--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন আচৰিত মানুহ। বিষাক্ত সাপে মানুহজনক ২০০ বাৰতকৈও অধিক কামুৰিছে তথাপিও কিন্তু তেওঁ জীয়াই আছে। এই বিষাক্ত সাপবোৰৰ ভিতৰত মাম্বাৰ পৰা ক'ব্ৰালৈকে আছে। বিশেষ কথাটো হ’ল তেওঁ ইচ্ছাকৃতভাৱে এই সাপকেইটাৰে নিজকে খুঁটিবলৈ দিয়ে যাতে প্ৰথম ইউনিভাৰ্চেল এন্টি-ভেনম (শৰীৰত সাপৰ বিষৰ প্ৰভাৱ দূৰ কৰিব পৰা ঔষধ) বনাব পৰা যায়।

মানুহজনৰ নাম টিম ফ্ৰাইড। তেওঁৰ বয়স ৫৩ বছৰ আৰু তেওঁৰ ঘৰ আমেৰিকাৰ উইচকনচিনত। তেওঁ ঘৰতে বহু প্ৰকাৰৰ সাপ ৰাখি থৈছে। সাধাৰণতে সাপে কামোৰাৰ প্ৰভাৱ তেওঁৰ শৰীৰৰ ওপৰত পৰা নাই কিন্তু ২০০১ চনত দুটা বিষাক্ত কব্ৰা সাপৰ কামোৰৰ বাবে টিমৰ মৃত্যু হোৱাৰ উপক্ৰম হৈছিল। সেই কাণ্ডৰ কথা মনত পেলাই টিমে কয় – ''১ ঘণ্টাৰ ভিতৰতে দুটা ক'ব্ৰা সাপে মোক কামুৰিছিল। মই প্ৰায় মৰি যোৱাৰ দৰে হৈছিলোঁ। মোৰ শৰীৰত ইমানেই ইমিউনিটি আছিল যে এটা সাপৰ কামোৰ সহ্য কৰিব পাৰিছিলো, কিন্তু দুটা সাপৰ নহয়।'' সাপে খুটাৰ পাছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। য'ত তেওঁ ৪ দিন ক'মাত থাকিল। 

চেতনা ঘূৰি অহাৰ পিছত টিমে কেৱল সাপৰ সৈতে কাম কৰাৰ সিদ্ধান্ত লয়। এতিয়া তেওঁ চেণ্টিভেক্সৰ কেলিফৰ্ণিয়া ভেকচিনেচন ৰিচাৰ্চ কোম্পানীৰ হাৰ্পেট’লজীৰ সঞ্চালকৰ মুৰব্বী হিচাপে কাম কৰি আছে। গৱেষণাৰ সময়ত টিমে নিজকে ২০০ বাৰতকৈও অধিক বিষাক্ত সাপে কামুৰিবলৈ নিজৰ শৰীৰটো এৰি দিছে। তেওঁ এটা ইউনিভাৰ্চেল এন্টি-ভেনম বনাব বিচাৰে যাতে যিকোনো সাপৰ কামোৰৰ চিকিৎসা কৰিব পৰা যায়। টিমে লগতে কয় যে যেতিয়াই সাপে কামোৰে তেতিয়াই বহুত বিষ হয়। যেন একেলগে ১০০ টা মৌমাখিয়ে কামোৰিছে। প্ৰতিবেদন অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বছৰি প্ৰায় ৫৪ লাখ লোকক সাপে কামোৰে। ইয়াৰে ৮১ হাজাৰৰ পৰা ১ লাখ ৩৮ হাজাৰ লোকৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি