--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত মেদবহুলতাৰ হাৰ আতংকজনকভাৱে বৃদ্ধি হোৱাক এক ভয়াৱহ ভাবুকি বুলি অভিহিত কৰিছে। ইয়াৰ লগতে তেওঁ এটা প্ৰতিবেদনৰ উদ্ধৃতি দিয়ে, য’ত সকীয়াই দিয়া হৈছে যে ২০৫০ চনৰ ভিতৰত প্ৰায় ৪৪ কোটি লোক মেদবহুলতাত আক্ৰান্ত হ’ব। তেওঁ এই সংখ্যাটোক ‘বিশাল আৰু ভয়ংকৰ’ বুলি অভিহিত কৰি ক্ৰমাৎ বৃদ্ধি পোৱা স্বাস্থ্যজনিত চিন্তা বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মেদবহুলতাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয় পদক্ষেপ ল’বলৈ পৰামৰ্শ দিছে।

গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোত ২৫৮৭ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। চুৰাটত তেওঁ আৰম্ভ কৰে খাদ্য সুৰক্ষা পৰিপূৰক অভিযান। দাদৰা আৰু নগৰ হাভেলীৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় ছিলভাছাত আৰু পিছলৈ চুৰাটৰ সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে মেদবহুলতাক বহু স্বাস্থ্যজনিত সমস্যাৰ মূল কাৰণ বুলি অভিহিত কৰে।

নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰি আৰু তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ জীৱনশৈলীৰ সৈতে জড়িত ৰোগবোৰ আজি আমাৰ স্বাস্থ্যৰ প্ৰতি ডাঙৰ ভাবুকি হৈ পৰিছে। মেদবহুলতা ইয়াৰ ভিতৰত অন্যতম, যিহেতু ই বহু ৰোগৰ মূল। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰতৰ প্ৰায় ৪৪ কোটি লোক মেদবহুল ৰোগত আক্ৰান্ত হ’ব পাৰে। এই সংখ্যাটো বিশাল আৰু সমানেই ভয়ংকৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকীয়াই দি কয় যে প্ৰতিবেদন অনুসৰি যদি এই তথ্য সত্য বুলি প্ৰমাণিত হয় তেন্তে ২০৫০ চনৰ ভিতৰত দেশৰ প্ৰতি তিনিজন লোকৰ ভিতৰত এজন মেদবহুলতাত আক্ৰান্ত হ’ব পাৰে। মেদবহুলতা জনস্বাস্থ্যৰ প্ৰতি এক ভয়াৱহ ভাবুকি বুলি উল্লেখ কৰি এই সমস্যা সমাধানৰ বাবে সকলোকে সক্ৰিয় পদক্ষেপ ল’বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক কয়, ‘মই ইতিমধ্যে আবেদন জনাইছো যে মানুহে খাদ্যতেল খোৱাৰ পৰিমাণ ১০ শতাংশ হ্ৰাস কৰক। মই বিচাৰো আপোনালোক সকলোৱে এটা প্ৰতিশ্ৰুতি লওক যে আপুনি ১০ শতাংশ কম তেল কিনিব। নিয়মিত ব্যায়াম আৰু চাইকেল চলোৱাটোৱেও মেদবহুলতা হ্ৰাস কৰাত সহায় কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ