--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৰহাট-মাজুলী জলপথত ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক জলপৃষ্ঠ হ্রাস পোৱাত ফেৰী চলাচলত দেখা দিয়া সমস্যাই মাজুলীবাসীক চিন্তিত কৰিছে। এক সূত্রই জনোৱা মতে, এইদৰে জলপৃষ্ঠ হ্রাস হৈ থাকিলে ৰাস, পালনামৰ সময়ত যোৰহাট-মাজুলী জলপথৰ বিশেষকৈ নিমাতী-কমলাবাৰীৰ মাজত ফেৰী চলাচলত ভয়ংকৰ সমস্যাই দেখা দিব।

ডিজিটেল ডেস্ক : ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট-মাজুলী জলপথত ফেৰী চলাচলত ব্যাপক অসুবিধাই দেখা দিছে। নদীখনৰ য'তে ত'তে বালি চৰ পৰি যোৱাৰ পৰিপ্ৰেক্ষিতত ফেৰী চলাচলৰ নিৰ্দিষ্ট চেনেল নোহোৱা হোৱাৰ ফলত এতিয়া সঘনাই জলপথটোত চলাচল কৰা ফেৰীসমূহ বালি চৰত লাগি ধৰাৰ ফলত স্বাভাৱিক ফেৰী চলাচলত অসুবিধাই দেখা দিছে। ব্ৰহ্মপুত্ৰৰ বালিচৰত সঘন ফেৰী আবদ্ধ হোৱাত এতিয়া যাত্রীসকলো উদ্বিগ্ন হৈ পৰিছে। এনেধৰণৰ ঘটনা প্রত্যেক বছৰতে ঘটি অহাৰ পাছতো কিন্তু বিভাগটোৱে সমস্যাটোৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে।


আনহাতে, সম্প্রতি আগন্তুক ৫ টা দিনৰ পাছতেই মাজুলীত ৰাসোৎসৱৰ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব। ইফালে আগন্তুক মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ পালনামতো হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিব। কিন্তু এনে সময়তে যোৰহাট-মাজুলী জলপথত ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক জলপৃষ্ঠ হ্রাস পোৱাত ফেৰী চলাচলত দেখা দিয়া সমস্যাই মাজুলীবাসীক চিন্তিত কৰিছে। এক সূত্রই জনোৱা মতে, এইদৰে জলপৃষ্ঠ হ্রাস হৈ থাকিলে ৰাস, পালনামৰ সময়ত যোৰহাট-মাজুলী জলপথৰ বিশেষকৈ নিমাতী-কমলাবাৰীৰ মাজত ফেৰী চলাচলত ভয়ংকৰ সমস্যাই দেখা দিব। বর্তমান নিমাতী-কমলাবাৰী ঘাটৰ ফেৰী চলাচলৰ নিৰ্দিষ্ট চেনেল বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অন্য চেনেলেৰে ফেৰী চলাচল অব্যাহত আছে যদিও নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ ফেৰী যাত্ৰাৰ সময় বর্তমান পূৰ্বৰ ৪৫মিনিটৰ বিপৰীতে ১ ঘণ্টা ১৫মিনিট সময়ৰ প্ৰয়োজন হৈছে আৰু মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ সময়ৰ প্ৰয়োজন হৈছে দুঘণ্টা। কিন্তু বর্তমান চলাচল কৰি থকা ফেৰী চেনেলটোও বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটাত এতিয়া বিকল্প এক পথৰ সন্ধানত বিভাগ তৎপৰ যদিও যিটো চেনেলেৰে আগন্তুক ৰাসোৎসৱৰ সময়ত ফেৰী চলাচলৰ বাবে বিভাগ বা প্রশাসন তৎপৰ হৈছে সেইটো চেনেল ভকতচাপৰিৰে ঘূৰি নিমাতীলৈ যাবলগীয়া হ'ব আৰু তাৰ বাবে মাজুলীৰ পৰা নিমাতীলৈ ফেৰী যাত্ৰাৰ সময় ৩ ঘণ্টা পর্যন্ত হ'ব পাৰে যিটো যাত্ৰীৰ বাবে এক তিক্ততাৰ কথা হৈ উঠিব।


ইয়াৰ বিপৰীতে এক সূত্ৰই দিয়া খবৰ অনুসৰি, বৰ্তমানৰ কমলাবাৰী ঘাটৰ পৰা ডেৰশ মিটাৰৰ দূৰত্বত থকা দৰবাৰ চাপৰিৰ পৰা এটা পোনপটীয়া ফেৰীৰ চেনেল আছে যিটোৰ দূৰত্ব নিমাতীৰ পৰা আধাঘণ্টা আৰু মাজুলীৰ পৰা প্ৰায় ১ ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব। উক্ত ঘাটলৈ যাবলৈ এটা ডোবা আছে, সেই ডোবাটো মাটিৰে পূৰণ কৰি দিলেই ঘাটটো আগন্তুক ৰাসোৎসৱৰ সময়ত ফেৰী যাত্ৰীৰ বাবে সুচল হ'ব বুলি সূত্রটোৱে জানিবলৈ দিয়ে। এই হ'লেও আগন্তুক ৰাসোৎসৱ আৰু পালনামৰ সময়ত যাতে যাত্ৰীৰ সুবিধা অনুসৰি চমু এক জলপথৰ দ্বাৰা মাজুলীৰ মূল ফেৰীঘাট নিমাতী- কমলাবাৰী ফেৰী ঘাটৰ ফেৰী চলাচল সুচল কৰি তুলিব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মাজুলীবাসীয়ে দাবী উত্থাপন কৰিছে।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি