--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি, বাংলাদেশৰ এজন দালালৰ সহায় লৈ তেওঁলোকে মেঘালয়ৰ টুৰা সীমান্তৰে ভাৰতীয় ভূখণ্ডলৈ অনুপ্ৰৱেশ কৰিছিল।

ডিজিটেল ডেস্ক: গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰে'লৱে সুৰক্ষা বাহিনী (RPF)ৰ এক বৃহৎ সফলতা। ষ্টেচনটোত চলোৱা এক বিশেষ অভিযানত ১১ জন সন্দেহজনক বাংলাদেশী পুৰুষক আটক কৰা হয়। জানিব পৰা মতে, চেন্নাইৰ টাম্বৰাম অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে RPFৰ জালত পৰে এই দলটো।


প্ৰাথমিক তদন্তৰ ভিত্তিত সন্দেহ কৰা হৈছে যে দলটোৱে কোনো বৈধ নথি অবিহনেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। অভিযোগ অনুসৰি, বাংলাদেশৰ এজন দালালৰ সহায় লৈ তেওঁলোকে মেঘালয়ৰ টুৰা সীমান্তৰে ভাৰতীয় ভূখণ্ডলৈ অনুপ্ৰৱেশ কৰিছিল।


ধৃত লোককেইজনৰ প্ৰকৃত পৰিচয় আৰু যাত্ৰাপথৰ বিষয়ে জানিবলৈ বৰ্তমান RPFএ তীব্ৰ জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰি তেওঁলোকৰ হাতত থকা নথি-পত্ৰসমূহো পৰীক্ষা কৰা হৈছে।


এই সমগ্ৰ ঘটনাৰ আঁৰত থকা অবৈধ অনুপ্ৰৱেশকাৰী নেটৱৰ্কৰ সন্ধানত নামি পৰিছে তদন্তকাৰী দল। সীমান্ত অতিক্ৰম কৰোৱা আন্তঃৰাজ্যিক তথা আন্তঃসীমান্ত দালাল চক্ৰটোক চিনাক্ত কৰাৰ বাবে তদন্ত প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰা হৈছে।


বৰ্তমান ধৃত সন্দেহজনক বাংলাদেশীকেইজনক লৈ আইনী আনুষ্ঠানিকতা সম্পন্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে। এই গ্ৰেপ্তাৰে সীমান্তৰ সুৰক্ষা আৰু অবৈধ অনুপ্ৰৱেশৰ এক বৃহৎ চক্ৰৰ সক্ৰিয়তাক পুনৰ পোহৰলৈ আনিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী