ডিজিটেল ডেস্ক: ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ নির্বাচিত হৈছে চিংফৌ ছবি 'ডিয়েৰ আৱা'। ড° লাচিত বৰুৱা পৰিচালিত পূর্ণদৈৰ্ঘ্যৰ ছবি হ'ল এই 'ডিয়েৰ আৱা'। অধ্যাপক লাচিত বৰুৱা একেধাৰে বিশিষ্ট শিক্ষাবিদ, সু-লেখক, গৱেষক, ইতিহাসবিদ, চিত্ৰ পৰিচালক হোৱাৰ লগতে এজন উদ্যোগী আৰু সমাজহিতৈষী ব্যক্তি। চিংফৌ ভাষাত ইতিমধ্যে ছবিখন ডাব কৰা হৈছে। চিংফৌ সমাজক লৈ ড° বৰুৱাই কৰা দীর্ঘদিনীয়া গৱেষণাৰ ফচল হৈছে এই ছবিখন। ছবিখনত চিংফৌ সমাজৰ ৰীতি-নীতি, ধর্মীয় বিশ্বাস, তেওঁলোকৰ সমস্যা, উত্তৰ-পূবৰ উগ্ৰপন্থীৰ সমস্যাত তেওঁলোক কেনেদৰে জৰ্জৰিত আদিকে ধৰি বিভিন্ন দিশ কেমেৰাৰ ভাষাৰে তুলি ধৰা হৈছে।
এম বি প্রডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা, কাহিনী আৰু পৰিচালনা ড° লাচিত বৰুৱাৰ। অসম-অৰুণাচলৰ সীমান্তত ছবিখনৰ চিত্রগ্রহণ কৰিছিল পাপু ডেকাই। সমুজ্জ্বল কাশ্যপে সম্পাদনা কৰা ছবিখনৰ শব্দগ্রহণ কৰিছে জ্যোতি চেতিয়াই। ছবিখনত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী অতুল বৰাই ইয়াৰ পূৰ্বে 'সূর্য তেজৰ অন্য এক নাম', 'বেলকনিত ভগৱান'কে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে।
গৌৰৱৰ বিষয় যে 'ডিয়েৰ আৱা' (ডিয়েৰ ফাদাৰ)-এ ২০২৭ চনত অনুষ্ঠিত হ'বলগীয়া ১৯ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখালৈ আনুষ্ঠানিকভাৱে নির্বাচিত হোৱাৰ লগতে ২৫ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ 'চিনেমা অব্ কা বর্ল্ড' শাখালৈও আনুষ্ঠানিকভাৱে নির্বাচিত হৈছে। উৎস: দৈনিক জনমভূমি