--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ যোগান বিভাগত এতিয়াও অব্যাহত আছে দুৰ্নীতি৷ ক’লা ব্যৱসায়ীয়ে আত্মসাৎ কৰিছে দৰিদ্ৰ নাগৰিকৰ প্ৰাপ্য৷ ভাৰতীয় সমাজব্যৱস্থাত ধানক লক্ষ্মীদেৱীৰ সৈতে তুলনা কৰা হয়৷ অথচ, সেই প্ৰতীকাত্মক তুলনাকো ভূলুণ্ঠিত কৰি অবাধে চাউলৰ ক’লা বেহা চলাই নিছে একাংশ সুলভ মূল্যৰ ব্যৱসায়ীয়ে৷ অসম চৰকাৰৰ খাদ্য, অসামৰিক আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনস্থ ৰাজ্যৰ সুলভ মূল্যৰ প্ৰতিষ্ঠানত এতিয়াও দুৰ্নীতি অব্যাহত আছে৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ এবছৰ সম্পূৰ্ণ হ’ল৷ আৰু এবছৰ পাছত ৰাজ্যৰ যোগান বিভাগত সংঘটিত হৈ থকা দুৰ্নীতিক প্ৰকাৰন্তৰে স্বীকাৰ কৰিলে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ 

খাদ্য, অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে আজি পুৱা ফেচবুক পোষ্টযোগে ৰাজ্যৰ সমবায় প্ৰতিষ্ঠান আৰু সুলভ মূল্যৰ দোকানৰ দুৰ্নীতি সম্পৰ্কত ৰাজ্যবাসীৰ পৰা ৰাজহুৱা অভিযোগ বিচাৰিছে৷ তেওঁ লিখিছে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আমাৰ অসমৰ প্ৰায় ২.৫০ কোটি বিপিএল কাৰ্ড থকা হিতাধিকাৰীক ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত নিৰ্ধাৰিতভাৱে ৫ কিলোগ্ৰামকৈ আৰু পৰিয়ালে প্ৰতি সৰ্বাধিক ৩৫ কিলোগ্ৰামকৈ চাউল আমি নিৰৱচ্ছিন্নভাৱে যোগান ধৰি আহিছোঁ। ইয়াৰ উপৰিও,  ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি’ৰ জৰিয়তে ৫ কিলোগ্ৰামকৈ অতিৰিক্ত চাউল আমি এই হিতাধিকাৰীসকলক যোগান ধৰিছোঁ। মই ভাবোঁ যে, উক্ত আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে সময়মতে তেওঁলোকৰ প্ৰাপ্য চাউলখিনি পাই আছে। তথাপিও, এইক্ষেত্ৰত কোনো তালিকাভুক্ত ব্যক্তিয়ে যদি নিৰ্ধাৰিত পৰিমাণতকৈ কম চাউল পাইছে তেতিয়াহ’লে আপোনালোকক পোনপটীয়াকৈ মোৰ এই পোষ্টৰ কমেণ্টত উল্লেখ কৰিবলৈ আহ্বান জনাইছোঁ। 
বৰ্তমান সময়ত হিতাধিকাৰীসকলে নিজৰ প্ৰাপ্য চাউল কমকৈ পোৱাৰ কোনো যুক্তি নাই। কিয়নো, আমি এই বিষয়টোত যাতায়তৰ খৰচ, ডিলাৰ মাৰ্জিন তথা কমিছন ইত্যাদি নিয়মিতভাৱে পৰিশোধ কৰি আছোঁ। গতিকে, এইক্ষেত্ৰত, পূৰ্বৰ দৰে চাউল কমকৈ পোৱা অভিযোগৰ যদি পুনৰাবৃত্তি হৈছে তেতিয়াহ’লে আপোনালোকক অনিয়ম চলি থকা সুলভ মূল্যৰ দোকানৰ সম্পূৰ্ণ ঠিকনাসহ ফোন নম্বৰ আদিৰ সবিশেষ জনাবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ।’

ৰঞ্জিত দাসৰ এই ফেচবুক পোষ্টৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি৷ ৰাজ্যখনৰ সহস্ৰাধিক নাগৰিকে মন্ত্ৰী দাসৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুৰ্নীতিৰ সবিশেষ জনোৱা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু