--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীতিন কুমাৰ গুপ্তাৰ পৰিচালিত 'লাভ ইন ইউক্ৰেইন' ছবিখন মে’ মাহত ভাৰতৰ লগতে ইউক্ৰেইনত মুক্তি পোৱাৰ কথা। ছবিখনৰ মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে  হঠাত্‍ উদ্বিগ্ন হৈ পৰিছে ছবিখনৰ পৰিচালক। পৰিচালক নীতিন গুপ্তাই ছবিখনক লৈ চিন্তিত হোৱা নাই, ছবিখনৰ এটা মুখ্য চৰিত্ৰ আৰু আন তিনিজন অভিনেতাইহে তেওঁক উদ্বিগ্ন কৰি তুলিছে।

চলচ্চিত্ৰখনৰ নায়িকা লিজাবেটা বৰ্তমান যুদ্ধবিধ্বস্ত ইউক্ৰেইন সীমান্তত আৱদ্ধ হৈ আছে আৰু আন তিনিজন অভিনেতা সন্ধানহীন বুলি অলপতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল তেওঁ।

উল্লেখ্য যে, এগৰাকী ভাৰতীয় ছাত্ৰ আৰু এগৰাকী ৰাছিয়ান ছোৱালীৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত 'লাভ ইন ইউক্ৰেইন'। ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেতা বিপিন কৌশিকে। বিপিন কৌশিকৰ সৈতে অভিনয় কৰিছে নায়িকা লিজাবেটাই। নীতিনে কয়, ‘ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে ইউক্ৰেইনত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰা হৈছিল। কিয়েভৰ চিটী চেণ্টাৰতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। কিন্তু কিছু কাম আৰু  বাকী আছিল, সেইখিনিি কৰিব পৰা নগ'ল।’

ইউক্ৰেইনে নহয়, ৰাছিয়াতো শ্বুটিঙৰ পৰিকল্পনা কৰিছিল নীতিন আৰু তেওঁৰ টীমে। পিছে মহাসমৰৰ দাৱানলৰ বাবে এয়া সম্ভৱ নহ’ল। পৰিচালকজনে কয়, ‘ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শ্বুটিঙত আমাক যথেষ্ট সহায় কৰিছিল। ইউক্ৰেইনৰ কেইবাজনো বাসিন্দা 'লাভ ইন ইউক্ৰেইন' দলৰ অংশ আছিল। ইয়াৰে এতিয়া তিনিজন নিখোজ।’ আনহাতে, ইউক্ৰেইনৰ সীমান্তত আৱদ্ধ হৈ আছে লিজাবেটা। অৱশ্যে, তেওঁক ভাৰতলৈ অনাৰ চেষ্টা কৰা হৈছে বুলি জনাইছে নীতিন কুমাৰ গুপ্তাই।

মন কৰিবলগীয়া যে, যুদ্ধৰ ফলত ইউক্ৰেইন এতিয়া ছিন্ন-বিচ্ছিন্ন হৈ গৈছে। তথাপি, এই চলচ্চিত্ৰখনত ইউক্ৰেইনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সংস্কৃতিকে প্ৰদৰ্শন কৰা বুলি জনাইছে পৰিচালকে। দীৰ্ঘদিনৰ বিৰতিৰ পিছত বলীউডত এনে এটা দুৰ্দান্ত আৰু ৰোমাঞ্চকৰ প্ৰেমকাহিনীৰ সাক্ষী হ’বলৈ গৈ আছে বুলিও সদৰী কৰিছে ছবিখনৰ প্ৰযোজকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন