--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ বাজেটত ঘোষণা কৰা কৰ সংস্কাৰৰ প্ৰকৃত প্ৰভাৱ ২০২৫ চনত দেখা যাব। গতিকে ২০২৫ চনৰ জুলাই মাহৰ পৰা আয়কৰ ৰিটাৰ্ণ দাখিলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব আৰু এতিয়াৰে পৰা ইয়াৰ সৈতে জড়িত নথি-পত্ৰ চাব লাগিব। কৰ কৰ্তন আৰু ৰেহাইৰ সৰ্বোচ্চ সুবিধা লাভ কৰিবলৈ আপুনি এতিয়াৰ পৰা ব্যৱস্থা কৰিব লাগিব। এতিয়াৰে পৰা নতুন নিয়মৰ আপডেট সম্পৰ্কীয় নথি-পত্ৰ সংগ্ৰহ কৰিব লাগিব।

ফিক্সড ডিপ’জিটৰ বাবে এই প্ৰস্তুতিসমূহ কৰক

ফিক্সড ডিপ’জিটৰ সৈতে জড়িত বহু নিয়ম কটকটীয়া কৰিছে ৰিজাৰ্ভ বেংকে। সেই অনুসৰিও প্ৰস্তুতি চলাব লাগিব। আপুনি দাখিল কৰা নথিখনত ​​মনোনীতজনক ঘোষণা কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য। ইয়াৰ বাবেও আপুনি প্ৰস্তুতি চলাব লাগিব। গ্ৰাহকে ফিক্সড ডিপ’জিটৰ পৰা ধন উলিয়াব পৰাকৈ বহু নিয়ম সৰল কৰা হৈছে। 

দেশৰ যিকোনো বেংক শাখাৰ পৰা উলিয়াব পাৰিব পেঞ্চন 

ইপিএফঅ’ৰ আধুনিকীকৰণৰ ভিত্তিত ১ জানুৱাৰীৰ পৰা বহুতো নতুন সুবিধা লাভ কৰিব আপোনালোকে। এইবাৰ এটিএম কাৰ্ডৰ পৰা পেঞ্চন উলিওৱাৰ সুবিধাৰ লগতে দেশৰ যিকোনো বেংক শাখাৰ পৰা পেঞ্চন উলিওৱাৰ সুবিধাও লাভ কৰিব। অৰ্থাৎ পেঞ্চন ব্যৱস্থাটো বেংকৰ পৰা সম্পূৰ্ণ স্বাধীন কৰি তোলা হৈছে।

ক্ৰেডিট কাৰ্ডৰ সৈতে খৰচ কৰিলে এয়াৰপৰ্ট লাউঞ্জত পাব সুবিধা 

Rupay ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নিৰ্ধাৰিত সীমাতকৈ অধিক খৰচ কৰিলে বিমানবন্দৰৰ লাউঞ্জতো বিশেষ সুবিধা লাভ কৰিব। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে ২০২৫ চনৰ পৰা এই ব্যৱস্থা কৰিবলৈ ওলাইছে। একেদৰে ইউপিআই পেমেণ্ট ইন্টাৰফেছে এতিয়া তৃতীয় পক্ষৰ এপ অৰ্থাৎ বেংকৰ বাহিৰে আন এজেন্সীক সমৰ্থন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ