--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৈজ্ঞানিক গৱেষণা প্রতিষ্ঠান মেলব'ৰ্নৰ ডোহেটী প্রতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ড° পাউলা চেভালৰ তথ্য অনুসৰি এইচ আই ভিৰ ভাইৰাছ ৰোগীৰ কোষৰ মাজত লুকাই থাকে, যিটো উলিয়াই অনাটো অতি কঠিন বা প্রায় অসম্ভৱ আছিল।

ডিজিটেল ডেস্ক : বিশ্বৰ কোটি কোটি এইচ আই ভি আক্ৰান্তৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে অষ্ট্ৰেলিয়াৰ কেইজনমান গবেষকে। এইচ আই ভি ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ গৱেষণাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। 


বৈজ্ঞানিক গৱেষণা প্রতিষ্ঠান মেলব'ৰ্নৰ ডোহেটী প্রতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ড° পাউলা চেভালৰ তথ্য অনুসৰি এইচ আই ভিৰ ভাইৰাছ ৰোগীৰ কোষৰ মাজত লুকাই থাকে, যিটো উলিয়াই অনাটো অতি কঠিন বা প্রায় অসম্ভৱ আছিল।


 কিন্তু তেওঁলোকৰ গৱেষণাত ব্যৱহৃত 'এম আৰ এন এ' প্রযুক্তিয়ে ভাইৰাছটোক দেহৰ ভিতৰত 'ফেট বাবোল'ৰ সৃষ্টি কৰি আৱৰি ধৰে আৰু কোষৰ মাজত লুকাই থকাৰ পৰা উলিয়াই আনে। যিয়েই চিকিৎসা বিজ্ঞানীসকলক এই দুৰাৰোগ্য বুলি ভবা ৰোগটো নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰিব। 'নেচাৰ কমিউনিকেশ্যন' আলোচনীত প্রকাশিত এই গৱেষণাৰ তথ্য অনুসৰি 'ফেট বাবোল'ৰ জৰিয়তে মানৱ শৰীৰৰ এইচ আই ভি আক্রান্ত ৭৫ শতাংশ ঢুকি পোৱা যাব। 


গৱেষক ড° চেভালে কয় যে ইমানদিনে এইচ আই ভি আক্রান্তক সম্পূর্ণ সুস্থ কৰি তোলাতো অসম্ভৱ বুলি ভবা হৈছিল। ইয়াৰ কাৰণ হৈছে এইচ আই ভিৰ ভাইৰাছে কোষৰ মাজত লুকাই থাকি সংক্রমণ অব্যাহত ৰাখিছিল। কিন্তু এতিয়া কোষৰ মাজত লুকাই থকাৰ পৰা ভাইৰাছটোক উলিয়াই আনিব পৰা হ'ল যেতিয়া ইয়াক মানৱ শৰীৰৰ পৰা পৃথক কৰাটোও নিশ্চয় টান নহ'ব। তেওঁ কয় যে ২০২৬ চনত 'এম আৰ এন এ' প্রযুক্তি ব্যৱহাৰ কৰি লাভ কৰা সফলতাক পৰৱৰ্তী সময়ত অধিক প্ৰসাৰিত কৰি বিশ্বৰ নাগৰিকক ৰোগমুক্ত কৰাৰ বাবে প্রচেষ্টা অব্যাহত থাকিব। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বৰ্তমান সমগ্র বিশ্বত ৪.৮ কোটি এইচ আই ভিত আক্রান্ত লোক আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ