--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৭১ বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনপ্ৰিয়তাৰ নতুন নজিৰ সৃষ্টি কৰা প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত বিভিন্নজনে জনাইছে আন্তৰিক ওলগ। তেওঁৰ দলীয় সতীৰ্থ, সহকৰ্মীৰপৰা আৰম্ভ কৰি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী সকলোৱে শুভেচ্ছা জনাইছে মোদীক। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ আন্তৰিক শুভকামনা জনাইছোঁ। ৰাষ্ট্ৰক ধাৰাবাহিকভাৱে সেৱা কৰি যাবলৈ তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ কামনা কৰিলোঁ। ‘অহৰ্নিশ সেৱামহে’ অৰ্থাত অহৰ্নিশে সেৱা কৰি যোৱাৰ তেওঁৰ সৰ্বজন পৰিচিত মানসিকতাৰে তেওঁ দেশক সেৱা কৰি যাওক।

সময়তকৈ আগবাঢ়ি গৈ চিন্তা কৰাই নহয়, কাম কৰাৰ নিৰ্দশন দাঙি ধৰা বুলি উল্লকে কৰি প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইফালে, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, স্মৃতি জুবিন ইৰাণী আদিয়েও মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। ইফালে, তেওঁৰ ভালেমান ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়েও জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে মোদীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এশাৰীৰ টুইটেৰে মোদীক শুভেচ্ছা জ্ঞাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মোদীক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সুস্বস্থ্য আৰ দীৰ্ঘজীৱন কামনা কৰে।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। টুইটোযোগে মোদীৰ শুভেচ্ছামূলক ভিডিঅ’ প্ৰচাৰ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মোদীৰ অসমৰ প্ৰতি উদাৰতা আৰু ভালপোৱাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে তেওঁ গুৱাহাটীৰ বৰাগাঁৱত থকা বংশীগোপাল ৰাজহুৱা নামঘৰত বন্তি প্ৰজ্বলন কৰা বুলিও প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ৭১সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীক। উল্লেখ্য যে, বিজেপিয়ে কুৰি দিনীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন কৰিবলৈ লৈছে আৰু ইতিমধ্যে টিকাকৰণকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান