--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ  অযোধ্যাত ধুমধামেৰে ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। এতিয়া ৰাজস্থানে সেই দিনটোক বাৰ্ষিক উৎসৱ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে অহা ২২ জানুৱাৰীত ৰাজ্য খনৰ  প্ৰতিখন চৰকাৰী বিদ্যালয়ত ৰাম লালা দিৱস পালন কৰা হ’ব। এই দিনটো বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ’ব।জানিব পৰা মতে ৰাজস্থানৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক সজাগতা বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনত আৰু কেইবাটাও উৎসৱ উদযাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। তাৰে এটা হৈছে ৰাম লালা দিৱস। 

অহা ২২ জানুৱাৰীত  বিদ্যালয়সমূহত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰামলালা দিৱসৰ মহত্ত্ব ছাত্ৰ-ছাত্ৰীক বুজোৱা হ’ব। আয়োজন কৰা হ’ব বিশেষ চিত্ৰাংকন প্ৰতিযোগিতাও। কেৱল সেয়াই নহয় সেইদিনা ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনক ৰাখী পিন্ধাব।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ শুভাৰম্ভ কৰিছিল।   এই  অনুষ্ঠানলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট লোকসকলক আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে দেশৰ ৪ শংকৰাচাৰ্যই ৰাম মন্দিৰ উদ্বোধনৰ আমন্ত্ৰণ নাকচ কৰিছিল। সনাতন ধৰ্মৰ নিয়ম  উলংঘা কৰি এই কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি সকলোৱে স্পষ্টকৈ জনাইছিল। আধৰুৱা মন্দিৰত (ৰাম মন্দিৰ) ভগৱান ৰামৰ জীৱন প্ৰতিষ্ঠা কৰাটো গ্ৰহণযোগ্য নহয় বুলিও বহুতে কৈছিল। 
কিন্তু এনে আপত্তিৰ পিছতো ৰা মন্দিৰ উদ্বোধন কৰা  হয়। তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয় মন্দিৰৰ দুৱাৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি