--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আশংকা এতিয়াও আঁতৰা নাই। বুধবাৰে ইউক্ৰেইন সীমান্তৰ পৰা ৰাছিয়াই সৈন্য প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছিল যদিও এই ঘোষণাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। ৰাছিয়াৰ এই দাবীৰ বিপৰীত মন্তব্য কৰিছে আমেৰিকাই। মাৰ্কিন প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে যে ইউক্ৰেইনক সীমান্তৰ পৰা ৰাছিয়াই সৈন্য প্ৰত্যাহাৰ কৰাৰ দাবী সত্য নহয়। বাইডেন প্ৰশাসনৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে, কালি ৰাছিয়ান চৰকাৰে ইউক্ৰেইন সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা বুলি দাবী কৰিছে। এই দাবীৰ জৰিয়তে তেওঁলোকে বিশ্ব সম্প্ৰদায়ৰ ব্যাপক সঁহাৰিও লাভ কৰিছে। কিন্তু আমি জানো যে, এয়া মিছা দাবী। বিষয়াগৰাকীয়ে তেওঁ কৰা মন্তব্যৰ কোনো প্ৰমাণ দিয়া নাই বা কেনেকৈ তেওঁ এইকথা গম পালে সেয়া সদৰি কৰা নাই যদিও আমেৰিকাৰ এই দাবী এতিয়া উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে। তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কয় যে, ইউক্ৰেইন সীমান্তত সৈন্যৰ সংখ্যা বৃদ্ধিহে কৰিছে ৰাছিয়াই। সীমান্তত নতুনকৈ ৭সহস্ৰাধিক সেনা জোৱান মোতায়েন কৰিছে ৰাছিয়াই। এইসকলৰ ভিতৰত ভালেসংখ্যকে বুধবাৰে সীমান্তত হাজিৰ হৈছে। বুধবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ইউক্ৰেইন সীমান্তত তেওঁলোকৰ সমৰ অনুশীলন সামৰি সৈন্যসকল উভতি যোৱা বুলি দাবী কৰিছিল। দেশখনৰ চৰকাৰী টেলিভিচন চেনেলত সৈন্যসকলৰ প্ৰত্যাৱৰ্তনৰ আলোকচিত্ৰও প্ৰকাশ কৰা হৈছিল। কিন্তু এই দাবীৰ বিপৰীতে ইউক্ৰেইনে যুদ্ধৰ আশংকা আঁতৰা নাই বুলি প্ৰকাশ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে আশংকা প্ৰকাশ কৰি আহিছে যে, ৰাছিয়াই যিকোনো মুহূৰ্ততে দেশখনত আক্ৰমণ চলাব পাৰে। তেওঁলোকে সীমান্তৰ পৰা ৰাছিয়াই সৈন্য অপসাৰণ কৰাও দেখা নাই বুলি মন্তব্য কৰিছিল। এই সুৰতে সুৰ মিলাই এতিা মাৰ্কিন গৃহ সচিব এণ্টনী ব্লিংকেনে কৈছে যে, দেশখনৰ ‘ক্ৰিটিকেল ইউনিট’ সীমান্তৰ ফালে আগুৱাই আছে। মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে দাবী কৰিছিল যে, প্রথমে এক লাখ সৈন্য সীমান্ত আছিল যদিও এতিয়া প্ৰায় ডেৰ লাখ ৰাছিয়ান সৈন্যই ইউক্ৰেইন সীমান্ত ঘেৰি ৰাখিছে। আমেৰিকাৰ এই দাবীয়ে এতিয়া যুদ্ধক লৈ নতুন উদ্বেগ-আশংকাৰ সৃষ্টি কৰিলে। উফল্লেখ্য যে, ভাৰতীয় দূতাবাসে সেই দেশত থকা ভাৰতীয়সকলক লৈ উদ্বিগ্ন হৈ পৰিছে আৰু তেওঁলোকক যুদ্ধৰ পূৰ্বেই স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনাইছিল। অস্থায়ীভাৱে সেই দেশখনৰ পৰা ভাৰতীয়সকলক আঁতৰি আহিবলৈ আহ্বান জনোৱা হৈছে। কিভত থকা ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত তাত থকা ভাৰতীয়সকলক সাময়িকভাৱে দেশখন ত্যাগ কৰাৰ পৰামৰ্শ দিছে। বিজ্ঞপ্তিখনৰ জৰিয়তে লগতে প্ৰকাশ কৰা হৈছে যে, দেশখনত থকা ভাৰতীয়সকলে দূতাবাসক তেওঁলোকৰ অৱস্থান সম্পৰ্কে যাতে অৱগত কৰি ৰাখে। মন কৰিবলগীয়া যে, আমেৰিকাকে ধৰি ভালেমান দেশে ইউক্ৰেইনৰ পৰা তেওঁলোকৰ কূটনৈতিক প্ৰতিনিধি আঁতৰাই নিবলৈ আৰম্ভ কৰিছে আৰু নাগৰিকসকলকো দেশখন ত্যাগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এই দেশবোৰৰ মাজত আমেৰিকাৰ লগতে আছে জাৰ্মানী, ইটালী, ব্ৰিটেইন, আয়াৰলেণ্ড, বেলজিয়াম, লুক্সেমবাৰ্গ, দ্য নেডাৰলেণ্ডছ, কানাডা, নৰৱে, ইষ্ট’নিয়া, লিথুৱানিয়া, বুলগেৰিয়া শ্লোভাকিয়া, অষ্ট্ৰেলিয়া, জাপান, ইজৰাইল, ছৌডি আৰব আৰু ইউএই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক