--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋণ লোৱাৰ ক্ষেত্ৰত কৃপণালি কৰা নাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আৰু এই ঋণ লোৱাটোক যুক্তিসংগত বুলিয়েই যুক্তি দর্শাই আহিছে মুখ্যমন্ত্রীগৰাকীয়ে। প্রতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ঋণ লোৱাৰ বাবে ৰিজার্ভ বেংকৰ ওচৰত প্রস্তাৱ দাখিল কৰিছে। সেই অনুসৰি অহা ২৮ জানুৱাৰীত ৫০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰখনে। বিছ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থৈ চৰকাৰখনে এই ঋণ গ্রহণ কৰিব। 

উল্লেখযোগ্য যে যোৱা ছয় জানুৱাৰীত ৫০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে চলিত বিত্তীয় বৰ্ষৰ বাকী থকা দুটা মাহত কমেও ২,০০০ কোটি টকাৰ ঋণ লোৱাৰ চিন্তা-চৰ্চা কৰিছে। ইতিমধ্যে বিত্তীয় বর্ষটোৰ যোৱা সময়ছোৱাত প্রায় ১৫ হাজাৰ কোটি টকাৰ ঋণ লোৱা হ'ল। ফলত ৰাজ্যখনৰ মুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈ ১,৬৬,০০০ কোটি টকাৰো অধিক হৈছেগৈ। মন কৰিবলগীয়া যে প্রতিমাহে লোৱা এই ঋণৰ ধন চৰকাৰখনে হিতাধিকাৰীজনিত আঁচনিসমূহৰ নামত ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

বিগত সময়ছোৱাত বহুকেইখন হিতাধিকাৰীকেন্দ্রিক আঁচনিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰী মাহত দাখিল কৰিবলগীয়া বাজেটতো এনে ধৰণৰ চমক সৃষ্টিকাৰী কেইবাখনো আঁচনি গ্রহণ কৰাৰ সম্ভাৱনা আছে। একমাত্র ভোটৰ অংকত বিজেপি চৰকাৰখনে ধাৰ কৰা পুঁজিৰে হ'লেও হিতাধিকাৰী ৰাইজক সন্তুষ্ট কৰাৰ বাবে উঠি-পৰি লাগিছে। ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ধাৰৰ বোজা প্রতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে। 

আনকি ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো চৰকাৰকে চেৰ পেলাইছে বৰ্তমানৰ চৰকাৰখনে। তথ্য অনুসৰি পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ৪৭,৭৪৫ কোটি টকাৰ ঋণ লোৱাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰ পাছত যোৱা মাৰ্চলৈকে ৬১,১৯১ কোটি টকাৰ ঋণ লৈছে। অথচ স্বাধীনতাৰ পাছৰে পৰা তৰুণ গগৈৰ চৰকাৰৰ দিনলৈকে, অর্থাৎ ২০১৬ চনলৈকে অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটিহে। ইয়াকে ধৰি যোৱা মাৰ্চলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ১,৫০,৯০০ কোটি টকা। ইফালে, এনেদৰে প্ৰতিমাহে ঋণ লৈ থকাৰ ফলত প্ৰতিবছৰে ভৰিবলগীয়া সুদৰ পৰিমাণো বৃদ্ধি পাইছে। 

যোৱা বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰখনে সুদৰ নামত ৮৮১৫ কোটি টকা ভৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত অহা বিত্তীয় বৰ্ষত সুদৰ বোজা প্রায় ১০ হাজাৰ কোটিলৈ বৃদ্ধি পাব। মন কৰিবলগীয়া কথা যে ভাৰতীয় ৰিজার্ভ বেংকৰ লগতে কেগেও ৰাজ্য চৰকাৰখনে লৈ থকা এনে ঋণক লৈ উদ্বেগ প্রকাশ কৰিছে। একেদৰে বিৰোধী দলবোৰেও ঋণক লৈ সদায়ে ৰাজ্য চৰকাৰখনক সমালোচনা কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ঋণ লৈ ঘিউ খোৱা নীতি গ্রহণ কৰা চৰকাৰখনে ঋণ ল'বলৈ এৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু