--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডৰ হৈ খেলা পল ভান মিকেৰেনে দুবছৰ পূৰ্বে খাদ্য ডেলিভাৰী কোম্পানী হিচাপে কাম কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সময়ত তেওঁ ২টা উইকেট দখল কৰে। দুবছৰ আগতেও তেওঁ ভাবিব পৰা নাছিল যে তেওঁ ভাৰতলৈ আহিব বিশ্বকাপ খেলিবলৈ। কেৱল সেয়াই নহয়, দেশৰ ঐতিহাসিক বিজয়তো অৰিহণা যোগায়।

মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নেদাৰলেণ্ডে ৩৮ ৰানত জয়লাভ কৰে। প্ৰটিয়াছৰ বাবে পূৰ্বে পৰাজয়ৰ পিছতো এই জয় এদিনীয়া বিশ্বকাপত যথেষ্ট তাৎপৰ্যপূৰ্ণ। ৫০ অভাৰ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দেশৰ বিৰুদ্ধে নেদাৰলেণ্ডে জয়লাভ কৰে। সেই মেচত মিকেৰেনে ৯ অভাৰত ৪০ ৰান দি ২ উইকেট দখল কৰে। তেওঁ আইডেন মাৰ্ক্ৰাম আৰু মাৰ্কো জান্সেনৰ উইকেট দখল কৰে। এই দুটা উইকেট লোৱাৰ লগে লগে নেদাৰলেণ্ড চালকৰ আসনত বহে। অন্যথা দক্ষিণ আফ্ৰিকাই ডাঙৰ যুটিৰে মেচখন জয় কৰিব পাৰিলেহেঁতেন।

মেচ বিজয়ী মিকেৰেনে ২০২০ চনত আৰ্থিকভাৱে সংগ্ৰাম কৰি আছিল। সেইবাৰ টি-২০ বিশ্বকাপ বাতিল কৰা হৈছিল। মিকেৰেনৰ খেলাৰ কোনো সুযোগ নাছিল। খাদ্য ডেলিভাৰীৰ কামটো ল’বলৈ বাধ্য হৈছিল। দুবছৰৰ পাছত তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁ এদিনীয়া বিশ্বকাপত খেলি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলটো জয় কৰিব। নেদাৰলেণ্ডৰ এই জয় আকস্মিক নহয়। ইয়াৰ আঁৰত বহু ক্ৰিকেটাৰৰ ত্যাগ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ