--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ পৰা পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ গোচৰ। ইয়াত ২০ দিনৰ ভিতৰত এজন এজনকৈ পৰিয়ালটোৰ ৫ জন সদস্যৰ মৃত্যু হয়। পৰিয়ালৰ আন দুজন সদস্য আৰু এজন চালকে এতিয়াও একেধৰণৰ লক্ষণ লৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। বিষয়টো পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় এক আলোড়নৰ। ইয়াৰ পিছত আৰক্ষীয়ে এই মৃত্যুৰ ৰহস্য সমাধান কৰিবলৈ আৰম্ভ কৰে। বিষয়টো পোহৰলৈ অহাত সকলোৱে স্তম্ভিত হৈ পৰিল।

বিশ দিনত ইজনৰ পিছত সিজনকৈ পাঁচজন লোকৰ মৃত্যু হোৱাৰ পাছতে আৰক্ষীয়ে পৰিয়ালটোৰ দুগৰাকী মহিলাক আটক কৰি জেৰা কৰাত এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে। সংঘমিত্ৰা কুম্ভৰে আৰু ৰোজা ৰামটেকে নামৰ মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহে যে এয়া স্বাভাৱিক মৃত্যু নহয়, হত্যাকাণ্ডহে। আৰক্ষীৰ হাতত ধৰা পৰা দুগৰাকী মহিলাই পূৰ্বপুৰুষৰ সম্পত্তিৰ বিবাদ আৰু অন্যান্য কাৰণত একেটা পৰিয়ালৰ পাঁচজন সদস্যক বিষাক্ত দ্ৰব্য সেৱন কৰাই হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতেই প্ৰতিবেদনত সকলোৰে শৰীৰত বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে যেতিয়া পৰিয়ালটোৰ মহিলা দুগৰাকীক কঠোৰভাৱে জেৰা কৰে তেতিয়া দুয়োগৰাকীয়ে খাদ্যত বিষক্ৰিয়া কৰা বুলি স্বীকাৰ কৰে। মহিলা দুগৰাকী ঘৰখনৰ মূৰব্বীজনৰ বোৱাৰী আৰু ভাই-বোৱাৰী।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু