--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত! অবিশ্বাস্য! ৩০২ ৰাণৰ বিশাল ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতে। মূলতঃ ছেমি ফাইনেললৈ প্ৰস্তুতি চলালে ৰোহিত বাহিনীয়ে। বেটে-বলে দমনীয় প্ৰদৰ্শন কৰিলে ভাৰতে।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ ৩৩সংখ্যক মেচত শ্ৰীলংকাই টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰৰ প্রথমটো বলত ফ’ৰ মাৰে ৰোহিত শৰ্মাই। কিন্তু দ্বিতীয়টো বলতেই শ্ৰীলংকাৰ তৰুণ তাৰকা দিলছান মধুছাংকাই ক্লীন ব’ল্ড কৰে ৰোহিত শৰ্মাক। কিন্তু বিচলিত নহ’ল ভাৰতৰ বেটিং ক্ৰম। অপেনাৰ শুভমন গীল আৰু বিৰাট কোহলীয়ে ইনিংছ আগুৱাই নিয়ে।

বিৰাট কোহলী আৰু শুভমান গীলে দ্বিতীয় উইকেটৰ যুটীত ১৮৯ ৰাণ সংগ্ৰহ কৰে। শুভমান গীলে ৯২ আৰু বিৰাট কোহলীয়ে ৮৮ ৰাণত আউট হয়। তাৰপাছত আহে শ্ৰেয়াছ আয়াৰৰ বেটিং বিক্ৰম। ৫৬টা বলত আয়াৰে ৮২ ৰাণৰ মাৰমুখী ইনিংছ খেলে। তেওঁলোকক যোগ্য সহযোগিতা আগবঢ়ায় ৰবীন্দ্ৰ জাডেজা (৩৫) আৰু কে এল ৰাহুলে (২১)।

শীৰ্ষক্ৰমৰ বেটাৰসকলৰ দমনীয় প্ৰদৰ্শনেৰে ভাৰতে নিৰ্ধাৰিত অভাৰত ৩৫৭ ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ দিলছান মধুছাংকাই পাঁচটাকৈ উইকেট লাভ কৰে। তেওঁ গীল, বিৰাট আৰু আয়াৰক শতকৰ পৰাও বঞ্চিত কৰে। মধুছাংকাৰ বাদে আন কোনো শ্ৰীলংকাৰ বলাৰ সফল নহ’ল।

৩৫৮ ৰাণৰ বিশাল লক্ষ্য আগত লৈ শ্ৰীলংকাই ইনিংছৰ প্ৰথমটো বলতে উজুটি খায়। পাথুম নিশাংকাক দূৰ্দান্ত এলডব্লিউ কৰে যশপ্ৰীত বুমৰাহে। দ্বিতীয় অভাৰতো মহম্মদ ছিৰাজে দুটাকৈ উইকেট দখল কৰে। এইদৰে এজন এজনকৈ বেটাৰ পেভিলিয়নমুখী হয়। ছিৰাজ-বুমৰাহৰ পাছত আহে মহম্মদ ছামীয়ে। ভয়ংকৰ ৰূপ ধাৰণ কৰে ছামীয়েও। দখল কৰে পাঁচটাকৈ উইকেট।  ছিৰাজে লাভ কৰে তিনিটাকৈ উইকেট। ভাৰতৰ বেগী বলাৰসকলৰ এই পৰাক্ৰমৰ সন্মুখত ১৯.৪ অভাৰত মাত্ৰ ৫৫ ৰাণতে অল আউট হৈ পৰে শ্ৰীলংকা। ৩০২ ৰাণৰ বিশাল ব্যৱধানত জয়ী হয় ভাৰত। 

উল্লেখ্য যে চলিত বৰ্ষত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে দমন অব্যাহত ৰাখিছে। এছিয়া কাপৰ ফাইনেলতো ভাৰতৰ একেধৰণৰ প্ৰদৰ্শন দেখা গৈছিল। সেইবাৰো উজ্বলি উঠিছিল মহম্মদ ছিৰাজ। অনুৰূপ ধৰণে বিশ্বকাপতো শ্ৰীলকাৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখে ফাষ্ট বলাৰগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ