--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওম পুৰীৰ প্ৰাক্তন পত্নী নন্দিতা পুৰীয়ে কেকেৰ মৃত্যুৰ বাবে কলকাতাক দোষাৰোপ কৰিছে। গায়ক কেকেৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কালি কলকাতাৰ এছএছকেএম চিকিৎসালয়ত সম্পন্ন কৰা হৈছিল। তাৰ পিছতে তেওঁৰ মৃতদেহ মুম্বাইলৈ লৈ যোৱা হৈছিল। গায়কজনৰ অন্তিম সংস্কাৰ আজি মুম্বাইৰ ভাৰ্ছোভা শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁ মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চত প্ৰদৰ্শন কৰিবলৈ আহিছিল। 

অনুষ্ঠানটোৰ শেষত, তেওঁ হোটেললৈ ৰাওনা হয়। খবৰ অনুসৰি কেকে হোটেলখনত অসুস্থ হৈ পৰিছিল তেতিয়াই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। কে.কে মৃত্যুৰ লগে-লগে এতিয়া উত্থাপিত হৈছে অনেক প্ৰশ্ন। শেহতীয়াকৈ নন্দিতাৰ মন্তব্যই এতিয়া বিষয়টোৰ ওপৰত  এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

নন্দিতাই লিখিছিল, "পশ্চিম বংগৰ বাবে ই এক লজ্জাৰ কথা। মূলত কলকাতাই আছিল যিয়ে কেকেক হত্যা কৰিছিল। ৰাজ্য চৰকাৰে নজৰুল মঞ্চত তেওঁলোকৰ দোষ ঢাকিবলৈ এতিয়া চেষ্টা কৰি আছে। মাত্ৰ ২৫০০ লোক সমবেত হব পৰা প্ৰেক্ষাগৃহত ৭,০০০ লোক সমবেত হৈছিল, এচিয়ে কাম কৰা নাছিল, গায়কজনে আনকি চাৰিবাৰ অভিযোগ কৰিছিল। ইয়াৰ পাছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে।   কোনো প্ৰাথমিক চিকিৎসা নাছিল। আমি ঘটনাটোৰ চিবিআই তদন্ত বিচাৰো। তেতিয়ালৈকে বাঙালীসকলক বৰ্জন কৰা উচিত। 



মৃত্যুৰ আগমূহুৰ্তত কেকে হোটেলখনত কি কৰি আছিল? ইয়াৰ বিষয়ে কৌতূহলৰ কোনো অন্ত নাছিল।  হোটেলৰ চিচিটিভি ফুটেজত দেখা গৈছিল যে অনুষ্ঠানটোৰ শেষত তেওঁ অস্বাভাৱিকভাৱে লিফ্টৰ পৰা ওলাই আহিছিল। তেওঁৰ ডিঙিত এখন টাৱেলো দেখা গৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, তেওঁ অসহ্য গৰম অনুভৱ কৰিছিল, যি তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক