--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদ : বিয়াৰ পাছত এৰি গৈছিল পত্নীয়ে। তাৰ পাছতে নাৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ এক ভয়ংকৰ পথ গ্ৰহণ কৰিলে হায়দৰাবাদৰ এজন কুখ্যাত অপৰাধীয়ে। ৪৫বছৰীয়া লোকজন আৰক্ষীৰ জালত পৰাৰ পাছত এই শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে। লোকজনে ১৮গৰাকীকৈ নাৰীৰ পৰিকল্পিতভাৱে হত্যা কৰা বুলি প্ৰকাশ কৰিছে। মঙলবাৰে এই কুখ্যাত ছিৰিয়েল কিলাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰু পঢ়িব পাৰিব :দেৰগাঁৱত আৰক্ষীৰ বৰ্বৰতা : মহিলাক অত্যাচাৰ, বৃদ্ধা গুলীবিদ্ধ

লোকজনৰ গ্ৰেপ্তাৰৰ পাছতে শেহতীয়া দুটা হত্যাৰ তথ্যও পোহৰলৈ আহিছে। দুগৰাকী মহিলাক অলপ দিনৰ আগতে হত্যা কৰিছিল লোকজনে। আৰক্ষীৰ টাস্ক ফ’ৰ্চে পেচাত ‘ষ্টোন কাটাৰ’ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মুঠ ২১টা গোচৰত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১৮টাকৈ হত্যাৰ গোচৰ। সম্পত্তি সম্পৰ্কীয় অপৰাধ, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ দৰে গোচৰো আছে লোকজনৰ বিৰুদ্ধে।

আৰু পঢ়িব পাৰিব :কাজিৰঙাত বলীউড তাৰকা আয়ুষ্মান খুৰানা, অনুভৱ সিনহা

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২১ বছৰ বয়সত লোকজনে বিয়া কৰাইছিল যদিও কিছুদিনৰ পাছতে তেওঁৰ পত্নীয়ে তেওঁ এৰি আন লোক এজনলৈ পলাই যায়। তাৰ পাছৰ পৰাই নাৰীৰ বিৰুদ্ধে অপৰাধ কৰিবলৈ আৰম্ভ কৰে লোকজনে। ২০০৩চনৰ পৰা তেওঁৰ এই ভয়ংকৰ কাৰ্য আৰম্ভ। অকলশৰীয়া নাৰীসকলক লক্ষ্য কৰি লোৱা লোকজনে তেওঁলোকক প্ৰথমে আৰ্থিক আৰু শাৰীৰিক সাহায্য প্ৰদানেৰে সম্পৰ্ক স্থাপন কৰাৰ পাছত পৰিকল্পিতভাৱে হত্যা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ