--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋণ লোৱাৰ ক্ষেত্ৰত কৃপণালি কৰা নাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আৰু এই ঋণ লোৱাটোক যুক্তিসংগত বুলিয়েই যুক্তি দর্শাই আহিছে মুখ্যমন্ত্রীগৰাকীয়ে। প্রতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ঋণ লোৱাৰ বাবে ৰিজার্ভ বেংকৰ ওচৰত প্রস্তাৱ দাখিল কৰিছে। সেই অনুসৰি অহা ২৮ জানুৱাৰীত ৫০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰখনে। বিছ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থৈ চৰকাৰখনে এই ঋণ গ্রহণ কৰিব। 

উল্লেখযোগ্য যে যোৱা ছয় জানুৱাৰীত ৫০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে চলিত বিত্তীয় বৰ্ষৰ বাকী থকা দুটা মাহত কমেও ২,০০০ কোটি টকাৰ ঋণ লোৱাৰ চিন্তা-চৰ্চা কৰিছে। ইতিমধ্যে বিত্তীয় বর্ষটোৰ যোৱা সময়ছোৱাত প্রায় ১৫ হাজাৰ কোটি টকাৰ ঋণ লোৱা হ'ল। ফলত ৰাজ্যখনৰ মুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈ ১,৬৬,০০০ কোটি টকাৰো অধিক হৈছেগৈ। মন কৰিবলগীয়া যে প্রতিমাহে লোৱা এই ঋণৰ ধন চৰকাৰখনে হিতাধিকাৰীজনিত আঁচনিসমূহৰ নামত ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

বিগত সময়ছোৱাত বহুকেইখন হিতাধিকাৰীকেন্দ্রিক আঁচনিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰী মাহত দাখিল কৰিবলগীয়া বাজেটতো এনে ধৰণৰ চমক সৃষ্টিকাৰী কেইবাখনো আঁচনি গ্রহণ কৰাৰ সম্ভাৱনা আছে। একমাত্র ভোটৰ অংকত বিজেপি চৰকাৰখনে ধাৰ কৰা পুঁজিৰে হ'লেও হিতাধিকাৰী ৰাইজক সন্তুষ্ট কৰাৰ বাবে উঠি-পৰি লাগিছে। ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ধাৰৰ বোজা প্রতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে। 

আনকি ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো চৰকাৰকে চেৰ পেলাইছে বৰ্তমানৰ চৰকাৰখনে। তথ্য অনুসৰি পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ৪৭,৭৪৫ কোটি টকাৰ ঋণ লোৱাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰ পাছত যোৱা মাৰ্চলৈকে ৬১,১৯১ কোটি টকাৰ ঋণ লৈছে। অথচ স্বাধীনতাৰ পাছৰে পৰা তৰুণ গগৈৰ চৰকাৰৰ দিনলৈকে, অর্থাৎ ২০১৬ চনলৈকে অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটিহে। ইয়াকে ধৰি যোৱা মাৰ্চলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ১,৫০,৯০০ কোটি টকা। ইফালে, এনেদৰে প্ৰতিমাহে ঋণ লৈ থকাৰ ফলত প্ৰতিবছৰে ভৰিবলগীয়া সুদৰ পৰিমাণো বৃদ্ধি পাইছে। 

যোৱা বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰখনে সুদৰ নামত ৮৮১৫ কোটি টকা ভৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত অহা বিত্তীয় বৰ্ষত সুদৰ বোজা প্রায় ১০ হাজাৰ কোটিলৈ বৃদ্ধি পাব। মন কৰিবলগীয়া কথা যে ভাৰতীয় ৰিজার্ভ বেংকৰ লগতে কেগেও ৰাজ্য চৰকাৰখনে লৈ থকা এনে ঋণক লৈ উদ্বেগ প্রকাশ কৰিছে। একেদৰে বিৰোধী দলবোৰেও ঋণক লৈ সদায়ে ৰাজ্য চৰকাৰখনক সমালোচনা কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ঋণ লৈ ঘিউ খোৱা নীতি গ্রহণ কৰা চৰকাৰখনে ঋণ ল'বলৈ এৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement