--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ ট্রাম্প প্রশাসনে এই ড্রাগছ চক্রটোক বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল।

ডিজিটেল ডেস্ক: মেক্সিকোৰ সবাতোকৈ কুখ্যাত ড্রাগছ মাফিয়া এল মেছ'ক দেশখনৰ সেনাই হত্যা কৰিছে। কুখ্যাত 'জলিস্কো নিউ জেনেৰেশ্যনৰ (চি জে এন জি)' ড্ৰাগছ চক্ৰৰ মুৰব্বীটোৰ বিৰুদ্ধে আমেৰিকাই ১৫ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। 


আমেৰিকাৰ ট্রাম্প প্রশাসনে এই ড্রাগছ চক্রটোক বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। ২২ ফেব্ৰুৱাৰীত মেক্সিকোৰ সেনাই অভিযান চলাই কুখ্যাত ড্ৰাগছ চক্ৰটোৰ মুৰব্বী নেমেছিয়ো ৰুবেন অছেগোৱেৰা ছৰ্বটছ, ওৰফে এল মেছ'ক হত্যা কৰে। এই অভিযানৰ পূৰ্বে জলিস্কো আৰু আন ৰাজ্যসমূহত কেইবাঘণ্টা ধৰি জ্বলি থকা বাহনেৰে বেৰিকেড সজোৱা হৈছিল। সৈন্য বাহিনীৰ অভিযানক প্রতিহত কৰাৰ বাবে ড্রাগছ চক্রটোৱে এই হিংসাত্মক পদ্ধতি অৱলম্বন কৰিছিল।


উল্লেখযোগ্য যে জলিস্কো নিউ জেনেৰেশ্যন ড্ৰাগছ চক্ৰ হৈছে মেক্সিকোৰ সবাতোকৈ শক্তিশালী আৰু দ্রুত বিকশিত অপৰাধী সংগঠন আৰু ইয়াৰ ২০০৯ চনত আত্মপ্রকাশ ঘটিছিল। আমেৰিকাও এই কুখ্যাত ড্রাগছ চক্রটোৰ বাবে চিন্তিত হৈছিল। এই কুখ্যাত ড্রাগছ চক্ৰটোৱে প্ৰায়ে দেশখনৰ সেনাৰ বিৰুদ্ধে হেলিকপ্টাৰ, ড্ৰ'ন আদিৰে আক্রমণ সংঘটিত কৰি আহিছে। 


২০২০ চনত এই চক্ৰটোৰ সদস্যই তেতিয়াৰ আৰক্ষীৰ মুৰব্বীক গ্রেনেড আৰু অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিছিল। এই ড্রাগ চক্ৰটোৱে আমেৰিকাৰ ৫০খন ৰাজ্যলৈ নিচাযুক্ত সামগ্রী প্ৰেৰণ কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ