--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীতিন কুমাৰ গুপ্তাৰ পৰিচালিত 'লাভ ইন ইউক্ৰেইন' ছবিখন মে’ মাহত ভাৰতৰ লগতে ইউক্ৰেইনত মুক্তি পোৱাৰ কথা। ছবিখনৰ মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে  হঠাত্‍ উদ্বিগ্ন হৈ পৰিছে ছবিখনৰ পৰিচালক। পৰিচালক নীতিন গুপ্তাই ছবিখনক লৈ চিন্তিত হোৱা নাই, ছবিখনৰ এটা মুখ্য চৰিত্ৰ আৰু আন তিনিজন অভিনেতাইহে তেওঁক উদ্বিগ্ন কৰি তুলিছে।

চলচ্চিত্ৰখনৰ নায়িকা লিজাবেটা বৰ্তমান যুদ্ধবিধ্বস্ত ইউক্ৰেইন সীমান্তত আৱদ্ধ হৈ আছে আৰু আন তিনিজন অভিনেতা সন্ধানহীন বুলি অলপতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল তেওঁ।

উল্লেখ্য যে, এগৰাকী ভাৰতীয় ছাত্ৰ আৰু এগৰাকী ৰাছিয়ান ছোৱালীৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত 'লাভ ইন ইউক্ৰেইন'। ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেতা বিপিন কৌশিকে। বিপিন কৌশিকৰ সৈতে অভিনয় কৰিছে নায়িকা লিজাবেটাই। নীতিনে কয়, ‘ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে ইউক্ৰেইনত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰা হৈছিল। কিয়েভৰ চিটী চেণ্টাৰতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। কিন্তু কিছু কাম আৰু  বাকী আছিল, সেইখিনিি কৰিব পৰা নগ'ল।’

ইউক্ৰেইনে নহয়, ৰাছিয়াতো শ্বুটিঙৰ পৰিকল্পনা কৰিছিল নীতিন আৰু তেওঁৰ টীমে। পিছে মহাসমৰৰ দাৱানলৰ বাবে এয়া সম্ভৱ নহ’ল। পৰিচালকজনে কয়, ‘ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শ্বুটিঙত আমাক যথেষ্ট সহায় কৰিছিল। ইউক্ৰেইনৰ কেইবাজনো বাসিন্দা 'লাভ ইন ইউক্ৰেইন' দলৰ অংশ আছিল। ইয়াৰে এতিয়া তিনিজন নিখোজ।’ আনহাতে, ইউক্ৰেইনৰ সীমান্তত আৱদ্ধ হৈ আছে লিজাবেটা। অৱশ্যে, তেওঁক ভাৰতলৈ অনাৰ চেষ্টা কৰা হৈছে বুলি জনাইছে নীতিন কুমাৰ গুপ্তাই।

মন কৰিবলগীয়া যে, যুদ্ধৰ ফলত ইউক্ৰেইন এতিয়া ছিন্ন-বিচ্ছিন্ন হৈ গৈছে। তথাপি, এই চলচ্চিত্ৰখনত ইউক্ৰেইনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সংস্কৃতিকে প্ৰদৰ্শন কৰা বুলি জনাইছে পৰিচালকে। দীৰ্ঘদিনৰ বিৰতিৰ পিছত বলীউডত এনে এটা দুৰ্দান্ত আৰু ৰোমাঞ্চকৰ প্ৰেমকাহিনীৰ সাক্ষী হ’বলৈ গৈ আছে বুলিও সদৰী কৰিছে ছবিখনৰ প্ৰযোজকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement