ডিজিটেল ডেস্ক: ধিং এক্সপ্রেছখ্যাত-অর্জুন কন্যা হিমা দাস। নামেই যাৰ পৰিচয়। এছিয়ান গেমছৰ ইতিহাসত পদকজয়ী অসমৰ প্ৰথমগৰাকী এথলীট ভোগেশ্বৰ বৰুৱাৰ পাছত অসমৰ সবাতোকৈ সফল এথলেটিকছ খেলুৱৈ হিমা দাস। ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত সোণৰ পদক অর্জন কৰিছিল।
তদুপৰি একে স্থানতে ১৯৭০ চনত অনুষ্ঠিত এছিয়ান গেমছতো অসমৰ প্রথমগৰাকী অর্জুন ভোগেশ্বৰ বৰুৱাই ৪×৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক অৰ্জন কৰিছিল। বৰুৱাৰ স্বৰ্ণজয়ী কৃতিত্বৰ ৫১ বছৰৰ পাছত ২০১৮ চনৰ জাকাৰ্টাৰ এছিয়াডত অসম কন্যা হিমাই দুটাকৈ সোণ আৰু এটা ৰূপৰ পদক অর্জনেৰে কাললৈ খ্যাতি অর্জন কৰিলে।
তেওঁ সোণৰ পদক দুটা পাইছিল ক্রমে মহিলাৰ ৪× ৪০০ মিটাৰ ৰীলে আৰু ৪ × ৪০০ মিটাৰ মিক্সড ৰীলেত। তদুপৰি ব্যক্তিগত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰাৰ বেলিকা ৫০.৭৯ ছেকেণ্ড সময় লৈ হিমাই ভংগ কৰিছিল ৰাষ্ট্ৰীয় অভিলেখ। একেটা বৰ্ষৰে (২০১৮) ১২ জুলাইত ধিঙৰ কান্ধুলীমাৰিৰ পৰা ওলাই অহা হিমা দাসে ফিনলেণ্ডৰ টাম্পেৰে নগৰত অনুষ্ঠিত ২০ বছৰ অনূর্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত সোণৰ পদক অর্জনেৰে অসম তথা ভাৰতীয় এথলেটিকছ ক্রীড়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে। শীর্ষ পদকটো জয়ৰ বেলিকা হিমাই সময় লৈছিল ৫১.৪৬ ছেকেণ্ড।
ইয়াৰ আগেয়ে ভাৰতৰ কোনো দৌৰবিদে সেই পর্যায়ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। সেই সময়ছোৱাত প্ৰতিভাৰ আকৰ ৰূপে চিহ্নিত হোৱা হিমাক দেশৰ প্ৰধানমন্ত্ৰীসহিতে ৰজা ঘৰ-প্ৰজা ঘৰৰ সকলো শীর্ষস্থানীয় ব্যক্তি, ক্রীড়াবিদ, দল-সংগঠনে প্রশংসাৰে ওপচাই পেলাইছিল। জোৱাৰ উঠিছিল আদৰণি-সম্বর্ধনা কাৰ্যসূচীৰ। পৰৱৰ্তী সময়ত আঘাতৰ বাবে সফলতাৰ শীৰ্ষত থকা হিমা দাসে হেমষ্ট্ৰিঙৰ অস্ত্রোপচাৰ কৰিবলগীয়া হয়। চিকিৎসকৰ পৰামৰ্শমতে ল'বলগীয়া হয় জিৰণি। চিকিৎসাও দীঘলীয়া হ'ল।
এদিন-দুদিনকৈ এছিয়ান গেমছত এই পর্যন্ত সর্বাধিক পদক অর্জন কৰা অসমীয়া ছোৱালীজনী প্রায় ৭ বছৰেই ট্ৰেকৰ পৰা আঁতৰি থাকিবলগীয়া হয়। সাফল্যৰ সৌধ গঢ়া সময়ছোৱাত হিমাক লৈ ব্যাপক চর্চা চলিল। সাক্ষাৎকাৰ, প্ৰতিবেদন সান্নিধ্যৰে ওপচাই পেলাইছিল তাইক। কিন্তু পিছমুহূর্ততে প্রায় একেখিনি মানুহৰে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় হিমা। পর্যায় এনেকুৱা পালেগৈ যে হিমা দাসৰ অস্তিত্ব, বৰ্তমান আৰু ভৱিষ্যতক লৈ কটু মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰিলে একাংশ দায়িত্ববাহী কর্মকর্তা তথা সংগঠকে। খেলুৱৈ এগৰাকীৰ আঘাত, উত্থান-পতন তথা সফলতা-বিফলতাৰ দিশটো কেৰিয়াৰৰ অন্যতম অংশ। ব্যতিক্রম নহয় হিমা দাস। ইতিমধ্যে তেওঁ আমাক যথেষ্ট দিছে। অভিলেখ, সফলতাৰে জীপাল কৰি আহিছে অসম তথা ভাৰতৰ এথলেটিকছ ক্ষেত্ৰখন। আজিৰ তাৰিখতো তেওঁৰ সময় আৰু বয়সে ভাটি দিয়া নাই। এথলেটিকছকে মূল মন্ত্ৰৰূপে লৈ নীৰৱে শক্তিশালী প্ৰত্যাৱৰ্তনৰ প্ৰস্তুতি চলাই আছে।
হিমাৰ বৰ্তমান ঠিকনা কেৰালাৰ থিৰুৱনন্তপুৰম। য'ত জামাইকাৰ আগশাৰীৰ প্ৰশিক্ষক জেৰিৰ তত্ত্বাৱধানত প্রশিক্ষণ গ্রহণ কৰাৰ লগতে চলাই গৈছে নিয়মীয়া অনুশীলন। তাৰ মাজতে অলপতে আঁঠুৰ সামান্য অস্ত্রোপচাৰ কৰিবলগীয়া হ'ল। অৱশ্যে বর্তমান তেওঁ সম্পূর্ণ সুস্থ, চিন্তামুক্ত। সকলো ঠিকে-ঠাকে থাকিলে অহা বছৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত হিমাই বীৰদর্পে ট্রেক এণ্ড ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ সম্ভাৱনা আছে। ট্ৰেকলৈ উভতি অহাৰ সম্ভাৱনা সন্দৰ্ভত দৌৰবিদ হিমা দাসে অহা ৫-৬ মাহৰ ভিতৰত আন্তর্জাতিক ইনড'ৰ এথলেটিকছ প্রতিযোগিতাৰ জৰিয়তে সমালোচকৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে।
উৎস: দৈনিক জনমভূমি