--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আইডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল আৰু বন্ধুত্ব গঢ়ি তোলাৰ পিছত তেওঁলোকৰ লগত চ্যাট কৰিছিল।

ডিজিটেল ডেস্কঃ  ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আইডি তৈয়াৰ কৰি বহু পুৰুষক শলঠেকত পেলালে এজন যুৱকে। ৰাজস্থান আলৱাৰৰ বৈশালী নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন দুষ্ট চাইবাৰ অপৰাধীক।

ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আইডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল আৰু বন্ধুত্ব গঢ়ি তোলাৰ পিছত তেওঁলোকৰ লগত চ্যাট কৰিছিল। ইয়াৰ পিছত ভিডিঅ’ কলত অশ্লীল ভিডিঅ’ কৰি ব্লেকমেইল কৰিছিল। আৰক্ষীয়ে অভিযুক্তৰ মোবাইলৰ পৰা বহু লোকৰ অশ্লীল ভিডিঅ’ উদ্ধাৰ কৰিছে।

আলৱাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৰণ কাম্বলে জনোৱা মতে, বৈশালী নগৰ আৰক্ষী থানাই মুস্তাক খান নামৰ চাইবাৰ অপৰাধীজনক গ্ৰেপ্তাৰ কৰিছে। ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মহিলাৰ ভুৱা আইডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত মুস্তাক খানে তেওঁলোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। ছোৱালীৰ অভিনয় কৰি মুস্তাকে বহু পুৰুষক নিজৰ ফান্দত আবদ্ধ কৰি ৰাখিছিল। মানুহবোৰ যেতিয়া ফান্দত আবদ্ধ হৈ পৰে তেতিয়া তেওঁ ভিডিঅ’ কল কৰি পৰ্ণগ্ৰাফিক ছবি দেখুৱাইছিল।

ইয়াৰ পিছত মুস্তাকে স্ক্ৰীণ ৰেকৰ্ডিঙৰ জৰিয়তে ভুক্তভোগীৰ ভিডিঅ’ বনাইছিল আৰু ভাইৰেল কৰাৰ ভাবুকি দি ধন দাবী কৰিছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে অভিযুক্ত মুস্তাকে এটা বিশেষ এপৰ সহায়ত ছোৱালীৰ দৰে মাত উলিয়াইছিল যাতে কাৰো সন্দেহ নহয়।

মুস্তাকৰ পৰা নগদ ৩০ হাজাৰ টকা আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ মোবাইলৰ পৰা বহু আপত্তিজনক তথ্য উদ্ধাৰ কৰা হৈছে।

মুস্তাক খানক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ