ইউক্ৰেইন সীমান্তত যুদ্ধংদেহী ৰূপত ৰাছিয়াৰ সেনা। আতংকিত শান্তিপ্রিয় বিশ্ববাসী। দোহৰাৰ প্ৰয়োজন নাই বিশ্বৰ প্ৰমুখ দুই মহাশক্তিৰ মাজৰ সংঘাত হোৱাৰ উপক্ৰম হৈছে ৰাছিয়া- ইউক্ৰেইনৰ মাজৰ সংঘাত। ইউক্ৰেইনক লৈ যুদ্ধৰ ক্ৰমশঃ কাষ চাপিবলৈ আৰম্ভ কৰিছে ৰাছিয়া আৰু আমেৰিকা। আমেৰিকাৰ সৈতে আছে ‘নেটো’ৰ অন্তৰ্ভুক্ত পশ্চিমীয়া দেশসমূহ। আনহাতে, ৰাছিয়াক সমৰ্থন কৰিছে চীনে। এনে পৰিস্থিতিত বিশ্বযুদ্ধ আৰম্ভণিৰ উপক্ৰম হৈছে বুলি যথেষ্ট আতংকিত আৰু শংকিত শান্তিপ্রিয় বিশ্ব জনগণ।
মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই যুদ্ধ হৈ আহিছে। প্ৰাচীন আৰু আধুনিক সভ্যতাত দেশ দখলৰ বাবে যুদ্ধবাজ ৰজা-মহাৰজাই যুদ্ধৰ সূচনা কৰাটো তেনেই সাধাৰণ ঘটনা আছিল। আধুনিক যুগতো দেশ অধিকাৰ, ঔপনিৱেশ স্থাপন তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে বহু যুদ্ধ হৈছে। কিন্তু প্ৰথমেই উল্লেখ কৰিব লাগিব প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ। প্ৰথম বিশ্বযুদ্ধত মৃত্যু হৈছিল প্ৰায় ১ কোটি সামৰিক আৰু অসামৰিক লোকৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হৈছিল ৬ কোটিতকৈ অধিক সামৰিক আৰু অসামৰিক লোকৰ। পৰৱৰ্তী পৰ্যায়ৰ প্ৰমুখ সমৰ ভিয়েটনাম যুদ্ধ, ইৰাক যুদ্ধ, আফগানিস্তান যুদ্ধত মৃত্যু হৈছে বহু লাখ সৈন্য আৰু সাধাৰণ লোকৰ। এনে বৃহৎসংখ্যক লোকৰ মৃত্যুয়ে বিশ্বৰ শুভ বুদ্ধি সম্পন্ন লোকসকলৰ মনত সদায় প্ৰশ্ন উৎপন্ন কৰি আহিছে-যুদ্ধই কি দিয়ে? যুদ্ধই বেদনা, মৃত্যুৰ বাহিৰে আন কিবা দিয়েনে?
বিশ্বৰ কোটি কোটি শান্তিপ্ৰিয় জনতাৰ বিৰোধিতা সত্ত্বেও বাৰম্বাৰ হৈ আহিছে যুদ্ধ। অকালতে পৃথিৱীক বিদায় জনাই আহিছে কোটি কোটি সম্ভাৱনাপূৰ্ণ যুৱকৰ। তেওঁলোকৰ পিতৃ-মাতৃ, পত্নী, সন্তানে কটাবলৈ বাধ্য হৈছে চকুলোৰে সিক্ত কৰুণ জীৱন। দৰাচলতে একাংশ যুদ্ধবাজ ৰাষ্ট্ৰনেতাৰ ইগ’ আৰু সৰ্ব শক্তিশালী হোৱাৰ মানসিকতাৰ বাবেই আধুনিক যুগত সংঘটিত হৈ আহিছে অধিকাংশ যুদ্ধ। সাম্ৰাজ্যবাদী ৰাষ্ট্ৰনেতাৰ ঔপনিৱেশকেন্দ্ৰিক স্বাৰ্থ পূৰণৰ বাবে সংঘটিত হৈছিল প্রথম বিশ্বযুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল বিশ্ব অধিকাৰী হোৱাৰ দুৰাকাংক্ষাৰ হিটলাৰৰ দৰে যুদ্ধপ্রিয় নেতাৰ বাবে। ইয়াৰ পাছত পুঁজিবাদ আৰু বাওঁপন্থাৰ সংঘাতত ১৯৫৭ৰ পৰা ১৯৭৫লৈ চলিছিল ভিয়েটনাম যুদ্ধ। ইৰাক যুদ্ধ সংঘটিত হৈছিল আৰব বিশ্বৰ তৈল সম্পদৰ ওপৰত দখল সাব্যস্ত কৰাৰ মাৰ্কিন নব্য ঔপনিৱেশিক নীতিৰ বাবে। পিতা-পুত্ৰ জৰ্জ বুশ্ব আৰু ছাদ্দাম হুছেইনৰ মাজৰ ইগ’ সংঘাত ইৰাক যুদ্ধৰ এটা কাৰণ আছিল। ছোভিয়েট সেনাৰ সৈতে যুঁজিবলৈ নিজে সৃষ্টি কৰা লাডেন, মোল্লা ওমৰৰ দৰে ইছলামীয় সন্ত্ৰাসবাদীৰ সৈতেই আমেৰিকাই যুঁজ দিব লগা হৈছিল আফগানিস্তান যুদ্ধত।
ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাত চলিছিল যুদ্ধবিৰোধী আন্দোলন। যুৱশক্তি, নাৰী সমাজ ৰাজপথলৈ ওলাই আহি চৰকাৰক দাবী কৰিছিল-‘ভিয়েটনামৰ পৰা ওভতাই আনক আমাৰ ল'ৰাবোৰক।’ আমেৰিকাই ভিয়েটনাম যুদ্ধৰ পৰা সৈন্য অপসাৰণ কৰাৰ অন্যতম কাৰণ আছিল মাৰ্কিন নাগৰিকসকলৰ এনে হেঁচা। এতিয়াও দৰকাৰ নাই নে দেশে দেশে এনে যুদ্ধবিৰোধী আন্দোলনৰ? যেতিয়ালৈকে এই আধুনিক বিশ্বত জৰ্জ বুশ্ব, জি জিনপিং, ডোনাল্ড ট্ৰাম্প, কিম জং উন, ভ্লাডিমিৰ পুটিনৰ দৰে যুদ্ধবাজ নেতা আছে, তেতিয়ালৈকে প্ৰয়োজন আছে যুদ্ধবিৰোধী আন্দোলনৰ। দেশবাসীক দেশপ্ৰেমৰ বাণীৰে বিভ্ৰান্ত কৰি যুদ্ধৰ সমৰ্থক কৰি তুলি আহিছে এনে নেতাসকলে। সাম্প্ৰতিক সময়ত চীনৰ একনায়ক জি জিনপিং এই নেতাসকলৰ ভিতৰত সবাতোকৈ বিপদজনক হিচাপে চিহ্নিত হৈছে।
যি ভাৰতকে ধৰি বহু কেইখন চুবুৰীয়া ৰাষ্ট্ৰক যুদ্ধৰ ভাবুকি প্ৰদান কৰি আহিছে। চীন, ৰাছিয়া, উত্তৰ কোৰিয়াৰ দৰে দেশসমূহৰ নাগৰিকে এতিয়া মুকলিকৈ তেওঁলোকৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ যুদ্ধমুখী আগ্ৰাসনকামী নীতিৰ বিৰোধিতা কৰাৰ প্ৰয়োজন। শান্তিৰ পক্ষে এনে দেশসমূহৰ নাগৰিকসকলে সমন্বিতভাৱে অৱস্থান লৈ নিজ নিজ ৰাষ্ট্ৰনেতাক বাধ্য কৰিব লাগিব আন্ত:ৰাষ্ট্ৰীয় সমন্বয়ৰ নীতি গ্ৰহণ কৰিবলৈ। কাৰণ বিশ্ববাসীৰ চকুৰ সম্মুখত আৰু এনে দেশসমূহৰ শিক্ষিত-সচেতন নাগৰিক সমাজৰ সন্মুখতে আছে হিটলাৰ, মুছ’লিনীৰ দৰে যুদ্ধবাজ সৃষ্ট মানৱতাবিনাশী ৰক্তাক্ত ইতিহাস। যুদ্ধৰ ক্ষেত্ৰত আন সকলো কথা বাদ দি এটা সৰল কথাই সকলোয়ে মনত ৰখা উচিত-‘যুদ্ধত যি হেৰুৱাই আপোনজনক, তেওঁহে উপলব্ধি কৰে যুদ্ধই দিয়া বেদনাক আৰু প্ৰকৃতাৰ্থত ইয়াৰ সাৰশূন্যতাক। যুদ্ধই হৃদয়ত দিয়া বেদনাৰ শূন্যতা পূৰণ অসম্ভৱ মৃতক সৈনিকৰ আপোনসকলৰ বাবে।’