--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰক লৈ এতিয়া কংগ্ৰেছে ৰাজনৈতিক সমীকৰণ তৈয়াৰ কৰাত উঠিপৰি লাগিছে৷ ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰখ্যাত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ সৈতে এখন চূড়ান্ত বৈঠক আয়োজন কৰাৰ সম্ভাৱনা আছে৷ লগতে তেওঁক 'আকৰ্ষণীয় প্ৰস্তাৱ' আগবঢ়াই দলত যোগদানৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা সম্ভাৱনা আছে।

উল্লেখ্য যে, যদিও কিশোৰে এতিয়াও কংগ্ৰেছত যোগদানৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰা নাই, তেওঁ একাধিক ৰাজ্যৰ সমাগত বিধানসভা আৰু দেশৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক গতিশীল কৰিবলৈ তথা ইয়াৰ স্থিতি পুনৰুদ্ধাৰৰ বাবে দলটোত 'স্বচ্ছন্দ হস্তক্ষেপ' বিচাৰিছিল বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ কিশোৰক কংগ্ৰেছে কেৱল পৰামৰ্শদাতা হোৱাৰ সলনি দলত যোগদান কৰিবলৈ যোগাযোগ কৰিছিল বুলি জানিব পৰা গৈছে৷ ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে প্ৰশান্ত কিশোৰে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাৰ কথা প্ৰকাশিত হৈছে৷ এক বিশেষ সূত্ৰৰ মতে কংগ্ৰেছৰ ৰণকৌশল সন্দৰ্ভত কিশোৰে ৬০০খন শ্লাইড প্ৰস্তুত কৰা বুলিও চৰ্চা চলিছে। অৱশ্যে তেওঁ ইয়াক কিদৰে উপস্থাপন কৰিছে সেয়া স্পষ্টভাৱে ক’ব পৰা হোৱা নাই। 

কংগ্ৰেছৰ পুনৰুজ্জীৱিত কৰাৰ কাম কৰা তথা বিজেপিক পৰাস্ত কৰিবলৈ দলটোৰ শক্তি বৃদ্ধি তথা মিত্ৰশক্তি গঠনৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা তেওঁ প্ৰস্তুত কৰা বুলি চৰ্চা চলিছে৷ কংগ্ৰেছৰ কিছু ভিতৰুৱা লোকে প্ৰশান্ত কিশোৰ দলটোৰ উপ-সভাপতি হ'ব বিচাৰিছিল বুলি দাবী কৰা বাতৰিৰ সত্যতা অৱশ্যে অস্বীকাৰ কৰিছে৷ কিন্তু এয়া নিশ্চিত যে এক কংগ্ৰেছত যোগদান কৰিলে তেওঁ এক কৰ্তৃত্বশীল অৱস্থানতে অধিষ্ঠিত হ’ব। কিন্তু সেই স্থান তথা ভূমিকা সন্দৰ্ভত ছোনিয়া গান্ধীয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী