--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰ্তমান সময়ত গৰম বন্ধৰ পৰিৱেশ বহু সলনি হৈছে আৰু আধুনিকতাৰ মাজতো ইয়াৰ মাদকতা কেনেকৈ ধৰি ৰাখিব পাৰি সেই উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ভাগিনসকললৈ লিখিলে মুকলি চিঠি।

ডিজিটেল ডেস্ক: এতিয়া গৰম বন্ধৰ সময়। গৰম বন্ধৰ মাদকতাই সুকীয়া। গৰম বন্ধ বুলিলেই হয়তো আপোনাৰো মনত পৰে সোণালী শৈশৱৰ সময়বোৰ ৷ গৰম বন্ধ বুলিলেই সকলোৱে মোমায়েকৰ ঘৰলৈ ঢাপলি মেলে৷ বাকী কেনিও নোযোৱা ল’ৰা-ছোৱালীবোৰে সমনীয়াৰ সৈতে বিভিন্ন খেল-ধেমালিৰে সময় অতিবাহিত কৰাৰ উপৰি বিভিন্ন আলোচনী আদিৰ মাজতে বিচাৰি পায় গৰম বন্ধৰ মাদকতা ৷ কিন্তু সময়বোৰ লাহে লাহে সলনি হ’ল। বৰ্তমান সময়ত গৰম বন্ধ বুলিলে আজিৰ শিশু, কিশোৰ-কিশোৰীসকল ব্যস্ত হৈ পৰে বিভিন্ন সৃষ্টিশীল কৰ্মত। অংশগ্ৰহণ কৰে বিভিন্ন কৰ্মশালাত। 


শৈশৱৰ গৰমৰ বন্ধৰ দিনবোৰ সকলোৰে বাবে বৰ মধুৰ। এই বন্ধৰ সময়ছোৱাত মুকলি পথাৰত খেলা-ধূলা কৰা, মামাৰ ঘৰলৈ ফুৰিবলৈ যোৱা, আইতা-ককাৰ পৰা সাধু শুনা আদি স্মৃতি বহুজনৰ মনত সজীৱ হৈ থাকে। বৰ্তমান সময়ত গৰম বন্ধৰ পৰিৱেশ বহু সলনি হৈছে আৰু আধুনিকতাৰ মাজতো ইয়াৰ মাদকতা কেনেকৈ ধৰি ৰাখিব পাৰি সেই উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ভাগিনসকললৈ লিখিলে মুকলি চিঠি। মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে-


‘‘মৰমৰ ভাগিনসকল,

এতিয়া নিশ্চয় তোমালোকৰ গৰমৰ বন্ধ চলি আছে। তোমালোকৰ দৰে ময়ো শৈশৱত এই সময়খিনিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ। কিয়নো গৰমৰ বন্ধ মানেই আছিল বিদ্যালয়ৰ চৌহদৰ বাহিৰে এখন নতুন পৃথিৱীৰ সৈতে চিনাকি হোৱাৰ এক বিশেষ সুযোগ। গৰমৰ বন্ধ মানেই আছিল মামাৰ ঘৰলৈ যোৱা, নতুন ঠাই চোৱা, খুৰা-খুৰী, ককা-আইতা আৰু ককাই-ভাই-ভনীৰ সৈতে হাঁহি-ধেমালিৰে সময় কটোৱা। গাঁৱত ডাঙৰ হোৱাসকলৰ বাবে এই সময়খিনি আৰু অধিক বিশেষ আছিল-- গছৰ পৰা বতৰৰ ফল ছিঙি খোৱা, পুখুৰীত মাছ ধৰা, পথাৰত খেলাধূলা কৰা, সন্ধিয়ালৈ ক্ৰিকেট বা ফুটবল খেলি ঘৰলৈ ওভতা। আজিও সেই স্মৃতিবোৰ মনত পৰিলেই এক বিশেষ আনন্দ অনুভৱ কৰোঁ।


আজি সময় সলনি হৈছে। ম'বাইল ফোন আৰু ইণ্টাৰনেটে আমাৰ জীৱন বহুখিনি সহজ কৰিছে। কিন্তু মোৰ বিশ্বাস, জীৱনৰ কিছুমান বাস্তৱ অভিজ্ঞতা কোনো ডিজিটেল স্ক্ৰীনে দিব নোৱাৰে। সেইবাবেই এই গৰমৰ বন্ধত তোমালোকলৈ মোৰ এটা আন্তৰিক অনুৰোধ। যদি সুযোগ পোৱা, এবাৰ নিজ নিজ মামাৰ ঘৰলৈ গৈ আহিবা। আইতা-ককাৰ লগত বহি সাধু শুনিবা, বন্ধু-বান্ধৱীৰ সৈতে খেলিবা, এখন ভাল কিতাপ পঢ়িবা অথবা নতুন কিবা শিকাৰ চেষ্টা কৰিবা। যদি মা-দেউতাই ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে অসমৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে ছাইন্স চিটী, শ্বহীদ স্মাৰক, লাচিত বৰফুকনৰ মৈদাম আদি ঠাইও চাই অভিজ্ঞতা বুটলিব পাৰা।


আৰু এটা বিশেষ কাম নিশ্চয় কৰিবা--‌ নিজৰ বন্ধু-বান্ধৱী, শিক্ষক-শিক্ষয়িত্ৰী, আত্মীয়-স্বজন অথবা সমাজ জীৱনৰ কোনো প্ৰিয় ব্যক্তিলৈ এখন চিঠি লিখিবা। আজিৰ সময়ত চিঠি লিখাৰ অভ্যাস দিনে দিনে কমি আহিছে যদিও চিঠিয়ে মনৰ অনুভৱ গভীৰভাৱে প্ৰকাশ কৰাত সহায় কৰে আৰু মানুহক অধিক সৃষ্টিশীল কৰি তোলে।


মই আশা কৰিছোঁ, এইবাৰৰ গৰমৰ বন্ধত তোমালোকে নতুন অভিজ্ঞতা, নতুন চিন্তা আৰু নতুন স্মৃতিৰে সমৃদ্ধ হৈ উঠিবা।

সকলোৱে ভালে থাকিবা দেই।’’



FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ