--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুবছৰ আগতে আফগানিস্তানৰ নাম শুনিলেই মনলৈ আহে তালিবানৰ কথা। কিন্তু আফগানিস্তানত তালিবানৰ গুলি-বাৰুদৰ উপৰিও ক্ৰিকেটো জীয়াই আছে।

ইংলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে এই বিশ্বকাপত আফগানিস্তানে জয়ী হৈছে। ইয়াৰ পূৰ্বে এদিনীয়া বিশ্বকাপত ৰছিদৰ জয়ৰ সংখ্যা আছিল এক। ইতিমধ্যে আফগানিস্তানে তিনিখন টেষ্ট খেলা দেশক পৰাস্ত কৰিছে। 
 
কিন্তু ৰছিদ খানহঁতে নিজৰ দেশত খেলিব নোৱাৰে। যিখন দেশত পিছদিনা ৰ’দ দেখাৰ কোনো নিশ্চয়তা নাই, সেইখন দেশত ক্ৰিকেট খেলাটো সঁচাকৈয়ে অবাস্তৱ। গতিকে ঘৰুৱা ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মেচ খেলিলে অনুৰাগীয়ে কেনেকৈ চিঞৰি উঠে ৰছিদ খানহঁতে এতিয়াও নাজানে। ভাৰতত বিশ্বকাপ খেলিবলৈ আহি আফগান দলে দিল্লীৰ মাটিত কিছু সমৰ্থন পাইছিল।

আফগানিস্তান মানেই ক’লা পিন্ধা কিছুমান মানুহ, খায়েৰী জ’ব্বা আৰু হাতত বন্দুক আৰু ক্ষেপণাস্ত্ৰ। সাধাৰণ মানুহৰ চকুত এইখনেই ছৱি। আফগানিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ কৰিম ছাদিকে এতিয়াও পাহৰিব পৰা নাই এখন মেচ। ক্ৰিকেট খেলপথাৰত বোমা নিক্ষেপ কৰা হৈছিল। তেওঁ ক’লে, “মোৰ ওপৰত বোমা নিক্ষেপ কৰা হ’ল। চকুৰ সন্মুখত দেখিলো দৰ্শকসকলে প্ৰাণ ৰক্ষাৰ বাবে দৌৰিছে। বহুত মানুহক বচাবলৈ চেষ্টা কৰিলোঁ। কিন্তু দুৱাৰেদি গৈ দেখিলো ইটোৰ পিছত সিটোকৈ বোমা ফাটিছে। বহুতকে চিকিৎসালয়লৈও লৈ যোৱা হয়।"

তাৰ উপৰিও প্ৰকৃতিৰ ক্ৰোধো আছে। শেহতীয়াকৈ আফগানিস্তানৰ ১২খন গাঁও আধা ঘণ্টাৰ ভিতৰতে তিনিটাকৈ প্ৰচণ্ড ভূমিকম্পই নিঃশেষ কৰি পেলালে। চাৰিদিন পিছত আন এটা ভূমিকম্প হয়। মৃত্যুৰ সংখ্যা প্ৰায় তিনি হাজাৰ হয়।




কিন্তু ইয়াৰ পিছতো আফগানিস্তানৰ জনসাধাৰণে ক্ৰিকেটৰ সৈতে জীয়াই আছে। ক্ৰিকেটে তেওঁলোকক আনন্দ দিয়ে। তালিবানৰ আক্ৰমণেই হওক বা ভূমিকম্পই হওক, আফগান দৰ্শকে কেতিয়াও ক্ৰিকেট চোৱা বন্ধ কৰা নাই। ৰছিদ, মহম্মদ নবী, ৰহমানুল্লাহ গুৰবাজৰ দৰে তাৰকাসকলেও এই আৱেগৰ সন্মান ৰাখিছে। ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে দেশক পৰাস্ত কৰাৰ পিছত কাবুলৰ ৰাজপথত আফগানসকলে ৰাজপথত নচুৱাইছে।

আফগানিস্তানত ঘৰুৱা ক্ৰিকেট আছে। হয়তো সকলো ঠাইতে খেলা-ধূলা কৰাটো সম্ভৱ নহয়। ৰাজনৈতিক কাৰণত বিদেশী ক্ৰিকেটাৰৰ বাবে আফগানিস্তানলৈ গৈ ক্ৰিকেট খেলা বা কোনো ধৰণে সহায় কৰাটো সম্ভৱ নহয়। কিন্তু ঘৰুৱা ক্ৰিকেট আফগানিস্তানতো আছে।

আফগান ক্ৰিকেট ব’ৰ্ডে যুৱ প্ৰতিভাক উলিয়াই আনিবলৈ প্ৰতি বছৰে স্পাগিজা ক্ৰিকেট লীগৰ আয়োজন কৰে। যুদ্ধবিধ্বস্ত দেশখনত মুজিব উৰ ৰহমান, নবীন উল হকৰ দৰে ক্ৰিকেটাৰ তাৰ পৰাই উলাই আহিছে। যদিও আফগানিস্তানত ঘৰুৱা ক্ৰিকেট খেলি বহু দূৰ সপোন দেখা সম্ভৱ নহয়। পাকিস্তানৰ পৰা অহা শৰণাৰ্থী শিবিৰতো ক্ৰিকেট খেলা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক