--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আইডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল আৰু বন্ধুত্ব গঢ়ি তোলাৰ পিছত তেওঁলোকৰ লগত চ্যাট কৰিছিল।

ডিজিটেল ডেস্কঃ  ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আইডি তৈয়াৰ কৰি বহু পুৰুষক শলঠেকত পেলালে এজন যুৱকে। ৰাজস্থান আলৱাৰৰ বৈশালী নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন দুষ্ট চাইবাৰ অপৰাধীক।


ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আইডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল আৰু বন্ধুত্ব গঢ়ি তোলাৰ পিছত তেওঁলোকৰ লগত চ্যাট কৰিছিল। ইয়াৰ পিছত ভিডিঅ’ কলত অশ্লীল ভিডিঅ’ কৰি ব্লেকমেইল কৰিছিল। আৰক্ষীয়ে অভিযুক্তৰ মোবাইলৰ পৰা বহু লোকৰ অশ্লীল ভিডিঅ’ উদ্ধাৰ কৰিছে।


আলৱাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৰণ কাম্বলে জনোৱা মতে, বৈশালী নগৰ আৰক্ষী থানাই মুস্তাক খান নামৰ চাইবাৰ অপৰাধীজনক গ্ৰেপ্তাৰ কৰিছে। ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মহিলাৰ ভুৱা আইডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত মুস্তাক খানে তেওঁলোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। ছোৱালীৰ অভিনয় কৰি মুস্তাকে বহু পুৰুষক নিজৰ ফান্দত আবদ্ধ কৰি ৰাখিছিল। মানুহবোৰ যেতিয়া ফান্দত আবদ্ধ হৈ পৰে তেতিয়া তেওঁ ভিডিঅ’ কল কৰি পৰ্ণগ্ৰাফিক ছবি দেখুৱাইছিল।


ইয়াৰ পিছত মুস্তাকে স্ক্ৰীণ ৰেকৰ্ডিঙৰ জৰিয়তে ভুক্তভোগীৰ ভিডিঅ’ বনাইছিল আৰু ভাইৰেল কৰাৰ ভাবুকি দি ধন দাবী কৰিছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে অভিযুক্ত মুস্তাকে এটা বিশেষ এপৰ সহায়ত ছোৱালীৰ দৰে মাত উলিয়াইছিল যাতে কাৰো সন্দেহ নহয়।


মুস্তাকৰ পৰা নগদ ৩০ হাজাৰ টকা আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ মোবাইলৰ পৰা বহু আপত্তিজনক তথ্য উদ্ধাৰ কৰা হৈছে।


মুস্তাক খানক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ