--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবেলি ভাৰতত আয়োজিত হৈছে এদিনীয়া বিশ্বকাপ৷১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত মেচখনত পাকিস্তানে শোচনীয়ভাৱে পৰাজয় বৰণ কৰে৷শেহতীয়াকৈ পুনৰ প্ৰেক্ষাপটত আহি পৰিছে ভাৰত-পাকিস্তানৰ প্ৰসংগ৷পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানী সংবাদ মাধ্যমক ভিছা প্ৰদান কৰাত পলম হোৱা আৰু আইচিচিৰ পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ত অংশগ্ৰহণ কৰা পাকিস্তানী সমৰ্থকসকলৰ ভিছা পলিচি নথকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰে৷

অৱশ্যে হিন্দুস্তান টাইমছৰ এক খবৰ অনুসৰি ভাৰত-পাকিস্তানৰ খেলৰ সময়ত যেতিয়া পাকিস্তানী খেলুৱৈ মহম্মদ ৰিজৱান ওলাই আহি ড্ৰেছিং ৰুমলৈ উভতি আহিছিল, তেতিয়া ভাৰতীয় অনুৰাগীয়ে ‘জয় শ্ৰী ৰাম’ৰ শ্লোগান দিয়ে, যাৰ ভিডিঅ’ আছিল টুইটাৰত প্ৰকাশ কৰা হৈছে।

পিচিবিৰ অন্তৱৰ্তীকালীন পৰিচালনা সমিতিৰ অধ্যক্ষ জাকা আছৰফে সোমবাৰে চাইৰাছ ছাজ্জাদ কাজীক সাক্ষাৎ কৰি ভাৰতত অনুষ্ঠিত হৈ থকা বিশ্বকাপত অংশগ্ৰহণ কৰিব বিচৰা পাকিস্তানী অনুৰাগী আৰু সাংবাদিকসকলৰ বাবে ভিছা প্ৰদানৰ গতি লেহেমীয়া হোৱাৰ বাবে তেওঁৰ উদ্বেগ প্ৰকাশ কৰি আলোচনা কৰে৷

অধিবক্তাগৰাকীয়ে লগতে দাবী কৰিছিল যে ৰিজৱানে শ্ৰীলংকাৰ বিৰুদ্ধে লাভ কৰা জয়লাভত ইজৰাইল-হামাছ যুদ্ধৰ প্ৰসংগ উত্থাপন কৰি খেলৰ মহিমা ম্লান কৰা বুলি অভিহিত কৰে৷

এইখিনিতে এইটো কথা মন কৰিবলগীয়া যে এই অভিযোগকাৰীজন সেইজন ব্যক্তি যিয়ে দহ বছৰ পূৰ্বে পাকিস্তানৰ ক্ৰীড়া এংকৰ জৈনাব আব্বাছৰ বিৰুদ্ধে তেওঁৰ টুইটৰ ভিত্তিত এফআইআৰ দাখিল কৰিছিল। বিশ্বকাপৰ কভাৰেজৰ বাবে ভাৰতত উপস্থিত হোৱা জৈনাবে এই টুইটক লৈ সূত্ৰপাত হোৱা বিতৰ্কৰ মাজতে চলিত মাহৰ আৰম্ভণিতে স্বদেশলৈ উভতি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ