--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৌৰ প্ৰতিযোগিতাত ঘোঁৰাক পৰাস্ত কৰাটো মুখৰ কথা নহয়। ঘোঁৰা মানেই যেন দৌৰ! সেই ঘোঁৰাক দৌৰি পৰাস্ত কৰাতো, তাকো প্ৰতিযোগিতাত! মানুহৰ পক্ষে কিমান সহজসাধ্য? কিন্তু এই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে এগৰাকী যুৱকে। হয়, ৩৬ কিলোমিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰিছে ৰিকি লাইটফুটে। যুক্তৰাজ্যৰ ৱেলছত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ৰিকিয়ে এই দৌৰ প্ৰতিযোগিতাত প্ৰায় ৫০টা ঘোঁৰাক অতিক্ৰমী বিজয়ী হৈছে! ১৯৮০ চনত ৱেলছত আৰম্ভ হৈছিল এই ব্যতিক্ৰমী প্ৰতিযোগিতা। এতিয়ালৈকে ৰিকিৰ সৈতে এই প্ৰতিযোগিতাত মাত্ৰ তিনিজন লোকেহে প্ৰথম স্থান লাভ কৰিছে। বাকী প্ৰতিযোগিতাবোৰত এই কীৰ্তি আছে ঘোঁৰাৰ দখলত।

খবৰ অনুসৰি, ৰিকি কেনেৰী দ্বীপপুঞ্জৰ টেনেৰিফৰ বাসিন্দা। ৱেলছলৈ আহিবলগীয়া হোৱা সময়ত বহু দূৰ বাট অতিক্ৰম কৰিবলগীয়া হৈছে তেওঁ। একেৰাহে ২৯ ঘণ্টা সাৰ পাই থাকিব লগা হৈছিল ৰিকিয়ে৷ এই সকলোবোৰৰ লগে লগে প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিবলগীয়া হৈছিল ৰিকিয়ে।
ইফালে, ৰিকিৰ ইতিমধ্যে দৌৰাৰ অভিজ্ঞতা পূৰ্বৰ পৰাই আছে। কিন্তু ৱেলছৰ প্ৰতিযোগিতাত যে তেওঁ প্ৰথম হৈছে সেই কথা তেওঁ উপলব্ধি কৰা নাছিল। কাৰণ, মানুহ আৰু ঘোঁৰাৰ দৌৰাৰ পথ আছিল বেলেগ। পৰৱৰ্তী সময়ত চৌপাশৰ মানুহক সোধ পোছ কৰোতেহে জানিবলৈ পোৱা গ’ল যে, প্ৰতিযোগিতাত ১০০০ মানুহ আৰু ৫০ টা ঘোঁৰাক চেৰ পেলাই বিজয়ী হৈছে ৰিকি। গোটেই বাট দৌৰিবলৈ ৰিকিক ২ ঘণ্টা ২২ মিনিট ২৩ ছেকেণ্ড সময় লাগিছিল। পুৰস্কাৰ হিচাপে ৰিকিয়ে লাভ কৰিছে ৪ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ