--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাষ্ট্ৰসংঘই বুধবাৰে প্ৰকাশ কৰা 'ৱৰ্ল্ড হেপ্পিনেছ ৰিপ'ৰ্ট ২০২৬' মতে সুখী দেশৰ তালিকাত ১৪৭খন দেশৰ ভিতৰত ভাৰত আছে ১১৬সংখ্যক স্থানত।

ডিজিটেল ডেস্ক: পাকিস্তানৰ দুৰৱস্থা দেখি আমি ভাৰতবাসীয়ে হাঁহিলেও শেহতীয়া এখন প্রতিবেদনত প্রকাশ পাইছে অন্য এখন প্রতিচ্ছবি। সুখৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ বহুত আগস্থানত আছে। 


ৰাষ্ট্ৰসংঘই বুধবাৰে প্ৰকাশ কৰা 'ৱৰ্ল্ড হেপ্পিনেছ ৰিপ'ৰ্ট ২০২৬' মতে সুখী দেশৰ তালিকাত ১৪৭খন দেশৰ ভিতৰত ভাৰত আছে ১১৬সংখ্যক স্থানত। ২০২৫ বৰ্ষত ভাৰত এই তালিকাৰ ১১৮সংখ্যক স্থানত আছিল। ইয়াৰ বিপৰীতে পাকিস্তান আছে ১০৪সংখ্যক স্থানত। একেৰাহে নৱমবাৰৰ বাবে তালিকাৰ শীৰ্ষ স্থানত আছে ফিনলেণ্ড। 


আনহাতে আঢ়ৈ বছৰ ধৰি যুদ্ধৰত ইজৰাইল আছে অষ্টম স্থানত। এইবাৰ ইংৰাজী ভাষী কোনো দেশৰে শীৰ্ষ ১০টা স্থানত নাম নাই। এই তালিকাত আমেৰিকা ২৩সংখ্যক, কানাডা ২৫সংখ্যক আৰু ব্রিটেইন ২৯সংখ্যক স্থানত আছে। সুখী শীর্ষ ১০খন দেশৰ ভিতৰত থকা আন দেশসমূহ হৈছে-দ্বিতীয় আইচলেণ্ড, তৃতীয় ডেনমার্ক, চতুৰ্থ কোষ্টাৰিকা আৰু পঞ্চম ছুইডেন; ষষ্ঠ স্থানত নৰৱে, সপ্তমত নেদাৰলেণ্ড, অষ্টমত ইজৰাইল, নৱমত লাক্সেমবার্গ আৰু দশমত ছুইজাৰলেণ্ড। তালিকাৰ সর্বনিম্ন স্থানত আছে যুদ্ধৰত কিছু দেশ। এই তালিকাত আটাইতকৈ অসুখী দেশৰ স্থানত আছে আফগানিস্তান। 


আফগানিস্তানৰ ওপৰত আছে ক্রমে ছিয়েৰা লিওন, মালাৱী। আটাইতকৈ অসুখী ১০খন দেশৰ আনকেইখন হ'ল জিম্বাবুৱে, ব'টছোৱানা, য়েমেন, ডি আৰ কংগো, ইজিপ্ট আৰু টাঞ্জানিয়া। এই সুখ নিৰ্ধাৰণত ছটা কাৰকৰ মূল্যায়ন কৰা হৈছিল। সেইকেইটা হৈছে জনমূৰি মুঠ ঘৰুৱা উৎপাদন, আয়ুকাল (লাইফ এক্সপেক্টেন্চি), সামাজিক সহায়, জীৱনৰ বাছনিবোৰৰ ক্ষেত্ৰত স্বাধীনতা, উদাৰতা আৰু দুৰ্নীতিৰ ধাৰণা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ