--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৈজ্ঞানিক গৱেষণা প্রতিষ্ঠান মেলব'ৰ্নৰ ডোহেটী প্রতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ড° পাউলা চেভালৰ তথ্য অনুসৰি এইচ আই ভিৰ ভাইৰাছ ৰোগীৰ কোষৰ মাজত লুকাই থাকে, যিটো উলিয়াই অনাটো অতি কঠিন বা প্রায় অসম্ভৱ আছিল।

ডিজিটেল ডেস্ক : বিশ্বৰ কোটি কোটি এইচ আই ভি আক্ৰান্তৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে অষ্ট্ৰেলিয়াৰ কেইজনমান গবেষকে। এইচ আই ভি ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ গৱেষণাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। 


বৈজ্ঞানিক গৱেষণা প্রতিষ্ঠান মেলব'ৰ্নৰ ডোহেটী প্রতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ড° পাউলা চেভালৰ তথ্য অনুসৰি এইচ আই ভিৰ ভাইৰাছ ৰোগীৰ কোষৰ মাজত লুকাই থাকে, যিটো উলিয়াই অনাটো অতি কঠিন বা প্রায় অসম্ভৱ আছিল।


 কিন্তু তেওঁলোকৰ গৱেষণাত ব্যৱহৃত 'এম আৰ এন এ' প্রযুক্তিয়ে ভাইৰাছটোক দেহৰ ভিতৰত 'ফেট বাবোল'ৰ সৃষ্টি কৰি আৱৰি ধৰে আৰু কোষৰ মাজত লুকাই থকাৰ পৰা উলিয়াই আনে। যিয়েই চিকিৎসা বিজ্ঞানীসকলক এই দুৰাৰোগ্য বুলি ভবা ৰোগটো নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰিব। 'নেচাৰ কমিউনিকেশ্যন' আলোচনীত প্রকাশিত এই গৱেষণাৰ তথ্য অনুসৰি 'ফেট বাবোল'ৰ জৰিয়তে মানৱ শৰীৰৰ এইচ আই ভি আক্রান্ত ৭৫ শতাংশ ঢুকি পোৱা যাব। 


গৱেষক ড° চেভালে কয় যে ইমানদিনে এইচ আই ভি আক্রান্তক সম্পূর্ণ সুস্থ কৰি তোলাতো অসম্ভৱ বুলি ভবা হৈছিল। ইয়াৰ কাৰণ হৈছে এইচ আই ভিৰ ভাইৰাছে কোষৰ মাজত লুকাই থাকি সংক্রমণ অব্যাহত ৰাখিছিল। কিন্তু এতিয়া কোষৰ মাজত লুকাই থকাৰ পৰা ভাইৰাছটোক উলিয়াই আনিব পৰা হ'ল যেতিয়া ইয়াক মানৱ শৰীৰৰ পৰা পৃথক কৰাটোও নিশ্চয় টান নহ'ব। তেওঁ কয় যে ২০২৬ চনত 'এম আৰ এন এ' প্রযুক্তি ব্যৱহাৰ কৰি লাভ কৰা সফলতাক পৰৱৰ্তী সময়ত অধিক প্ৰসাৰিত কৰি বিশ্বৰ নাগৰিকক ৰোগমুক্ত কৰাৰ বাবে প্রচেষ্টা অব্যাহত থাকিব। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বৰ্তমান সমগ্র বিশ্বত ৪.৮ কোটি এইচ আই ভিত আক্রান্ত লোক আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু