--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এঘন ঘৰত বিয়াৰ যা-যোগাৰ চলি আছে। ঘৰখনত আনন্দৰ পৰিৱেশ। তিনি দিনৰ পাছতেই ঘৰখনৰ ছোৱালীজনীক উলিয়াই দিব আন এখন ঘৰলৈ। হঠাতে পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা। বিয়ালৈ তিনি দিন বাকী থকা অৱস্থাত যুৱতীৰ পিতৃক হত্যা কৰিলে এজন যুৱকে। মুূহূৰ্তৰ ভিতৰতে সলনি হৈ গল সকলো। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাহত।

যুৱতীগৰাকীক একপক্ষীয়ভাৱে ভাল পাইছিল যুৱকজনে। সেইবাবেই তেওঁ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ঘটনাৰ ৯ ঘণ্টাৰ পাছত আৰক্ষীয়ে এনকাউণ্টাৰত আটক কৰে অভিযুক্তক।

তথ্য অনুসৰি ইটাহৰ মাৰহাৰা থানা এলেকাৰ গাঁও মীৰাপুৰত এই ঘটনা সংঘটিত হৈছে। এই গাঁৱত বসবাস কৰা আকাশ নামৰ যুৱক এজনে চুবুৰীটোত বসবাস কৰা ছোৱালীজনীৰ লগত একপক্ষীয়ভাৱে প্ৰেমত পৰিছিল। ছোৱালীজনীৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰিছিল। ছোৱালীজনীৰ পৰিয়ালে ছোৱালীজনীৰ বিয়া ঠিক কৰি দিছিল। 

এই কথা গম পাই আকাশৰ খং উঠিল। বিয়াৰ কামত ব্যস্ত থকাৰ মাজতে যুৱতীগৰাকীৰ পিতৃ মায়া প্ৰকাশক কুঠাৰেৰে আক্ৰমণ কৰি ডিঙি ফালি হত্যা কৰে আকাশে। এই ঘটনাত সমগ্ৰ গাঁওখনতে শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে। 

অপৰাধ সংঘটিত কৰাৰ পিছত অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে। মানুহে দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বুজ লয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। ইয়াৰ লগে লগে তালাচী অভিযান আৰম্ভ কৰি অভিযুক্তৰ ওপৰত ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয়।

অভিযুক্তই মোবাইলটো বন্ধ কৰি দিছিল, যাৰ বাবে স্থান বিচাৰি উলিয়াব পৰা হোৱা নাছিল। ঘটনাৰ ৯ ঘণ্টাৰ পাছত মৰহাৰাৰ সমীপৰ হাবিত আত্মগোপন কৰি থকা অভিযুক্তই মোবাইল অন কৰাৰ লগে লগে আৰক্ষীয়ে স্থান অনুসন্ধান কৰি ঘেৰাও কৰে। আৰক্ষীয়ে অভিযুক্ত আকাশক আত্মসমৰ্পণ কৰিবলৈ কোৱাত তেওঁ আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। আকাশে কৰা গুলীচালনাত থানাৰ পৰিদৰ্শকজনৰ হাতত গুলী লাগে।

আৰক্ষীয়ে গুলীচালনা কৰাত অভিযুক্ত আকাশৰ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত আকাশ আৰু আহত পৰিদৰ্শকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক