--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ  অযোধ্যাত ধুমধামেৰে ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। এতিয়া ৰাজস্থানে সেই দিনটোক বাৰ্ষিক উৎসৱ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে অহা ২২ জানুৱাৰীত ৰাজ্য খনৰ  প্ৰতিখন চৰকাৰী বিদ্যালয়ত ৰাম লালা দিৱস পালন কৰা হ’ব। এই দিনটো বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ’ব।জানিব পৰা মতে ৰাজস্থানৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক সজাগতা বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনত আৰু কেইবাটাও উৎসৱ উদযাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। তাৰে এটা হৈছে ৰাম লালা দিৱস। 

অহা ২২ জানুৱাৰীত  বিদ্যালয়সমূহত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰামলালা দিৱসৰ মহত্ত্ব ছাত্ৰ-ছাত্ৰীক বুজোৱা হ’ব। আয়োজন কৰা হ’ব বিশেষ চিত্ৰাংকন প্ৰতিযোগিতাও। কেৱল সেয়াই নহয় সেইদিনা ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনক ৰাখী পিন্ধাব।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ শুভাৰম্ভ কৰিছিল।   এই  অনুষ্ঠানলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট লোকসকলক আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে দেশৰ ৪ শংকৰাচাৰ্যই ৰাম মন্দিৰ উদ্বোধনৰ আমন্ত্ৰণ নাকচ কৰিছিল। সনাতন ধৰ্মৰ নিয়ম  উলংঘা কৰি এই কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি সকলোৱে স্পষ্টকৈ জনাইছিল। আধৰুৱা মন্দিৰত (ৰাম মন্দিৰ) ভগৱান ৰামৰ জীৱন প্ৰতিষ্ঠা কৰাটো গ্ৰহণযোগ্য নহয় বুলিও বহুতে কৈছিল। 
কিন্তু এনে আপত্তিৰ পিছতো ৰা মন্দিৰ উদ্বোধন কৰা  হয়। তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয় মন্দিৰৰ দুৱাৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ