--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হেৰাই গৈছে মানৱতা, সীমা চেৰাইছে কৃত্ৰিমতাই! সস্তিয়া জনপ্ৰিয়তা আৰু আকৰ্ষণ আসক্তিয়ে গ্ৰাস কৰিছে মানৱসমাজ। বিশেষকৈ ছ'চিয়েল মিডিয়াত সস্তিয়া জনপ্ৰিয়তাৰ খাতিৰত অকল্পনীয় পৰ্যায় পাইছেগৈ এচাম মানুহ। 'ভিউজ'ৰ লালসাত ভাজি খাইছে মানৱীয় প্ৰমূল্যবোধ।

শেহতীয়াকৈ এগৰাকী মাতৃয়ে কেমেৰাৰ আগত জোৰ-জুলুমকৈ পুত্ৰক কান্দিবলৈ বাধ্য কৰোৱা এক ভিডিঅ'ই চকু কপালত তুলিছে সচেতন লোকৰ। পোহনীয়া কুকুৰটোৰ দুৰাৰোগ্য ৰোগৰ কথা জনাবলৈ গৈ এনে নাভুত-নাশ্ৰুত কাণ্ড সংঘটিত কৰে মহিলাগৰাকীয়ে। আমেৰিকান ইউটিউবাৰ জৰ্ডান শ্বায়ান নামৰ মহিলাগৰাকীয়ে এটা অসম্পাদিত ভিডিঅ' নিজৰ একাউণ্টত আপলোড কৰাৰ পাছতে সাংঘাতিক সমালোচনাৰ সন্মুখীন হয়। ভিডিঅ'টোত ব্লগাৰ মাতৃগৰাকীয়ে ৮বছৰীয়া পুত্ৰক তেওঁৰ কান্ধত মূৰ থৈ কান্দি দেখুৱাবলৈ বাধ্য কৰোৱা দেখা গৈছে। কনমানি ল'ৰাটোৱে ভিডিঅ'টোত 'মই কান্দি আছো মা, সঁচাকে কান্দি আছো' বুলি কোৱা কথাটোও মানুহে কমেণ্টত লিখি ক্ষোভ প্ৰকাশ কৰিছে।

উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে তেওঁৰ চেনেল টোৱেই আতৰাই দিবলৈ বাধ্য হয়। কিন্তু সস্তিয়া জনপ্ৰিয়তা আৰু দৰ্শকক আকৰ্ষিত কৰিবলৈ মানুহে আৰু কিমান তললৈ যাব বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক