--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰক লৈ এতিয়া কংগ্ৰেছে ৰাজনৈতিক সমীকৰণ তৈয়াৰ কৰাত উঠিপৰি লাগিছে৷ ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰখ্যাত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ সৈতে এখন চূড়ান্ত বৈঠক আয়োজন কৰাৰ সম্ভাৱনা আছে৷ লগতে তেওঁক 'আকৰ্ষণীয় প্ৰস্তাৱ' আগবঢ়াই দলত যোগদানৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা সম্ভাৱনা আছে।

উল্লেখ্য যে, যদিও কিশোৰে এতিয়াও কংগ্ৰেছত যোগদানৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰা নাই, তেওঁ একাধিক ৰাজ্যৰ সমাগত বিধানসভা আৰু দেশৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক গতিশীল কৰিবলৈ তথা ইয়াৰ স্থিতি পুনৰুদ্ধাৰৰ বাবে দলটোত 'স্বচ্ছন্দ হস্তক্ষেপ' বিচাৰিছিল বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ কিশোৰক কংগ্ৰেছে কেৱল পৰামৰ্শদাতা হোৱাৰ সলনি দলত যোগদান কৰিবলৈ যোগাযোগ কৰিছিল বুলি জানিব পৰা গৈছে৷ ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে প্ৰশান্ত কিশোৰে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাৰ কথা প্ৰকাশিত হৈছে৷ এক বিশেষ সূত্ৰৰ মতে কংগ্ৰেছৰ ৰণকৌশল সন্দৰ্ভত কিশোৰে ৬০০খন শ্লাইড প্ৰস্তুত কৰা বুলিও চৰ্চা চলিছে। অৱশ্যে তেওঁ ইয়াক কিদৰে উপস্থাপন কৰিছে সেয়া স্পষ্টভাৱে ক’ব পৰা হোৱা নাই। 

কংগ্ৰেছৰ পুনৰুজ্জীৱিত কৰাৰ কাম কৰা তথা বিজেপিক পৰাস্ত কৰিবলৈ দলটোৰ শক্তি বৃদ্ধি তথা মিত্ৰশক্তি গঠনৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা তেওঁ প্ৰস্তুত কৰা বুলি চৰ্চা চলিছে৷ কংগ্ৰেছৰ কিছু ভিতৰুৱা লোকে প্ৰশান্ত কিশোৰ দলটোৰ উপ-সভাপতি হ'ব বিচাৰিছিল বুলি দাবী কৰা বাতৰিৰ সত্যতা অৱশ্যে অস্বীকাৰ কৰিছে৷ কিন্তু এয়া নিশ্চিত যে এক কংগ্ৰেছত যোগদান কৰিলে তেওঁ এক কৰ্তৃত্বশীল অৱস্থানতে অধিষ্ঠিত হ’ব। কিন্তু সেই স্থান তথা ভূমিকা সন্দৰ্ভত ছোনিয়া গান্ধীয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ