--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এঘন ঘৰত বিয়াৰ যা-যোগাৰ চলি আছে। ঘৰখনত আনন্দৰ পৰিৱেশ। তিনি দিনৰ পাছতেই ঘৰখনৰ ছোৱালীজনীক উলিয়াই দিব আন এখন ঘৰলৈ। হঠাতে পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা। বিয়ালৈ তিনি দিন বাকী থকা অৱস্থাত যুৱতীৰ পিতৃক হত্যা কৰিলে এজন যুৱকে। মুূহূৰ্তৰ ভিতৰতে সলনি হৈ গল সকলো। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাহত।

যুৱতীগৰাকীক একপক্ষীয়ভাৱে ভাল পাইছিল যুৱকজনে। সেইবাবেই তেওঁ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ঘটনাৰ ৯ ঘণ্টাৰ পাছত আৰক্ষীয়ে এনকাউণ্টাৰত আটক কৰে অভিযুক্তক।

তথ্য অনুসৰি ইটাহৰ মাৰহাৰা থানা এলেকাৰ গাঁও মীৰাপুৰত এই ঘটনা সংঘটিত হৈছে। এই গাঁৱত বসবাস কৰা আকাশ নামৰ যুৱক এজনে চুবুৰীটোত বসবাস কৰা ছোৱালীজনীৰ লগত একপক্ষীয়ভাৱে প্ৰেমত পৰিছিল। ছোৱালীজনীৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰিছিল। ছোৱালীজনীৰ পৰিয়ালে ছোৱালীজনীৰ বিয়া ঠিক কৰি দিছিল। 

এই কথা গম পাই আকাশৰ খং উঠিল। বিয়াৰ কামত ব্যস্ত থকাৰ মাজতে যুৱতীগৰাকীৰ পিতৃ মায়া প্ৰকাশক কুঠাৰেৰে আক্ৰমণ কৰি ডিঙি ফালি হত্যা কৰে আকাশে। এই ঘটনাত সমগ্ৰ গাঁওখনতে শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে। 

অপৰাধ সংঘটিত কৰাৰ পিছত অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে। মানুহে দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বুজ লয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। ইয়াৰ লগে লগে তালাচী অভিযান আৰম্ভ কৰি অভিযুক্তৰ ওপৰত ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয়।

অভিযুক্তই মোবাইলটো বন্ধ কৰি দিছিল, যাৰ বাবে স্থান বিচাৰি উলিয়াব পৰা হোৱা নাছিল। ঘটনাৰ ৯ ঘণ্টাৰ পাছত মৰহাৰাৰ সমীপৰ হাবিত আত্মগোপন কৰি থকা অভিযুক্তই মোবাইল অন কৰাৰ লগে লগে আৰক্ষীয়ে স্থান অনুসন্ধান কৰি ঘেৰাও কৰে। আৰক্ষীয়ে অভিযুক্ত আকাশক আত্মসমৰ্পণ কৰিবলৈ কোৱাত তেওঁ আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। আকাশে কৰা গুলীচালনাত থানাৰ পৰিদৰ্শকজনৰ হাতত গুলী লাগে।

আৰক্ষীয়ে গুলীচালনা কৰাত অভিযুক্ত আকাশৰ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত আকাশ আৰু আহত পৰিদৰ্শকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন