--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওম পুৰীৰ প্ৰাক্তন পত্নী নন্দিতা পুৰীয়ে কেকেৰ মৃত্যুৰ বাবে কলকাতাক দোষাৰোপ কৰিছে। গায়ক কেকেৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কালি কলকাতাৰ এছএছকেএম চিকিৎসালয়ত সম্পন্ন কৰা হৈছিল। তাৰ পিছতে তেওঁৰ মৃতদেহ মুম্বাইলৈ লৈ যোৱা হৈছিল। গায়কজনৰ অন্তিম সংস্কাৰ আজি মুম্বাইৰ ভাৰ্ছোভা শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁ মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চত প্ৰদৰ্শন কৰিবলৈ আহিছিল। 

অনুষ্ঠানটোৰ শেষত, তেওঁ হোটেললৈ ৰাওনা হয়। খবৰ অনুসৰি কেকে হোটেলখনত অসুস্থ হৈ পৰিছিল তেতিয়াই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। কে.কে মৃত্যুৰ লগে-লগে এতিয়া উত্থাপিত হৈছে অনেক প্ৰশ্ন। শেহতীয়াকৈ নন্দিতাৰ মন্তব্যই এতিয়া বিষয়টোৰ ওপৰত  এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

নন্দিতাই লিখিছিল, "পশ্চিম বংগৰ বাবে ই এক লজ্জাৰ কথা। মূলত কলকাতাই আছিল যিয়ে কেকেক হত্যা কৰিছিল। ৰাজ্য চৰকাৰে নজৰুল মঞ্চত তেওঁলোকৰ দোষ ঢাকিবলৈ এতিয়া চেষ্টা কৰি আছে। মাত্ৰ ২৫০০ লোক সমবেত হব পৰা প্ৰেক্ষাগৃহত ৭,০০০ লোক সমবেত হৈছিল, এচিয়ে কাম কৰা নাছিল, গায়কজনে আনকি চাৰিবাৰ অভিযোগ কৰিছিল। ইয়াৰ পাছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে।   কোনো প্ৰাথমিক চিকিৎসা নাছিল। আমি ঘটনাটোৰ চিবিআই তদন্ত বিচাৰো। তেতিয়ালৈকে বাঙালীসকলক বৰ্জন কৰা উচিত। 



মৃত্যুৰ আগমূহুৰ্তত কেকে হোটেলখনত কি কৰি আছিল? ইয়াৰ বিষয়ে কৌতূহলৰ কোনো অন্ত নাছিল।  হোটেলৰ চিচিটিভি ফুটেজত দেখা গৈছিল যে অনুষ্ঠানটোৰ শেষত তেওঁ অস্বাভাৱিকভাৱে লিফ্টৰ পৰা ওলাই আহিছিল। তেওঁৰ ডিঙিত এখন টাৱেলো দেখা গৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, তেওঁ অসহ্য গৰম অনুভৱ কৰিছিল, যি তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ