--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপৰ ভয়ত ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু তাতো নাপালে সাপৰ ভয়ৰ পৰা মুক্তি। আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছিল যুৱকজনে। তাতো সাপে কামুৰিছিল। এবাৰ দুবাৰ নহয়, ৪০ দিনত সাতবাৰ মৃত্যুৰ মুখৰ পৰা উভতি আহিল যুৱকজন। বিশ্বাস কৰিব নোৱাৰা এই কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফতেহপুৰত৷

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে যুৱকজনৰ নাম বিকাশ ডুবে। কিছুদিন পূৰ্বে তেওঁক বিষাক্ত সাপে কামুৰিছিল। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। কিন্তু পিছত সুস্থ হৈ ঘৰলৈ উভতি আহে। জানিব পৰা মতে বিকাশ ফতেপুৰ জিলাৰ সৌৰা গাঁৱৰ বাসিন্দা। বৃহস্পতিবাৰে নিশা ককাকৰ ঘৰত সাপে কামুৰিছিল। কেৱল সেয়াই নহয়, বিকাশক ইয়াৰ পূৰ্বে ২-৬ জুলাইৰ ভিতৰত ছয়বাৰ সাপে কামুৰিছিল।

সাপৰ ভয়ত বিকাশে ঘৰৰ পৰা ওলাই ককাকৰ ঘৰত আশ্ৰয় লৈছিল। কিন্তু তাতো বৃহস্পতিবাৰে তেওঁক সাপে কামুৰিলে। ফলত সপ্তমবাৰৰ বাবে কামোৰ খাই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। এই ঘটনাক লৈ সমগ্ৰ পৰিয়ালটো চিন্তিত। বিকাশক কিয় বাৰে বাৰে সাপে কামুৰিছে সেই সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। গাঁওখনত বিভিন্ন কাহিনীৰ প্ৰচাৰ আৰম্ভ হৈছে। বিকাশৰ পৰিয়ালৰ আশংকা যে তেওঁলোকৰ পুত্ৰ সপ্তম বাৰৰ বাবে বাচি গ’ল, যদি অষ্টম বা নৱম বাৰৰ বাবে কামোৰ খায় তেন্তে হয়তো তেওঁক ৰক্ষা কৰিব নোৱাৰিব।

২ জুনত প্ৰথমবাৰৰ বাবে সাপে কামুৰিছিল বিকাশক। তেতিয়াৰ পৰাই ৪০ দিনত সাপে সাপে দংশন কৰিছে। চাৰিটা সাপে কামোৰাৰ পিছত বিকাশে ঘৰৰ পৰা ওলাই আত্মীয়ৰ ঘৰত আশ্ৰয় লয়। কিন্তু তাতো তেওঁক সাপে কামুৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন