--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগৰ ৰোষত পৰিছে ভাৰতীয় জীৱন বীমা নিগম৷ আজি আয়কৰ বিভাগে দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী জীৱন বীমা নিগমৰ বিৰুদ্ধে ৮৪ কোটি টকাৰ জৰিমনা বিহিছে।আয়কৰ বিভাগে তিনিটা মূল্যায়ন বৰ্ষৰ সৈতে জড়িত ঘটনাত এল আই চিৰ পৰা ৮৪ কোটি টকাৰ জৰিমনা দাবী জনাইছে। আয়কৰ বিভাগৰ এই শাস্তিৰ বিৰুদ্ধে এতিয়া এল আই চিয়ে আদালতত আপীল দাখিল কৰাৰ সিদ্ধান্ত লৈছে।

আয়কৰ বিভাগে মূল্যায়ন বৰ্ষ ২০১২-১৩ৰ বাবে ১২.৬১ কোটি টকা, মূল্যায়ন বৰ্ষ ২০১৮-১৯ৰ বাবে ৩৩.৮২ কোটি টকা, মূল্যায়ন বৰ্ষ ২০১৯-২০ৰ বাবে ৩৭.৫৮ কোটি টকাৰ জৰিমনা বিহিছে বুলি এল আই চিয়ে আজি এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে।

এল আই চিয়ে কয় যে ১৯৬১ চনৰ আয়কৰ আইন ২৭১(১)(গ) আৰু ২৭০ এ ধাৰাত এই জৰিমনা বিহা হৈছে।উল্লেখযোগ্য যে এল আই চিয়ে ২৯ ছেপ্টেম্বৰত আয়কৰ বিভাগৰ পৰা এই জাননী লাভ কৰিছিল।এল আই চি ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন জীৱন বীমা আৰু বিনিয়োগ নিগম হিচাপে পৰিচিত। ১৯৫৬ চনত ইয়াৰ প্ৰাৰম্ভিক মূলধন ৫ কোটি টকাৰে আৰম্ভ কৰা হৈছিল আৰু এতিয়া ২০২৩ চনৰ ৩১ মাৰ্চলৈকে এল আই চিৰ সম্পত্তিৰ ভিত্তি ৪৫.৫০ লাখ কোটি টকা আৰু লাইফ ফাণ্ড ৪০.৮১ লাখ কোটি টকা।

এল আই চিৰ কাম-কাজ হ’ল বীমা পলিচিৰ বিনিময়ত মানুহৰ সঞ্চয়ৰ ধন সংগ্ৰহ কৰা আৰু দেশত সঞ্চয়ৰ প্ৰসাৰ কৰা, চৰকাৰী ছিকিউৰিটিত ধন বিনিয়োগ কৰি মানুহৰ মূলধন সুৰক্ষিত কৰা, সুলভ মূল্যত বীমা পলিচি জাৰি কৰা, উদ্যোগসমূহক যুক্তিসংগত সুতৰ হাৰত ঋণ দিয়া , বিভিন্ন ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰাৰ সৈতে জড়িত।ট্ৰেডিং সপ্তাহৰ দ্বিতীয় দিনটোত এন এছ ইত আজি এল আই চিৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ লগে লগে বন্ধ হয়। আজি এল আই চি ৪.৭৫ পইচা হ্ৰাস পাই ৬৪৫.০০ টকাত বন্ধ হয়। আজি চেন্সেক্স ৩১৬ পইণ্ট আৰু নিফ্টী ১০৯ পইণ্টেৰে বন্ধ হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ