--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ পৰা পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ গোচৰ। ইয়াত ২০ দিনৰ ভিতৰত এজন এজনকৈ পৰিয়ালটোৰ ৫ জন সদস্যৰ মৃত্যু হয়। পৰিয়ালৰ আন দুজন সদস্য আৰু এজন চালকে এতিয়াও একেধৰণৰ লক্ষণ লৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। বিষয়টো পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় এক আলোড়নৰ। ইয়াৰ পিছত আৰক্ষীয়ে এই মৃত্যুৰ ৰহস্য সমাধান কৰিবলৈ আৰম্ভ কৰে। বিষয়টো পোহৰলৈ অহাত সকলোৱে স্তম্ভিত হৈ পৰিল।

বিশ দিনত ইজনৰ পিছত সিজনকৈ পাঁচজন লোকৰ মৃত্যু হোৱাৰ পাছতে আৰক্ষীয়ে পৰিয়ালটোৰ দুগৰাকী মহিলাক আটক কৰি জেৰা কৰাত এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে। সংঘমিত্ৰা কুম্ভৰে আৰু ৰোজা ৰামটেকে নামৰ মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহে যে এয়া স্বাভাৱিক মৃত্যু নহয়, হত্যাকাণ্ডহে। আৰক্ষীৰ হাতত ধৰা পৰা দুগৰাকী মহিলাই পূৰ্বপুৰুষৰ সম্পত্তিৰ বিবাদ আৰু অন্যান্য কাৰণত একেটা পৰিয়ালৰ পাঁচজন সদস্যক বিষাক্ত দ্ৰব্য সেৱন কৰাই হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতেই প্ৰতিবেদনত সকলোৰে শৰীৰত বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে যেতিয়া পৰিয়ালটোৰ মহিলা দুগৰাকীক কঠোৰভাৱে জেৰা কৰে তেতিয়া দুয়োগৰাকীয়ে খাদ্যত বিষক্ৰিয়া কৰা বুলি স্বীকাৰ কৰে। মহিলা দুগৰাকী ঘৰখনৰ মূৰব্বীজনৰ বোৱাৰী আৰু ভাই-বোৱাৰী।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ