--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ ট্রাম্প প্রশাসনে এই ড্রাগছ চক্রটোক বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল।

ডিজিটেল ডেস্ক: মেক্সিকোৰ সবাতোকৈ কুখ্যাত ড্রাগছ মাফিয়া এল মেছ'ক দেশখনৰ সেনাই হত্যা কৰিছে। কুখ্যাত 'জলিস্কো নিউ জেনেৰেশ্যনৰ (চি জে এন জি)' ড্ৰাগছ চক্ৰৰ মুৰব্বীটোৰ বিৰুদ্ধে আমেৰিকাই ১৫ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। 


আমেৰিকাৰ ট্রাম্প প্রশাসনে এই ড্রাগছ চক্রটোক বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। ২২ ফেব্ৰুৱাৰীত মেক্সিকোৰ সেনাই অভিযান চলাই কুখ্যাত ড্ৰাগছ চক্ৰটোৰ মুৰব্বী নেমেছিয়ো ৰুবেন অছেগোৱেৰা ছৰ্বটছ, ওৰফে এল মেছ'ক হত্যা কৰে। এই অভিযানৰ পূৰ্বে জলিস্কো আৰু আন ৰাজ্যসমূহত কেইবাঘণ্টা ধৰি জ্বলি থকা বাহনেৰে বেৰিকেড সজোৱা হৈছিল। সৈন্য বাহিনীৰ অভিযানক প্রতিহত কৰাৰ বাবে ড্রাগছ চক্রটোৱে এই হিংসাত্মক পদ্ধতি অৱলম্বন কৰিছিল।


উল্লেখযোগ্য যে জলিস্কো নিউ জেনেৰেশ্যন ড্ৰাগছ চক্ৰ হৈছে মেক্সিকোৰ সবাতোকৈ শক্তিশালী আৰু দ্রুত বিকশিত অপৰাধী সংগঠন আৰু ইয়াৰ ২০০৯ চনত আত্মপ্রকাশ ঘটিছিল। আমেৰিকাও এই কুখ্যাত ড্রাগছ চক্রটোৰ বাবে চিন্তিত হৈছিল। এই কুখ্যাত ড্রাগছ চক্ৰটোৱে প্ৰায়ে দেশখনৰ সেনাৰ বিৰুদ্ধে হেলিকপ্টাৰ, ড্ৰ'ন আদিৰে আক্রমণ সংঘটিত কৰি আহিছে। 


২০২০ চনত এই চক্ৰটোৰ সদস্যই তেতিয়াৰ আৰক্ষীৰ মুৰব্বীক গ্রেনেড আৰু অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিছিল। এই ড্রাগ চক্ৰটোৱে আমেৰিকাৰ ৫০খন ৰাজ্যলৈ নিচাযুক্ত সামগ্রী প্ৰেৰণ কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু