উল্লেখ কৰে। সি যি কি নহওক, এই চিজনত ৰিয়ানৰ নিৰাশাজনক প্ৰদৰ্শনৰ পাছত তেওঁৰ ভৱিষ্যতৰ কেৰিয়াৰৰ ওপৰতো বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে