--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদ : বিয়াৰ পাছত এৰি গৈছিল পত্নীয়ে। তাৰ পাছতে নাৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ এক ভয়ংকৰ পথ গ্ৰহণ কৰিলে হায়দৰাবাদৰ এজন কুখ্যাত অপৰাধীয়ে। ৪৫বছৰীয়া লোকজন আৰক্ষীৰ জালত পৰাৰ পাছত এই শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে। লোকজনে ১৮গৰাকীকৈ নাৰীৰ পৰিকল্পিতভাৱে হত্যা কৰা বুলি প্ৰকাশ কৰিছে। মঙলবাৰে এই কুখ্যাত ছিৰিয়েল কিলাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰু পঢ়িব পাৰিব :দেৰগাঁৱত আৰক্ষীৰ বৰ্বৰতা : মহিলাক অত্যাচাৰ, বৃদ্ধা গুলীবিদ্ধ

লোকজনৰ গ্ৰেপ্তাৰৰ পাছতে শেহতীয়া দুটা হত্যাৰ তথ্যও পোহৰলৈ আহিছে। দুগৰাকী মহিলাক অলপ দিনৰ আগতে হত্যা কৰিছিল লোকজনে। আৰক্ষীৰ টাস্ক ফ’ৰ্চে পেচাত ‘ষ্টোন কাটাৰ’ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মুঠ ২১টা গোচৰত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১৮টাকৈ হত্যাৰ গোচৰ। সম্পত্তি সম্পৰ্কীয় অপৰাধ, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ দৰে গোচৰো আছে লোকজনৰ বিৰুদ্ধে।

আৰু পঢ়িব পাৰিব :কাজিৰঙাত বলীউড তাৰকা আয়ুষ্মান খুৰানা, অনুভৱ সিনহা

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২১ বছৰ বয়সত লোকজনে বিয়া কৰাইছিল যদিও কিছুদিনৰ পাছতে তেওঁৰ পত্নীয়ে তেওঁ এৰি আন লোক এজনলৈ পলাই যায়। তাৰ পাছৰ পৰাই নাৰীৰ বিৰুদ্ধে অপৰাধ কৰিবলৈ আৰম্ভ কৰে লোকজনে। ২০০৩চনৰ পৰা তেওঁৰ এই ভয়ংকৰ কাৰ্য আৰম্ভ। অকলশৰীয়া নাৰীসকলক লক্ষ্য কৰি লোৱা লোকজনে তেওঁলোকক প্ৰথমে আৰ্থিক আৰু শাৰীৰিক সাহায্য প্ৰদানেৰে সম্পৰ্ক স্থাপন কৰাৰ পাছত পৰিকল্পিতভাৱে হত্যা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ