--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বাজেটত কৰ্মচাৰীয়ে পাব পাৰে ভাল খবৰ। ইপিএফৰ উৰ্ধ সীমা বাজেটত বৃদ্ধি পাব পাৰে। শেষবাৰৰ বাবে ইপিএফৰ উৰ্ধ সীমা ৬৫০০ৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি পাইছিল। এইবেলি অনুমাণ কৰা হৈছে যে ইপিএফৰ উৰ্ধ সীমা ২৫ হাজাৰ টকালৈ বৃদ্ধি পাব পাৰে।উল্লেখ্য ব্যক্তিগত সংস্থাসমূহৰ কমেও ২০ জন কৰ্মচাৰী থাকিলে  সেই ক্ষেত্ৰত তেওঁলোক ইপিএফৰ অধীনত আহে। বৰ্তমানৰ নিয়ম অনুসৰি ইপিএফ বাধ্যতামূলকভাৱে সেই সংস্থাটোৰ কৰ্মচাৰীসকলে গ্ৰহণ কৰে, যিয়ে সৰ্বোচ্চ মাহিলী দৰমহা ১৫ হাজাৰ টকা লাভ কৰে। সেই ক্ষেত্ৰত ১২ শতাংশ ধন প্ৰভিডেণ্ট ফাণ্ড হিচাপে জমা কৰা হয়। কোম্পানীয়ে আৰু ১২ শতাংশ দিব লাগিব। মুঠ ধনৰ ৮.৩৩ শতাংশ পেঞ্চন খণ্ডত জমা হয়। আৰু বাকী ৩.৬৭ শতাংশ ইপিএফ একাউণ্টত জমা হয়।


মন কৰিবলগীয়া যে এতিয়ালৈকে মুঠ ৯ বাৰ পিএফৰ সৰ্বোচ্চ উচ্চ সীমা সলনি কৰা হৈছে। শেষবাৰৰ বাবে বৃদ্ধি পাইছিল ২০১৪ চনত। ১০ বছৰৰ পিছত  এই সীমা পুনৰ বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ জুলাইত মোদী ৩.০ চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট দাখিল কৰিব। নতুন মোদী চৰকাৰৰ এই বাজেটক লৈ আশাৰ সঞ্চাৰ হৈছে। অনুমান কৰা হৈছে যে এইবাৰৰ বাজেটত ইপিএফৰ চিলিং বৃদ্ধি পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন