--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ যোগান বিভাগত এতিয়াও অব্যাহত আছে দুৰ্নীতি৷ ক’লা ব্যৱসায়ীয়ে আত্মসাৎ কৰিছে দৰিদ্ৰ নাগৰিকৰ প্ৰাপ্য৷ ভাৰতীয় সমাজব্যৱস্থাত ধানক লক্ষ্মীদেৱীৰ সৈতে তুলনা কৰা হয়৷ অথচ, সেই প্ৰতীকাত্মক তুলনাকো ভূলুণ্ঠিত কৰি অবাধে চাউলৰ ক’লা বেহা চলাই নিছে একাংশ সুলভ মূল্যৰ ব্যৱসায়ীয়ে৷ অসম চৰকাৰৰ খাদ্য, অসামৰিক আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনস্থ ৰাজ্যৰ সুলভ মূল্যৰ প্ৰতিষ্ঠানত এতিয়াও দুৰ্নীতি অব্যাহত আছে৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ এবছৰ সম্পূৰ্ণ হ’ল৷ আৰু এবছৰ পাছত ৰাজ্যৰ যোগান বিভাগত সংঘটিত হৈ থকা দুৰ্নীতিক প্ৰকাৰন্তৰে স্বীকাৰ কৰিলে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ 

খাদ্য, অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে আজি পুৱা ফেচবুক পোষ্টযোগে ৰাজ্যৰ সমবায় প্ৰতিষ্ঠান আৰু সুলভ মূল্যৰ দোকানৰ দুৰ্নীতি সম্পৰ্কত ৰাজ্যবাসীৰ পৰা ৰাজহুৱা অভিযোগ বিচাৰিছে৷ তেওঁ লিখিছে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আমাৰ অসমৰ প্ৰায় ২.৫০ কোটি বিপিএল কাৰ্ড থকা হিতাধিকাৰীক ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত নিৰ্ধাৰিতভাৱে ৫ কিলোগ্ৰামকৈ আৰু পৰিয়ালে প্ৰতি সৰ্বাধিক ৩৫ কিলোগ্ৰামকৈ চাউল আমি নিৰৱচ্ছিন্নভাৱে যোগান ধৰি আহিছোঁ। ইয়াৰ উপৰিও,  ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি’ৰ জৰিয়তে ৫ কিলোগ্ৰামকৈ অতিৰিক্ত চাউল আমি এই হিতাধিকাৰীসকলক যোগান ধৰিছোঁ। মই ভাবোঁ যে, উক্ত আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে সময়মতে তেওঁলোকৰ প্ৰাপ্য চাউলখিনি পাই আছে। তথাপিও, এইক্ষেত্ৰত কোনো তালিকাভুক্ত ব্যক্তিয়ে যদি নিৰ্ধাৰিত পৰিমাণতকৈ কম চাউল পাইছে তেতিয়াহ’লে আপোনালোকক পোনপটীয়াকৈ মোৰ এই পোষ্টৰ কমেণ্টত উল্লেখ কৰিবলৈ আহ্বান জনাইছোঁ। 
বৰ্তমান সময়ত হিতাধিকাৰীসকলে নিজৰ প্ৰাপ্য চাউল কমকৈ পোৱাৰ কোনো যুক্তি নাই। কিয়নো, আমি এই বিষয়টোত যাতায়তৰ খৰচ, ডিলাৰ মাৰ্জিন তথা কমিছন ইত্যাদি নিয়মিতভাৱে পৰিশোধ কৰি আছোঁ। গতিকে, এইক্ষেত্ৰত, পূৰ্বৰ দৰে চাউল কমকৈ পোৱা অভিযোগৰ যদি পুনৰাবৃত্তি হৈছে তেতিয়াহ’লে আপোনালোকক অনিয়ম চলি থকা সুলভ মূল্যৰ দোকানৰ সম্পূৰ্ণ ঠিকনাসহ ফোন নম্বৰ আদিৰ সবিশেষ জনাবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ।’

ৰঞ্জিত দাসৰ এই ফেচবুক পোষ্টৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি৷ ৰাজ্যখনৰ সহস্ৰাধিক নাগৰিকে মন্ত্ৰী দাসৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুৰ্নীতিৰ সবিশেষ জনোৱা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ