--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত! অবিশ্বাস্য! ৩০২ ৰাণৰ বিশাল ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতে। মূলতঃ ছেমি ফাইনেললৈ প্ৰস্তুতি চলালে ৰোহিত বাহিনীয়ে। বেটে-বলে দমনীয় প্ৰদৰ্শন কৰিলে ভাৰতে।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ ৩৩সংখ্যক মেচত শ্ৰীলংকাই টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰৰ প্রথমটো বলত ফ’ৰ মাৰে ৰোহিত শৰ্মাই। কিন্তু দ্বিতীয়টো বলতেই শ্ৰীলংকাৰ তৰুণ তাৰকা দিলছান মধুছাংকাই ক্লীন ব’ল্ড কৰে ৰোহিত শৰ্মাক। কিন্তু বিচলিত নহ’ল ভাৰতৰ বেটিং ক্ৰম। অপেনাৰ শুভমন গীল আৰু বিৰাট কোহলীয়ে ইনিংছ আগুৱাই নিয়ে।

বিৰাট কোহলী আৰু শুভমান গীলে দ্বিতীয় উইকেটৰ যুটীত ১৮৯ ৰাণ সংগ্ৰহ কৰে। শুভমান গীলে ৯২ আৰু বিৰাট কোহলীয়ে ৮৮ ৰাণত আউট হয়। তাৰপাছত আহে শ্ৰেয়াছ আয়াৰৰ বেটিং বিক্ৰম। ৫৬টা বলত আয়াৰে ৮২ ৰাণৰ মাৰমুখী ইনিংছ খেলে। তেওঁলোকক যোগ্য সহযোগিতা আগবঢ়ায় ৰবীন্দ্ৰ জাডেজা (৩৫) আৰু কে এল ৰাহুলে (২১)।

শীৰ্ষক্ৰমৰ বেটাৰসকলৰ দমনীয় প্ৰদৰ্শনেৰে ভাৰতে নিৰ্ধাৰিত অভাৰত ৩৫৭ ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ দিলছান মধুছাংকাই পাঁচটাকৈ উইকেট লাভ কৰে। তেওঁ গীল, বিৰাট আৰু আয়াৰক শতকৰ পৰাও বঞ্চিত কৰে। মধুছাংকাৰ বাদে আন কোনো শ্ৰীলংকাৰ বলাৰ সফল নহ’ল।

৩৫৮ ৰাণৰ বিশাল লক্ষ্য আগত লৈ শ্ৰীলংকাই ইনিংছৰ প্ৰথমটো বলতে উজুটি খায়। পাথুম নিশাংকাক দূৰ্দান্ত এলডব্লিউ কৰে যশপ্ৰীত বুমৰাহে। দ্বিতীয় অভাৰতো মহম্মদ ছিৰাজে দুটাকৈ উইকেট দখল কৰে। এইদৰে এজন এজনকৈ বেটাৰ পেভিলিয়নমুখী হয়। ছিৰাজ-বুমৰাহৰ পাছত আহে মহম্মদ ছামীয়ে। ভয়ংকৰ ৰূপ ধাৰণ কৰে ছামীয়েও। দখল কৰে পাঁচটাকৈ উইকেট।  ছিৰাজে লাভ কৰে তিনিটাকৈ উইকেট। ভাৰতৰ বেগী বলাৰসকলৰ এই পৰাক্ৰমৰ সন্মুখত ১৯.৪ অভাৰত মাত্ৰ ৫৫ ৰাণতে অল আউট হৈ পৰে শ্ৰীলংকা। ৩০২ ৰাণৰ বিশাল ব্যৱধানত জয়ী হয় ভাৰত। 

উল্লেখ্য যে চলিত বৰ্ষত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে দমন অব্যাহত ৰাখিছে। এছিয়া কাপৰ ফাইনেলতো ভাৰতৰ একেধৰণৰ প্ৰদৰ্শন দেখা গৈছিল। সেইবাৰো উজ্বলি উঠিছিল মহম্মদ ছিৰাজ। অনুৰূপ ধৰণে বিশ্বকাপতো শ্ৰীলকাৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখে ফাষ্ট বলাৰগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ