--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৭১ বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনপ্ৰিয়তাৰ নতুন নজিৰ সৃষ্টি কৰা প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত বিভিন্নজনে জনাইছে আন্তৰিক ওলগ। তেওঁৰ দলীয় সতীৰ্থ, সহকৰ্মীৰপৰা আৰম্ভ কৰি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী সকলোৱে শুভেচ্ছা জনাইছে মোদীক। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ আন্তৰিক শুভকামনা জনাইছোঁ। ৰাষ্ট্ৰক ধাৰাবাহিকভাৱে সেৱা কৰি যাবলৈ তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ কামনা কৰিলোঁ। ‘অহৰ্নিশ সেৱামহে’ অৰ্থাত অহৰ্নিশে সেৱা কৰি যোৱাৰ তেওঁৰ সৰ্বজন পৰিচিত মানসিকতাৰে তেওঁ দেশক সেৱা কৰি যাওক।

সময়তকৈ আগবাঢ়ি গৈ চিন্তা কৰাই নহয়, কাম কৰাৰ নিৰ্দশন দাঙি ধৰা বুলি উল্লকে কৰি প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইফালে, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, স্মৃতি জুবিন ইৰাণী আদিয়েও মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। ইফালে, তেওঁৰ ভালেমান ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়েও জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে মোদীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এশাৰীৰ টুইটেৰে মোদীক শুভেচ্ছা জ্ঞাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মোদীক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সুস্বস্থ্য আৰ দীৰ্ঘজীৱন কামনা কৰে।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। টুইটোযোগে মোদীৰ শুভেচ্ছামূলক ভিডিঅ’ প্ৰচাৰ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মোদীৰ অসমৰ প্ৰতি উদাৰতা আৰু ভালপোৱাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে তেওঁ গুৱাহাটীৰ বৰাগাঁৱত থকা বংশীগোপাল ৰাজহুৱা নামঘৰত বন্তি প্ৰজ্বলন কৰা বুলিও প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ৭১সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীক। উল্লেখ্য যে, বিজেপিয়ে কুৰি দিনীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন কৰিবলৈ লৈছে আৰু ইতিমধ্যে টিকাকৰণকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক